ETV Bharat / state

Odisha train tragedy: ওড়িশাৰ AIIMSত চিকিৎসাধীন ৰে’ল দুৰ্ঘটনাত আহত অসমৰ দুলাল; পুত্ৰত সাক্ষাৎ কৰি আৱেগিক পিতৃ

author img

By

Published : Jun 10, 2023, 9:23 PM IST

Odisha train accident
Odisha train accident

ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাস্থলীৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হ’ল অসমৰ আন এগৰাকী লোকক ৷ অসমৰ দুলাল মজুমদাৰ নামৰ লোকজনক উদ্ধাৰ ৷ সম্প্ৰতি ওড়িশাৰ AIIMSত চিকিৎসাধীন হৈ আছে দুলাল (Odisha AIIMS) ৷

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত আহত অসমৰ যুৱক

নেশ্যনেল ডেস্ক, 10 জুন: ওড়িশাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনাৰ বিভীষিকা এতিয়াও মাৰ যোৱা নাই (Train accident in Odisha) ৷ সেই ভয়াৱহ ৰে’ল দুৰ্ঘটনাটোত আহত হৈছিল অসম দুলাল মজুমদাৰ নামৰ এগৰাকী ব্যক্তি ৷ ওড়িশাৰ AIIMS ত সম্প্ৰতি চিকিৎসাধীন দুলাল মজুমদাৰ ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ এটা সপ্তাহৰ পাচত অৰ্থাৎ শনিবাৰে দুলালক সাক্ষাৎতৰ বাবে AIIMSত অসমৰ পৰা গৈ উপস্থিত হয় তেওঁৰ পৰিয়ালৰ লোক ৷ একপ্ৰকাৰৰ মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি আহি পৰিয়ালৰ লোকক দেখা পায় অতি আৱেগিক হৈ পৰে দুলাল ৷

উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল গাঁৱৰ নিবাসী আছিল দুলাল মজুমদাৰ ৷ প্ৰশাসনে চলোৱা অভিযানৰ সময়ত দুৰ্ঘটনাস্থলীৰ পৰা আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল দুলালক ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ তিনিটা দিন পাচত অৰ্থাৎ 5 জুন তাখিছে AIIMSত ভৰ্তি কৰোৱা হয় লোকজনক (Odisha train accident injured) ৷

AIIMSত ভৰ্তি কৰোৱাৰ পাচতেই সাংবাদিকে তেওঁৰ পৰা তথ্য লৈ পৰিয়ালৰ লোকক চিকিৎসাধীন হৈ থকাৰ কথা অৱগত কৰে ৷ পুত্ৰ জীৱিত থকাৰ খবৰ লাভ কৰাৰ পাচতেই শনিবাৰে ওড়িশাত হৈ উপস্থিত হৈ তেওঁৰ পিতৃ ৷

‘‘দুলালক বালাছোৰৰ পৰা ব্যক্তিগত এম্বুলেন্সত AIIMS লৈ অনা হৈছিল ৷ তেওঁৰ মূৰত তেজ বিৰিঙি আছিল আৰু মগজুত আঘাত পাইছিল ৷ তেওঁ অচেতন অৱস্থাত আছিল লগতে মূৰত তেজ জমা হৈছিল ৷ তেওঁক ডাঃ চিন্ময়ী দাসৰ দ্বাৰা অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু এতিয়া যথেষ্ঠ পৰিমাণে সুস্থ হৈ উঠিছে (Bahanaga train mishap victim) ৷’’ এগৰাকী চিকিৎসকে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় ৷

‘‘চিকিৎসালয়ত অনাৰ সময়ত তেওঁৰ অৱস্থা অতি বেয়া আছিল ৷ অস্ত্ৰোপচাৰৰ পিচত তেওঁৰ অৱস্থা উন্নত হৈছে ৷’’ আন এগৰাকী চিকিৎসকে কয় ৷ ‘‘মোৰ পুত্ৰৰ চিকিৎসাৰ বাবে লোৱা সকলো প্ৰচেষ্টাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো ৷ মোক পুত্ৰৰ খবৰ দিয়াৰ বাবে আৰু তেওঁক সাক্ষাতৰ বাবে সুবিধা প্ৰদান কৰাৰ বাবে মই সাংবাদিক আৰু চিকিৎসকসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷’’ দুলালৰ পিতৃয়ে সংবাদ মাধ্যৰ আগত এই কথা উল্লেখ কৰে ৷

লগতে পঢ়ক: Sonu Sood: ওড়িশাৰ দুৰ্ঘটনাত পতিত লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিল চনু সুদ, মুকলি কৰিলে হেল্পলাইন নম্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.