ETV Bharat / state

দুগ্ধ উৎপাদনত অসমক সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল কৰাটো চৰকাৰৰ লক্ষ্য : অতুল বৰা

author img

By

Published : Oct 6, 2021, 9:22 PM IST

বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত 'পূৰবী দুগ্ধ দিৱস,২০২১' অনুষ্ঠানৰ আয়োজন কৰে । অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ।

দুগ্ধ উৎপাদনত অসমক সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল কৰাটো চৰকাৰৰ লক্ষ্য: অতুল বৰা
দুগ্ধ উৎপাদনত অসমক সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল কৰাটো চৰকাৰৰ লক্ষ্য: অতুল বৰা

গুৱাহাটী, ৬ অক্টোবৰ : অসমৰ দুগ্ধ উৎপাদন ক্ষেত্ৰখনত উল্লেখযোগ্য অৱদান আগবঢ়াই অহা 'পূৰবী ডেইৰী' অৰ্থাৎ পশ্চিম অসম গাখীৰ উৎপাদক সমবায় ইউনিয়ন লিমিটেডে বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত 'পূৰবী দুগ্ধ দিৱস,২০২১' অনুষ্ঠানৰ আয়োজন কৰে । অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ।

দুগ্ধ উৎপাদনত অসমক সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল কৰাটো চৰকাৰৰ লক্ষ্য: অতুল বৰা
দুগ্ধ উৎপাদনত অসমক সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল কৰাটো চৰকাৰৰ লক্ষ্য: অতুল বৰা

অনুষ্ঠানত শ্ৰেষ্ঠ দুগ্ধ উৎপাদক সমবায় সমিতি, শ্ৰেষ্ঠ মহিলা দুগ্ধ উৎপাদক বঁটা, শ্ৰেষ্ঠ নিয়মিতভাৱে গাখীৰ যোগান ধৰা দুগ্ধ উৎপাদক, শ্ৰেষ্ঠ কৃত্ৰিম প্ৰজনন কৰ্মকৰ্তাৰ বঁটা লিমিটেডৰ দ্বাৰা নিৰ্বাচিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দুগ্ধ উৎপাদকসকলক বিতৰণ কৰা হয় । বঁটাসমূহ বিতৰণ কৰে মন্ত্ৰী অতুল বৰাই ।

ভাষণ প্ৰসংগত তেওঁ কয়-' দুগ্ধ উৎপাদনত অসমক সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল কৰাটো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ চৰকাৰৰ অন্যতম শক্তিশালী লক্ষ্য । এই লক্ষ্যত উপনীত হ'বৰ বাবে দুগ্ধপালকসকলক সবল ভূমিকা গ্ৰহণ কৰিব লাগিব ।

অনুষ্ঠানত অসম চৰকাৰৰ সমবায় বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক উৎপল শৰ্মা, পশ্চিম অসম গাখীৰ উৎপাদক সমবায় ইউনিয়ন লিমিটেডৰ পৰিচালন সঞ্চালক প্ৰমুখ্যে দুগ্ধপালকসকলক উপস্থিত আছিল ।

লগতে পঢ়কঃ অসুস্থতাৰ নাটক : মেডিকেল ব’ৰ্ডে ধৰা পেলালে ৰাজকন্যাৰ ফাঁকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.