ETV Bharat / state

Historic verdict of Diphu Judicial Court: তিনি গণ ধৰ্ষণকাৰীক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড

author img

By

Published : Feb 18, 2022, 9:21 PM IST

Judgment of gang raped case at Diphu
ডিফু ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান

ডিফু ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান ! প্ৰায় 40 বছৰৰ অন্তত তিনি গণ ধৰ্ষণকাৰীক দহ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে ডিফু ন্যায়িক আদালতে (Three gang rapists sentenced to ten years rigorous imprisonment) ৷

ডিফু, ১৮ ফেব্ৰুৱাৰী : সুদীৰ্ঘ চল্লিছ বছৰ পিছত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানৰ দুগৰাকী ধৰ্ষিতাই লাভ কৰিলে ন্যায় ৷ প্ৰাপ্ত খবৰ অনুসৰি, বোকাজানৰ কৰ্দৈগুৰিত সংঘটিত হোৱা এক গণধৰ্ষণ(Sexual assault case at Diphu)ৰ ঘটনাত দোষী সাব্যস্ত হোৱা তিনি অভিযুক্ত শুকুৰবাৰে ডিফু ন্যায়িক আদালতে ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে (Three gang rapists sentenced to ten years rigorous imprisonment) ৷

ডিফুস্থিত জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ সহকাৰী সত্ৰ ন্যায়াধীশ মিছবাহ উল হাছান আনচাৰীৰ আদালতে তিনি অভিযুক্ত ক্ৰমে, ভদ ওৰাং, তমু ওৰাং আৰু নিৰঞ্জন কৰ্মকাৰক দহ বছৰকৈ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে বিশ হাজাৰকৈ টকাৰ জৰিমনা বিহে ৷ জৰিমনা আদায় দিয়াত ব্যৰ্থ হ’লে দোষীয়ে অতিৰিক্তভাৱে আৰু তিনিমাহৰ বাবে কাৰাবাস থাকিব লাগিব ৷

ডিফু ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান

লগতে পঢ়ক : Shahdara gang rape case: শ্বাহদাৰাৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ ১১ গৰাকী

উল্লেখ্য যে, অতিৰিক্ত লোক অধিবক্তা সঞ্জয় যাদৱে জানিবলৈ দিয়া অনুসৰি, ১৯৮২ ডিচেম্বৰ মাহত বোকাজান থানা এলেকাৰ কৰ্দৈগুৰী পথাৰত ঘটনাৰ ভুক্তভোগী কিশোৰীদ্বয়ে পৰিয়ালৰ সৈতে ধান দাই আছিল ৷ এই ধান দাই থকা অৱস্থাতে কেইবাজনীয়া এটা দুৰ্বৃত্তৰ দলে পৰিয়ালটোক মাৰপিট কৰাৰ লগতে দুই কিশোৰীক অপহৰণ কৰি নি শ্লীলতাহানি কৰে ৷

ইয়াৰে এগৰাকী কিশোৰীয়ে উক্ত দিনা পুৱতি নিশা দুৰ্বৃত্তৰ দলটোৰ কৱলৰ পৰা পলাই সাৰি যাবলৈ সক্ষম হৈছিল আৰু কাষ চাপিছিল আৰক্ষীৰ ৷ ইয়াৰ বিপৰীতে আনগৰাকী ভুক্তভোগী কিশোৰীক কেইবাদিনৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ তেতিয়াৰ পৰাই সুদীৰ্ঘ দিন ধৰি বিচাৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ অন্তত শুকুৰবাৰ অৰ্থাৎ 2022 বৰ্ষৰ 18 ফেব্ৰুৱাৰীত আদালতে প্ৰদান কৰে এই ঐতিহাসিক ৰায়দান ৷

লগতে পঢ়ক : Encounter in Rangia: ৰঙিয়াত আৰক্ষীৰ গুলীত আহত ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.