ETV Bharat / state

শান্তি ঘূৰি আহিছে কাৰ্বি পাহাৰলৈ

author img

By

Published : Oct 26, 2021, 4:56 PM IST

ex karbi extremist groups are welcomed by common people in karbi hills
শান্তি ঘূৰি আহিছে কাৰ্বি পাহাৰত !

শান্তি ঘূৰি আহিছে কাৰ্বি পাহাৰলৈ ৷ কাৰ্বি সশস্ত্ৰ-সংগ্ৰামী সকল মূলসুঁতিলৈ উভতি অহা উপলক্ষে কাৰ্বি-আংলং আৰু নগাঁও জিলাৰ সীমামূৰীয়া চুচেন ধেণ্টাত আয়োজন কৰা হয় অঞ্চলটোৰ কাৰ্বি জনসাধাৰণৰ উদ্যোগত এক আদৰণি অনুষ্ঠান ৷

কলিয়াবৰ, 26 অক্টোবৰ : দীঘলীয়া সময় অতিবাহিত কৰা কাৰ্বি সশস্ত্ৰ সংগ্ৰামীৰ নতুন পদক্ষেপে কাৰ্বি-আংলঙত এক শান্তিৰ বাতাবৰণৰ সৃষ্টি কৰিছে । তাৰ উমান পোৱা গ'ল সোমবাৰে কাৰ্বি-আংলং আৰু নগাঁও জিলাৰ সীমামূৰীয়া চুচেন ধেণ্টাত । ২০২১ চনৰ ২ ছেপ্তেম্বৰৰ দিনটো আছিল কাৰ্বি জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন । এই দিনটোতে কেন্দ্ৰীয় চৰকাৰ আৰু কাৰ্বি-আংলঙৰ সশস্ত্ৰ সংগ্ৰামীসকলৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হয় ।

শান্তি ঘূৰি আহিছে কাৰ্বি পাহাৰত !

সেই চুক্তি অনুসৰি কাৰ্বি জনগোষ্ঠীয় ভালেকেইটা সশস্ত্ৰ সংগ্ৰামী গোটে সমগ্ৰ কাৰ্বি-আংলঙৰ শান্তি আৰু উন্নয়নৰ স্বাৰ্থত মূলসুঁতিলৈ ঘূৰি অহাৰ সংকল্প লৈছিল । যোৱা সোমবাৰে নগাঁও আৰু কাৰ্বি-আংলঙৰ সীমামূৰীয়া চুচেন ধেন্তা কাৰ্বি পৰিষদীয় এলেকাত মূল সুঁতিলৈ ঘূৰি অহা সশস্ত্ৰ সংগ্ৰামীসকলক ৰাজহুৱা ভাৱে সম্বৰ্দ্ধনা জনালে চুচেন ধেন্তা উন্নয়ন পৰিষদ আৰু কাৰ্বি ছাত্ৰ সন্থা আৰু ইউথ ফ্ৰণ্টে ।

কাৰ্বি-আংলঙৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ বাট লোৱা যুৱক-যুৱতীসকলে পাহাৰীয়া অঞ্চলটোৰ শান্তি আৰু উন্নয়নৰ স্বাৰ্থত লোৱা এই অভূতপূৰ্ব সিদ্ধান্তৰ বাবে সকলোৱে এখেমুখে শলাগ লয় । সম্বৰ্দ্ধনা অনুষ্ঠানত মূলসুঁতিলৈ উভতি অহা সদ্য প্ৰাক্তন সশস্ত্ৰ সংগ্ৰামীসকলৰ লগতে কাৰ্বি-আংলঙৰ বিভিন্ন স্তৰৰ গণ্য-মাণ্য ব্যক্তিসকলৰ লগতে বহু সংখ্যক স্থানীয় লোক উপস্থিত আছিল ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.