ETV Bharat / state

Annual Conference of KERUF : কাৰ্বি শান্তি চুক্তিৰ দুটা বছৰ; ডিফুত প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ প্ৰথম বাৰ্ষিক সমাৰোহ

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 7:39 PM IST

1st Annual Conference of KERUF at Diphu
কাৰ্বি শান্তি চুক্তিৰ দুটা বছৰ

সোমবাৰে ডিফুৰ জয়ছিং দলৈ প্ৰেক্ষাগৃহত কাৰ্বি এক্স ৰিভলুশ্যনাৰী ইউনাইটেড ফ'ৰামৰ সমাৰোহ ৷ 4 ছেপ্টেম্বৰত শান্তি চুক্তিৰ দুটা বছৰ হোৱা উপলক্ষে সংগঠন কেইটাৰ নেতা-কেডাৰ সকল একত্ৰিত হয় ৷

ডিফুত প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সমাৰোহ

ডিফু, 4 ছেপ্টেম্বৰ : কাৰ্বি আংলঙৰ বিদ্ৰোহী সংগঠন কে এল এন এল এফ , পি ডি চি কে , ইউ পি এল এ , কে পি এল টিৰ তিনিটা গোটে 2021 চনৰ 4 ছেপ্টেম্বৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল ৷ ইয়াৰ পিছতে সংগঠন কেইটা আনুষ্ঠানিকভাবে ভংগ কৰা হৈছিল যদিও আটাইকেইটা সংগঠনে কাৰ্বি এক্স ৰিভলুশ্যনাৰী ইউনাইটেড ফ'ৰাম নামৰ এটি সংগঠন গঢ় দি সকলো একত্ৰিত হয় ৷ 4 ছেপ্টেম্বৰত শান্তি চুক্তিৰ দুটা বছৰ হোৱা উপলক্ষে সোমবাৰে ডিফুৰ জয়ছিং দলৈ প্ৰেক্ষাগৃহত সংগঠন কেইটাৰ নেতা-কেডাৰ সকল একত্ৰিত হয় ৷

সংগঠনটোৰ সভাপতি তথা কে এল এন এল এফৰ প্ৰাক্তন সভাপতি পি দিলি ওৰফে প্ৰদীপ তেৰাঙৰ সভাপতিত্ব অনুষ্ঠিত এই সভাত প্ৰাক্তন ইউ পি ডি এছ , প্ৰাক্তন আলফা , প্ৰাক্তন বি এল টি , ইউ কে ডি এ , কে আৰ এ , আলনা আদি সংগঠনৰ নেতৃত্বতই অংশগ্ৰহণ কৰে ৷ সাংসদ হৰেন সিং বে’, আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰসিং ক্ৰ’, কাৰ্বি লামমেত আমেইৰ সম্পাদক জয়ছিং টকবী, জ্যেষ্ঠ সাংবাদিক-লেখক সঞ্জু বৰা প্ৰমুখ্যে কেইবাজনো ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে ৷ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সভাত ভাষণ দি প্ৰাক্তন ইউ পি ডি এছৰ সভাপতি লংছাদৰ ছেনাৰে কয় যে 2011 চনত আমি আৰু 2021 চনত আপোনালোকে এম অ এছ কৰিলে ৷ কিন্তু চৰকাৰে আজিও আমাৰ শান্তি চুক্তিৰ দফা সমূহ পূৰণ কৰা নাই ৷ এই চুক্তি ভুৱা নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ?

আনহাতে সাংসদ তথা প্ৰাক্তন ইউ পি ডি এছৰ সম্পাদক হৰেন ছিং বে’ই সাংবাদিকৰ আগত কয় যে চুক্তিৰ উন্নয়নমূলক দফা সমূহ কাৰ্যকৰী হৈছে ৷ ৰাজনৈতিক দফা সমূহ মেঘালয়ৰ ষষ্ঠ অনুসুচীৰ সমস্যাৰ বাবে হোৱা নাই ৷ মই নিজে চুক্তিত স্বাক্ষৰ কৰিছো ৷ গতিকে ইয়াক কাৰ্যকৰী কৰাৰ দায়িত্ব মোৰো আছে ৷ সেয়ে মই লাগি আছো বুলি কয় সাংসদ গৰাকীয়ে ৷

প্ৰাক্তন বিদ্ৰোহী সকলৰ গোচৰ সমূহৰ সন্দৰ্ভত সাংসদ গৰাকীয়ে কয়, চুক্তিতে আছে যে, গুৰুতৰ অপৰাধৰ গোচৰ ন্যায়ালয়ে বিচাৰ কৰিব ৷ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয় যে, ছটা সংগঠনৰ শান্তি চুক্তিৰ ফলত আজি কাৰ্বি আংলঙত শান্তি আৰু প্ৰগতি দুয়োটা হৈছে ৷ চৰকাৰে চুক্তিৰ সকলো দফা কাৰ্যকৰী কৰিব বুলি তেওঁ কয় ৷ সংগঠনটোৰ মুখপত্ৰ কংকাট টেৰণে সংবাদ মাধ্যমৰ আগত কয় যে শান্তি চুক্তি কাৰ্যকৰী কৰিব লাগে আৰু গোচৰ সমূহ উঠাই ল’ব লাগে ৷ তাৰ বাবে তেওঁলোকে চৰকাৰক আহ্বান জনায় ৷

সাংবাদিক সঞ্জু বৰাই কয় যে চৰকাৰে লালডেংগাৰ এম এন এফৰ লগত কৰা চুক্তিৰ বাহিৰে কোনো চুক্তি কাৰ্যকৰী কৰা নাই ৷ অসম চুক্তিৰ 38 বছৰ হ’ল , ইউ পি ডি এছৰ চুক্তিৰ 12 বছৰ হ’ল, এন এছ চি এনৰ লগত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট 2015 চনতে হ’ল ৷ কিন্তু চুক্তি আজিও কাৰ্যকৰী হোৱা নাই ৷ আলফা , কুকি আদিবাসী আদি সংগঠনৰ লগত শান্তি আলোচনা চলিয়ে আছে ৷ আমি নাগৰিক হিচাবে বিছাৰো শান্তি চুক্তি কাৰ্যকৰী হওক ৷ কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰচিং ক্ৰ, লামমেত আমেইৰ সম্পাদক জয়ছিং টকবী, প্ৰাক্তন আলফা সদস্য দেৱেন শইকীয়াকে ধৰি সকলোৱে 2021 চনৰ এম অ এছ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷

লগতে পঢ়ক : Assam CM Meet Amit Shah : অমিত শ্বাহেৰে আফস্পা সম্পূৰ্ণ প্ৰত্যাহাৰৰ ৰোডমেপ সম্পৰ্কে আলোচনা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.