ETV Bharat / state

Dadagiri in Rangia: ৰঙিয়াত ৱাৰ্ড কমিচনাৰৰ স্বামীৰ দাদাগিৰি

author img

By

Published : Nov 10, 2022, 6:39 PM IST

gundaraj of ward commissioner husband
ৰঙিয়াত ৱাৰ্ড কমিাচনাৰৰ স্বামীৰ দাদাগিৰি

ৰঙিয়া পৌৰসভা(Rangia Municipality)ৰ ৱাৰ্ড কমিচনাৰৰ স্বামীৰ মইমতালি । ঘৰৰ সন্মুখৰ পথেৰে বালি ভৰ্তি ডাম্পাৰ চলাচল কৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ কালভাৰ্টৰ এটা অংশ ভাঙি দিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে(Gundaraj of ward commissioner husband) । ঘটনা সন্দৰ্ভত ৰাইজে দাখিল কৰে এজাহাৰ ।

ৰঙিয়া, ১০ নৱেম্বৰ: ক্ষমতাৰ বলত বলীয়ান ৰঙিয়া নগৰৰ ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰৰ স্বামী । নিজ ময়মতালিৰে ৰঙিয়া পৌৰসভা(Rangia Municipality)ৰ অধীনৰ পথৰ ওপৰত থকা কালভাৰ্ট ভাঙি দিলে ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ৰেচমা বেগমৰ স্বামী ছাহাবুদ্দিন আহমেদে । ঘৰৰ সন্মুখৰ পথেৰে বালি ভৰ্তি ডাম্পাৰ চলাচল কৰাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ কালভাৰ্টটোৰ এটা অংশ ভাঙি দিয়াৰ অভিযোগ ছাহাবুদ্দিন আহমেদৰ বিৰুদ্ধে(Ward Commissioner husband Dadagiri in Rangia) ।

আনকি ডাম্পাৰ চলাচল কৰাৰ বাবে বন বিভাগকো দাবী ধমকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ছাহাবুদ্দিন আহমেদৰ বিৰুদ্ধে । ৱাৰ্ড কমিছনাৰৰ স্বামীৰ এনে কৰ্মকাণ্ডত ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল । স্থানীয় লোকসকলে একগোট হৈ ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত উত্থাপন কৰে অভিযোগ । স্থানীয় ৰাইজে ছাহাবুদ্দিন আহমেদৰ বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰো ।

ৰঙিয়াত ৱাৰ্ড কমিাচনাৰৰ স্বামীৰ দাদাগিৰি

ইয়াৰ পিছতে ১০ নং ৱাৰ্ডৰ বাসিন্দাসকলে ৰঙিয়া পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হৈ সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ । জনপ্ৰতিনিধিৰ স্বামীৰ এনে কাৰ্যক ৰাইজে কোনোপধ্যেই মানি নলয় বুলি সকীয়াই দিয়ে পৌৰপতিক । অতি সোনকালে ৱাৰ্ডটোৰ ৱাৰ্ড কমিছনাৰৰ স্বামী ছাহাবুদ্দিন আহমেদৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় উত্তেজিত ৰাইজে ।

অন্যথা ৰাইজে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । ইফালে কালভাৰ্ট ভাঙি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছাহাবুদ্দিন আহমেদে কয় যে কালভাৰ্ট তেওঁ ভঙা নাই । ডাম্পাৰেহে কালভাৰ্টতো ভঙা বুলি উল্লেখ কৰিলে ছাহাবুদ্দিন আহমেদে ।

লগতে পঢ়ক: DAC Election Result 2022: যোৰহাট পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কেশৱ দেউৰীৰ জয়লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.