ETV Bharat / state

বোৱাৰী নিৰুদ্দেশক কেন্দ্ৰ কৰি নাওবৈচা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Sep 2, 2021, 5:41 PM IST

হত্যা নে আন কিবা ? হঠাৎ কেনেকৈ নিৰুদ্দেশ হ'ল নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত 1 নং বৰচলাৰ বোৱাৰী আজমিনা বেগম ? কেইবাটাও প্ৰশ্ন তথা দাবীৰে বৃহস্পতিবাৰে উত্তাল হৈ পৰে লখিমপুৰৰ নাওবৈচা আৰক্ষী চকীৰ চৌহদ ৷ বোৱাৰী গৰাকীৰ স্বামী খাইৰুল ইছলামলৈ সন্দেহৰ আঙুলি ৷

tense-situation-at-nowboicha-police-station-over-the-disappearance-of-a-daughter-in-law
বোৱাৰী নিৰুদ্দেশক কেন্দ্ৰ কৰি নাওবৈচা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি

নাওবৈচা,2 ছেপ্টেম্বৰ: এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনাক কেন্দ্ৰ কৰি লখিমপুৰৰ নাওবৈচা আৰক্ষী চকীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ চাৰি দিনে নিৰুদ্দেশ হোৱা জীয়াৰীক বিচাৰি বৃহস্পতিবাৰে আৰক্ষী চকী ঘেৰাও কৰিলে মাতৃ পৰিয়াল তথা কদম মইনাপৰাৰ ৰাইজে ৷ জোঁৱায়েক খাইৰুল ইছলামে জীয়াৰীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে নিৰুদ্দেশ হোৱা বোৱাৰী গৰাকীৰ পিতৃৰ পৰিয়ালে ৷ লগতে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি আৰক্ষীক কৰ্কথনা কৰিছে প্ৰতিবাদীকাৰী ৰাইজে ৷

উল্লেখ্য যে, লখিমপুৰ জিলাৰ কদম মইনাপৰাৰ নিবাসী আফিৰ আলিৰ কন্যা আজমিনা বেগমক 7 বছৰৰ পূৰ্বে বিয়া কৰাইছিল নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত 1 নং বৰচলা আব্দুল ছত্ৰৰৰ পুত্ৰ খাইৰুল ইছলামে ৷ কিন্তু বিয়াৰ পিছৰে পৰা খাইৰুল ইছলাম আৰু আজমিনা বেগমৰ মাজত পাৰিবাৰিক কন্দল চলি আছিল ৷ এই পাৰিবাৰিক কন্দলৰ বিষয়ে নাওবৈচা আৰক্ষীক বহুকেইবাৰো জনাইছিল আজমিনা বেগম তথা তেঁওৰ পিতৃ পৰিয়ালে ৷

tense-situation-at-nowboicha-police-station-over-the-disappearance-of-a-daughter-in-law
আজমিনা বেগম নিৰুদ্দেশ

কিন্তু ইয়াৰ পিছতো নাওবৈচা আৰক্ষীয়ে আজমিনা বেগমৰ স্বামী খাইৰুল ইছলামৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ বৰঞ্চ আৰক্ষীয়ে তেঁওক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আজমিনাৰ মাতৃৰ ।

শেহতীয়াকৈ যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছে আজমিনা বেগম ৷ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰি বুধবাৰে আজমিনাৰ পৰিয়ালৰ লোকে স্বামী খাইৰুল ইছলামৰ বিৰুদ্ধে নাওবৈচা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল ৷ কিন্তু এজাহাৰ দাখিল কৰাৰ 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো আৰক্ষীয়ে খাইৰুল ইছলামৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বৃহস্পতিবাৰে আজমিনা পৰিয়ালৰ লগতে কদমৰ মইনাপাৰা ৰাইজে নাওবৈচা আৰক্ষী চকী ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

বোৱাৰী নিৰুদ্দেশক কেন্দ্ৰ কৰি নাওবৈচা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে,আজমিনাৰ পৰিয়ালৰ লোকে নাওবৈচা আৰক্ষীয়ে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি জোঁৱাই খাইৰুল ইছলামে আজমিনা বেগমক হত্যা কৰি কৰবাত পেলাই দিয়া নাইবা আন্তৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী হাতত বিক্ৰী কৰি দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ৷ ইফালে প্ৰতিবাদী ৰাইজে 24 ঘণ্টাৰ ভিতৰত আজমিনাক জীৱন্ত বা মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সময়সীমা বান্ধি দিয়াৰ লগতে দোষী খাইৰুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়কঃ মা ডাইনী আছিল, সেইবাবেই মই তেওঁক কুঠাৰেৰে হত্যা কৰিলো : পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.