ETV Bharat / state

কাৰ ভুলত দুটাকৈ দুস্প্ৰাপ্য শিহুৰ মৃত্যু হ’ল কলহী নৈত ?

author img

By

Published : Sep 2, 2021, 7:30 PM IST

two-river-dolphin-died-in-kolohi-river
কাৰ ভুলত দুটাকৈ দুস্প্ৰাপ্য শিহুৰ মৃত্যু হ’ল কলহী নৈত ?

বকোৰ ছমৰীয়াত কলহী নৈত দুটাকৈ দুষ্প্ৰাপ্য শিহু মৃত অৱস্থাত উদ্ধাৰ হৈছে ৷ অবৈধ বালিৰ খননকে শিহুৰ মৃত্যুৰ কাৰণ হিচাপে গণ্য কৰিছে স্থানীয় ৰাইজে ৷

বকো, 2 চেপ্টেম্বৰ : কামৰূপ জিলাৰ বকোৰ ছমৰীয়াৰ শালমাৰাত সংঘটিত হৈছে এক অঘটন । ইয়াৰে কলহী নৈত উদ্ধাৰ কৰা হৈছে দুটা দুষ্প্ৰাপ্য মৃত শিহু( river dolphin) । বৃহস্পতিবাৰে স্থানীয় লোকে নৈখনৰ পৰা মৃত শিহু দুটা উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে । ইয়াৰ পিছতে, অঞ্চলটোৰ স্থানীয় ৰাইজে এই ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰে ৷

শিহু দুটাৰ মৃত্যুৰ কাৰণ সম্পৰ্কে সঠিককৈ বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ অৱশ্যে স্থানীয় ৰাইজে এই দুস্প্ৰাপ্য শিহু দুটাৰ মৃত্যু নদীত চলাই থকা অবৈধ বালিৰ খননৰ বাবে হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । মন কৰিব লগীয়া বিষয় যে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন স্থানত অসাধু ব্যৱসায়ীয়ে দিনে নিশাই চলাই গৈছে অবৈধ বালি খনন ৷

কাৰ ভুলত দুটাকৈ দুস্প্ৰাপ্য শিহুৰ মৃত্যু হ’ল কলহী নৈত ?

এই অবৈধ খননৰ বাবেই সম্প্ৰতি দক্ষিণ কামৰূপৰ বহু কেইখন নৈৰ অৱস্থা সম্প্ৰতি ভয়াৱহ হৈ পৰিছে । নৈসমূহত বালিৰ খনন চলাই থকাৰ বাবেই বালি নোহোৱা হৈ যোৱাত গৰাখহনীয়া, নদীত থকা দুস্প্ৰাপ্য জীৱ যেনে বিভিন্ন দুস্প্ৰাপ্য মাছ, কাছ, শিহু আদি বিলুপ্তৰ পথলৈ যোৱাটো পৰিলক্ষিত হৈছে ।

উল্লেখযোগ্য যে, কলহী নৈত পূৰ্বৰে পৰা সচৰাচৰ দুষ্পাপ্য শিহুৰ উপস্থিতি প্ৰত্যক্ষ কৰা হয় ৷ এনে ক্ষেত্ৰত যদি নদীৰ বুকুত বালিৰ অবৈধ খননৰ বাবেই অতিকে দুষ্পাপ্য প্ৰজাতিৰ জীৱবিধৰ এনেদৰে মৃত্যু হোৱা কথাটো সত্য পৰিগণিত হয়, এয়া অকল দুখ-দায়কে নহয় চিন্তনীয় বিষয় হিচাপেও পৰিগণিত হ’ব ৷ ইফালে অসম চৰকাৰৰ দায়বদ্ধহীনতাৰ বাবেই এনেদৰে দৈনিক নদীত থকা বিভিন্ন জীৱকুল মৃত্যু মুখত পৰিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : বোৱাৰী নিৰুদ্দেশক কেন্দ্ৰ কৰি নাওবৈচা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.