ETV Bharat / entertainment

Sonu Sood: ওড়িশাৰ দুৰ্ঘটনাত পতিত লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিল চনু সুদ, মুকলি কৰিলে হেল্পলাইন নম্বৰ

author img

By

Published : Jun 7, 2023, 5:45 PM IST

Sonu Sood Launches Helpline For Odisha Train Accident Victims Families
ওড়িশা ৰে’ল দুৰ্ঘটনাৰ বাবে মুকলি হেলপলাইন

ওড়িশা ৰে’ল দুৰ্ঘটনাৰ বাবে হেল্পলাইন মুকলি কৰিলে চনু সুদে ৷ ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত আপোনজনক হেৰুওৱা ভুক্তভোগীক সহায়ৰ বাবে এই বৃহৎ পদক্ষেপ লৈছে চনু সুদে ৷

চিটাৰা ডেস্ক, 7 জুন: চনু সুদ হৈছে বলীউডৰ এনে এগৰাকী অভিনেতা, যিগৰাকীক কেৱল অভিনয়ৰ বাবেই নহয়, তেওঁৰ উদাৰতাৰ বাবেও ভাল পায় অনুৰাগীয়ে । প্ৰায়ে বিপদত পৰা মানুহক সহায় আগবঢ়োৱা দেখা যায় অভিনেতাগৰাকীক ৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে সহায় কৰিবলৈ আগবাঢ়ি যায় অভিনেতাগৰাকী (Sonu Sood)।

কৰ'ণা কালত তেওঁ বহু পৰিয়ালক তেওঁলোকৰ আপোনজনক লগ পোৱাত সহায় কৰিছিল । এতিয়া পুনৰ এবাৰ অভিনেতাজনে নিজৰ মহানুভৱতাৰ পৰিচয় দিয়ে। ওড়িশাৰ বালাছোৰ জিলাত সংঘটিত হোৱা হৃদয়বিদাৰক ৰে’ল দুৰ্ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালক সহায় কৰাৰ আশ্বাস প্ৰদান কৰে অভিনেতাগৰাকীয়ে (Sonu Sood Launches Helpline For Odisha Train Accident) ৷ অভিনেতাগৰাকীয়ে এই খবৰ টুইটযোগে শ্বেয়াৰ কৰে ৷

চনু সুদে শ্বেয়াৰ কৰিলে হেল্পলাইন নম্বৰ

৩ জুনত চনু সুদে ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত আপোনজনক হেৰুওৱা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি এক হৃদয়স্পৰ্শী বাৰ্তা শ্বেয়াৰ কৰিছিল । এতিয়া অভিনেতাগৰাকীয়ে ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোকসকলক সহায় কৰিবলৈ এটা টুইট কৰিছে (Odisha Train Accident news) ।

অভিনেতাগৰাকীয়ে টুইট কৰি কয় যে, “ওড়িশাৰ ট্ৰেজেডীত পৰিয়াল হেৰুওৱা ভুক্তভোগীসকলক তেওঁলোকৰ জীৱন পুনৰ নিৰ্মাণৰ বাবে সহায় কৰা হ’ব”। লগতে তেওঁ সৰ্বাধিক সংখ্যক লোকসকলক সহায় কৰিব পৰাকে এই টুইটটো তেওঁৰ চেৰিটি ফাউণ্ডেশ্যনৰ পৰাও শ্বেয়াৰ কৰে। ওড়িশাৰ ভুক্তভোগীক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত শলাগ লৈছে ।

পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন

ইয়াৰ পূৰ্বে এটা টুইটযোগে চনু সুদে ওড়িশা ৰে’ল দুৰ্ঘটনাত নিহতসকলৰ বাবে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল । ভিডিঅ’টো শ্বেয়াৰ কৰি কয়, ‘‘কালি ওড়িশাত এটা যন্ত্ৰণাদায়ক ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছিল । যাৰ বাবে এই সময়ত সমগ্ৰ দেশ শোকত পৰিছে । দুখৰ বিষয় যে এনে সময়ত মানুহে ইজনে সিজনক তললৈ টানিবলৈ আৰম্ভ কৰিছে, কোনোবাই ভাবিছে নে, সেইসকল পৰিয়াল কোন যন্ত্ৰণাৰ মাজেৰে পাৰ হৈ আছে ।’’

তেওঁ লগতে কয়, ‘‘অতি দুখৰ বিষয় যে আমি দুখী হোৱা বুলি দেখাও, টুইট কৰো আৰু তাৰ পিচত আমাৰ জীৱনত ব্যস্ত হৈ পৰো । কিন্তু ঘৰৰ পৰা ওলাই আহি দৈনিক খাদ্যৰ বাবে উপাৰ্জন কৰা, সেই মানুহবোৰৰ কথা কোনোবাই ভাবিছে নে ?’’

ছ’চিয়েল মিডিয়াত অভিনেতাগৰাকীৰ এই পদক্ষেপক শলাগ ল’য় ৰাইজে

ছ’চিয়েল মিডিয়াত ৰাইজে শলাগ লৈছে চনু সুদৰ এই পদক্ষেপক । এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল, "এইটো আপোনাৰ পৰা আশা কৰা হৈছিল দাদা আৰু এইবাৰো আপুনি আশা পূৰণ কৰিছে। এক হি তোহ দিল হে কিতনি বাৰ জীতোগে ভাই ৷ ’’

লগতে পঢ়ক: Jr NTR-Priyanka Chopra: জুনিয়ৰ এন টি আৰৰ সৈতে প্ৰিয়ংকা চোপ্ৰাৰ ছবি, KGF খ্যাতি প্ৰশান্ত নীল হ’ব পৰিচালক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.