ETV Bharat / state

Drug Peddlers Arrested in Maibong:মাইবং আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jul 5, 2023, 10:52 PM IST

Drug Peddlers Arrested in Maibong
Drug Peddlers Arrested in Maibong

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ডিমা হাছাও জিলাতো আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ মাইবং আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী ৷

হাফলং,5 জুলাই: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ডিমা হাছাও জিলাতো ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । মঙলবাৰে সন্ধিয়া 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাইবঙৰ জিৰো পয়েন্টত তালাচী চলায় আৰক্ষীয়ে ৷ লংকাৰ পৰা মাইবাং অভিমুখী এএছ08-চি 2226 নম্বৰৰ যাত্ৰীবাহী বাছত মাইবং আৰক্ষীয়ে তালাচী চলাই ৷ তালাচীৰ সময়তে ড্ৰাগছসহ দুই যুৱকক আটক কৰে ৷ আটক কৰা দুই যুৱক উলাঘ কেম্প্ৰাই আৰু ৰাহুল থাওচেন বুলি জানিব পৰা গৈছে ৷ ধৃত দুই যুৱকৰ পৰা 7 টা প্লাষ্টিকৰ কন্টেইনাৰৰ সহ 7.60 গ্ৰাম হেৰোইন, চিৰিঞ্জ জব্দ কৰে আৰক্ষীয়ে। আটকাধীন দুই যুৱকৰ ঘৰ মাইবঙত বুলি জানিবলৈ দিছে আৰক্ষীয়ে । ইফালে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে যাত্ৰীবাহী বাছখনত তালাচী চলাইছিল ৷

Drug Peddlers Arrested in Maibong
মাইবাং আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

এক প্ৰকাৰ ডিমা হাছাও জিলা ড্ৰাগছৰ ভূ-স্বৰ্গলৈ পৰিণত হৈছে । পাহাৰীয়া জিলাখনৰ য’তে ত’তে ড্ৰাগছ এতিয়া সহজলভ্য হৈ পৰিছে । ড্ৰাগছৰ কবলত পাহাৰীয়া জিলা খনৰ যুৱ সমাজ ৷ পাহাৰী জিলাখনৰ নৱপ্ৰজন্ম ধ্বংসৰ দিছে গতি কৰিছে নেকি !

পাহাৰীয়া জিলাখন ড্ৰাগছ মুক্ত কৰাৰ বাবে আৰক্ষীয়ে প্ৰতিদিনে চলাইছে অভিযান ৷ আৰক্ষী যদি ডালে ডালে ড্ৰাগছ সৰবৰাহকাৰীও পাতে পাতে ৷ আৰক্ষীৰ চকুত ধূলি মাৰি ড্ৰাগছ সৰবৰাহকাৰীয়ে ন ন কৌশলেৰে অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহ ৷ প্ৰতিদিনেই ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইৰ পৰা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। তাৰ পাচতো জিলাখনত অব্যাহত আছে ড্ৰাগছৰ বেহা ৷

লগতে পঢ়ক:Landslide in Silchar-Aizawl Route :শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.