ETV Bharat / state

স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তিকলৈ ডিফুত অব্যাহত প্ৰতিবাদ

author img

By

Published : Oct 6, 2021, 10:34 PM IST

স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তিকলৈ ডিফুত অব্যাহত প্ৰতিবাদ
স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তিকলৈ ডিফুত অব্যাহত প্ৰতিবাদ

বুধবাৰে পুৱাৰ ভাগত ডিফুৰ ছেমছনছিং সোঁৱৰণী উদ্যানৰ সন্মূখত কাৰ্বি আংলং জিলাৰ বহু কেইটা ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনৰ নেতা কৰ্মী সমবেত হৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে চুক্তিখনৰ দফা ২/৩ লৈ বিভিন্ন শ্ল’গানৰে ডিফুৰ আকাশ-বতাহ উত্তাল কৰি তোলা পৰিলক্ষিত হয় ৷

ডিফু, ৬ অক্টোবৰ : কেন্দ্ৰ, ৰাজ্য আৰু পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ছটাকৈ উগ্ৰপন্থী সংগঠনৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিৰ বিশেষ দফালৈ জিলাখনত একাংশ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ ইফালে শাসকীয় দল আৰু চুক্তি স্বাক্ষৰকাৰী সকলে উক্ত চুক্তিৰ জৰিয়তে জিলাখনত অভূতপূৰ্ব উন্নয়ন, প্ৰগতি আৰু শান্তিৰ পৰিৱেশ গঢ়ি উঠিব বুলি সভা-সমিতিয়ে কৰি অহা দাবীক জিলাখনৰ একাংশ দল-সংগঠনে নস্যাৎ কৰা পৰলক্ষিত হৈছে ৷

স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তিকলৈ ডিফুত অব্যাহত প্ৰতিবাদ

চুক্তি স্বাক্ষৰ কৰাৰ পিছৰ পৰাই জিলাখনৰ বিভিন্ন প্ৰান্তত চুক্তিৰ কেতবোৰ দফাৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ কৰি আহিছে ৷ বুধবাৰে পুৱাৰ ভাগত ডিফুৰ ছেমছনছিং সোঁৱৰণী উদ্যানৰ সন্মূখত জিলাখনৰ বহু কেইটা ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনৰ নেতা কৰ্মী সমবেত হৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে চুক্তিখনৰ দফা ২/৩ লৈ বিভিন্ন শ্ল’গান আওৰাই ডিফুৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷

চুক্তিখনৰ উক্ত দফা বাতিল কৰিবলৈ প্ৰতিবাদকাৰী সকলে কাৰ্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰথনত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙ, এপিএইছএলচিৰ সভাপতি জন ইংতি কাথাৰ, জাকাছৰ অধ্যক্ষ খৰছিং টেৰণ, কাৰ্বি নিমচ' চিংথুৰ আচঙৰ সভানেত্ৰী মেৰিনা বে'পী, হিলছ ট্ৰাইবেল লীগৰ সভাপতি ছাইছিং ৰংপি, কাৰ্বি ছাত্ৰ সন্থা, চিচিইউৰ উপসভাপতি ৰবিন্দ্ৰ ৰংপি, ২৪টাকৈ সংগঠনৰ আহ্বায়ক ৰতন টেৰাঙ ,লিটচন ৰংফাৰ, প্ৰাক্তন ইউপিডিএছৰ ছাৰছিং টেৰণে স্বাক্ষৰ প্ৰদান কৰে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এপিএইছএলচিৰ সভাপতি জন ইংতি কাথাৰে কয় যে, পাৰ্বত্য জিলাখনত বসবাস কৰা ক্ষুদ্ৰ জনজাতিৰ বাবে সংবিধানত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰা হৈছে ৷ পৰিষদীয় নিৰ্বাচনত ১০ খন আসনৰ বাবে মুকলি প্ৰতিদ্বন্দ্বিতা কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে নেতা গৰাকীয়ে ৷ অনতি পলমে পৰিষদৰ সকলো আসন জনজাতি লোক সকলৰ বাবে সংৰক্ষণ নকৰিলে আগলৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷

আনহাতে এপিএইছএলচিৰ মুখপাত্ৰ আংতং ইংতিয়ে শান্তি চুক্তিৰ ২/৩ নং দফা কোনো কাৰণতে মানি লোৱা নহব বুলি কয় ৷ উক্ত দফা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চুক্তিখনত অন্তৰ্ভুক্ত কৰা হয় ৷ সেয়ে মুখ্যমন্ত্ৰী গ'বেক বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে ৷ এক যুটীয়া প্ৰেছ বিবৃতি যোগে প্ৰতিবাদকাৰী দল-সংগঠন সমুহে চুক্তি স্বাক্ষৰকাৰী সংগঠন সমূহক আদৰণি জনোৱাৰ লগতে তেওঁলোক শান্তি চুক্তিৰ বিৰোধী নহয় বৰঞ্চ চুক্তিখনৰ ২/৩ নং অনুচ্ছেদৰহে বিৰোধিতা কৰা বুলি স্পষ্ট কৰি দিয়ে ৷

এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক সকলো পক্ষৰ সৈতে আলোচনাৰ জৰিয়তে এক গ্ৰহণযোগ্য সমাধান সূত্ৰ উলিয়াবলৈ বিবৃতিটোত উল্লেখ কৰিছে ৷ আনহাতে আজিৰ প্ৰতিবাদী সভাত জিলা কংগ্ৰেছৰ কেইবাগৰাকী নেতাই অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়কঃ দুগ্ধ উৎপাদনত অসমক সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল কৰাটো চৰকাৰৰ লক্ষ্য : অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.