ETV Bharat / state

Karbi Youth Festival: ডিফুত কাৰ্বি যুৱ মহোৎসৱৰ প্ৰাক্তন আয়োজক সমিতিৰ কৰ্মকৰ্তাসকলক সম্বৰ্দ্ধনা

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 9:46 PM IST

Updated : Sep 9, 2023, 10:01 PM IST

কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত দিন জোৰা কাৰ্যসূচীৰে এক সম্বৰ্দ্ধনা অনুষ্ঠান আয়োজন কৰা হয় ডিফুত ৷ কাৰ্বি যুৱ মহোৎসৱৰ আয়োজক সমিতিৰ কৰ্মকৰ্তাসকলক সম্বৰ্দ্ধনা ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷
Karbi Youth Festival
ডিফুত কাৰ্বি যুৱ মহোৎসৱৰ আয়োজক আদৰণি সমিতিৰ কৰ্মকৰ্তা সকলক সস্বৰ্ধনা

ডিফুত কাৰ্বি যুৱ মহোৎসৱৰ প্ৰাক্তন আয়োজক সমিতিৰ কৰ্মকৰ্তাসকলক সম্বৰ্দ্ধনা

ডিফু, 9 ছেপ্টেম্বৰ : কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত শনিবাৰে ডিফু ৰংনিহাঙৰ কাৰ্বি ক্লাৱৰ প্ৰাংগনত দিন জোৰা কাৰ্যসূচীৰে এক সম্বৰ্দ্ধনা অনুষ্ঠান আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত কাৰ্বি যুৱ মহোৎসৱৰ প্ৰাক্তন আয়োজক সমিতিৰ কৰ্মকৰ্তাসকলক কাৰ্বি প'হ আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে ডিফুত 1974 চন (প্ৰথম), 1975 (দ্বিতীয়), 1976 (তৃতীয়), 1984 (দশম) আৰু 1987 চনত অনুষ্ঠিত হোৱা ত্ৰয়োদশ কাৰ্বি যুৱ মহোৎসৱৰ আয়োজক আদৰণি সমিতিৰ কৰ্ম-কৰ্তাসকলক আদৰণি জনোৱা হয় ৷

কাৰ্বি সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’য়ে আত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷ উক্ত অনুষ্ঠত অংশ গ্ৰহণ কৰি ৰংহাঙে কয় যে, স্বকীয় ভাষা, ক'লা-কৃষ্টি, সাজপাৰ জাতিটোৰ পৰিচয় ৷ প্ৰথম কাৰ্বি যুৱ মহোৎসৱৰ অনুষ্ঠান ডিফুৰ কাৰ্বি ক্লাৱত 1974 চনত আৰম্ভ হৈছিল ৷ সেই দিনটো জিলাখনৰ বাবে উল্লেখযোগ্য দিন বুলি উল্লেখ কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেলেণ্ডাৰত কাৰ্বি যুৱ মহোৎসৱৰ আৰম্ভৰ প্ৰথম দিনটো বন্ধৰ দিন হিচাপে বিবেচনা কৰা হ’ব ৷

ডিফুত পাঁচবাৰ কাৰ্বি যুৱ মহোৎসৱৰ আয়োজক সমিতিৰ কৰ্মকৰ্তাসকলক আমন্ত্ৰিত অতিথিৰ দ্বাৰা সম্বৰ্দ্ধনা জনোৱাৰ ওপৰি অভিনন্দন জ্ঞাপন কৰা হয় ৷ কাৰ্বি সাংস্কৃতিক সমাজৰ সোণালী জয়ন্তী উৎযাপন বৰ্ষৰ লগত সংগতি ৰাখি কাৰ্বি যুৱ মহোৎসৱৰ আয়োজক সমিতিৰ কৰ্মকৰ্তাসকলক সম্বৰ্দ্ধনা জনোৱা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ এই কথা জানিবলৈ দিছে কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰ'য়ে ৷ অনুষ্ঠানত কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ, কাৰ্বি লামমেত আমেইৰ সম্পাদক জয়ছিং তকবি, লোক সংস্কৃতিৰ গৱেষক লুনছে তিমুঙেও চমু ভাষণ আগবঢ়ায় ৷

লগতে পঢ়ক: Karbi Youth Festival: কাৰ্বি যুৱ মহোৎসৱলৈ যুদ্ধংহেদী তৎপৰতা

Last Updated :Sep 9, 2023, 10:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.