ETV Bharat / entertainment

Jr NTR-Priyanka Chopra: জুনিয়ৰ এন টি আৰৰ সৈতে প্ৰিয়ংকা চোপ্ৰাৰ ছবি, KGF খ্যাতি প্ৰশান্ত নীল হ’ব পৰিচালক !

author img

By

Published : Jun 7, 2023, 4:52 PM IST

জুনিয়ৰ এন টি আৰ আৰু প্ৰিয়ংকা চোপ্ৰাক এইবাৰ একেলগে দেখা যাব এখন ছবিত ৷ হয়, জল্পনা-কল্পনা কৰা হৈছে যে দুয়োকে প্ৰশান্ত নীলৰ পৰৱৰ্তী ছবিত দেখা যাব । অৱশ্যে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ।

Priyanka Chopra to join Jr NTR in KGF fame Prashanth Neels next?
প্ৰিয়ংকা চোপ্ৰাৰ সৈতে জুনিয়ৰ এন টি আৰৰ ছবি

চিটাৰা ডেস্ক, 7 জুন: এছ এছ ৰাজামৌলিৰ ছবি আৰ আৰ আৰৰ অসাধাৰণ সফলতাৰ পিচত এতিয়া অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে জুনিয়ৰ এন টি আৰৰ পৰৱৰ্তী ছবিৰ বাবে । তেওঁৰ বলিষ্ঠ অভিনয় দেখাৰ পিচত ‘গাৰ্ডিয়ানছ অৱ গেলেক্সি’ খ্যাতি বিশ্ববিখ্যাত পৰিচালক জেমছ গানেও তেওঁৰ সৈতে কাম কৰিব বিচাৰে ।

অৱশ্যে এই দক্ষিণৰ অভিনেতাজনৰ বহু প্ৰজেক্ট ভাৰততে শাৰী পাতি আছে । সম্প্ৰতি ‘দেৱৰা’ৰ শ্বুটিঙত ব্যস্ত অভিনেতাগৰাকী । এই ছবিখনত এন টি আৰৰ সৈতে অভিনয় কৰিছে জাহ্নৱী কাপুৰ আৰু ছাইফ আলী খানে । ইফালে তেওঁৰ পৰৱৰ্তী ছবি সন্দৰ্ভতো বহু জল্পনা-কল্পনা চলিছে । জল্পনা-কল্পনা চলি থকা অভিনেতাগৰাকীৰ আগন্তুক ছবিখনত প্ৰিয়ংকা চোপ্ৰা জোনাছে অভিনয় কৰিব বুলি সংবাদ মাধ্যমত চৰ্চা চলিছে ৷

তথ্য অনুসৰি কেজিএফৰ দৰে ছুপাৰহিট ছবি নিৰ্মাণ কৰা প্ৰশান্ত নীলৰ সৈতে কাম কৰিব জুনিয়ৰ এনটিআৰে । পূৰ্বে এই ছবিৰ বাবে দীপিকা পাডুকন, মৃণাল ঠাকুৰৰ দৰে অভিনেত্ৰী সকলৰ নাম চৰ্চালৈ আহিছিল।

প্ৰিয়ংকা চোপ্ৰাক নিৰ্বাচিত কৰা হৈছে

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভাৰত-পাকিস্তান যুদ্ধৰ পটভূমিৰ আধাৰত একচন-প্যাকড চিনেমাখনত মুখ্য চৰিত্ৰৰ বাবে গ্ল’বেল আইকন হিচাপে পৰিগণিত হোৱা প্ৰিয়ংকা চোপ্ৰাৰ বাহিৰে আন কোনো লোকক নিৰ্বাচিত কৰা হোৱা নাই। অৱশ্যে মেকাৰৰ পৰা এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

'War 2' ত থাকিব জুনিয়ৰ এন টি আৰ

খবৰ অনুসৰি জুনিয়ৰ এনটিআৰে ‘ৱাৰ ২’ত হৃতিক ৰোশনৰ সৈতে স্ক্ৰীণ স্পেচ শ্বেয়াৰ কৰা দেখা যাব । জানিব পৰা মতে এই ছবিখন পৰিচালনা কৰিব ‘ব্ৰহ্মাস্ত্ৰ’ ছবিৰ পৰিচালক আয়ান মুখাৰ্জীয়ে।

জুনিয়ৰ এন টি আৰৰ ছবিখনৰ খলনায়ক হ’ব ছাইফ আলী খান

জুনিয়ৰ এন টি আৰৰ ‘দেৱৰা’ ছবিখনৰ জৰিয়তে তেলেগু চলচ্চিত্ৰ জগতত ভৰি দিবলৈ ওলাইছে ছৈফ আলী খানে । ছবিখনত অভিনেতাগৰাকীক ভিলেইনৰ চৰিত্ৰত দেখা যাব । বৰ্তমান এই ছবিখনৰ শ্বুটিং চলি আছে ।

লগতে পঢ়ক: HBD Neha Kakkar : মাতৃয়ে জন্ম দিব খোজা নাছিল নেহা কক্কৰক, সংগ্ৰামৰ পৰা সফলতাৰ কাহিনী জানি লওক নেহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.