ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 23, 2021, 1:12 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 news At 1 pm
1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি:

ক’ত হেৰাল APSC- পৰীক্ষাৰ ৭০ খন উত্তৰবহী ?

অসম লোকসেৱা আয়োগে(APSC) অনুষ্ঠিত কৰা 2013 বৰ্ষৰ পৰীক্ষাৰ ৭০ খন উত্তৰবহীৰ সম্প্ৰতি কোনো সম্ভেদ নাই লোকসেৱা আয়োগৰ হাতত । অসম লোকসেৱা আয়োগ(assam public service commision)ৰ এই কাণ্ড দেখি এতিয়া হতচকিত হৈ পৰিছে ন্যায়াধীশ শৰ্মা আয়োগ ।

সোণাৰিত অস্ত্ৰসহ তিনি নগা উগ্ৰপন্থী আটক

চৰাইদেউ জিলাৰ সোণাৰিত চৰাইদেউ জিলা আৰক্ষী আৰু ১২ নং আছাম ৰাইফলচ(red shield division)ৰ যুটীয়া অভিযানত মাৰণাস্ত্ৰসহ‌ বৃহস্পতিবাৰে নিশা আটক হ’ল তিনি নগা উগ্ৰপন্থী সদস্য । আটকাধীন নগা উগ্ৰপন্থী সদস্য কেইজন এনএছছিএনৰ ইশ্বাক মুইভা গোট(NSCN(IM))ৰ সদস্য বুলি জানিব পৰা গৈছে ৷

Tokyo Olympics : আৰ্চাৰীত মহিলাৰ একক ৰেংকিং ৰাউণ্ডৰ নৱম স্থানত দীপিকা কুমাৰী

মহিলাৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত ৬৬৩ পইণ্টৰ সৈতে নৱম স্থান লাভ কৰিবলৈ সক্ষম হয় দীপিকা কুমাৰী । তালিকাৰ শীৰ্ষত দক্ষিণ কোৰিয়াৰ আন চান, জাং মিনহি আৰু কাং চেইয়ঙে দখল কৰিবলৈ সক্ষম হয় ।

টকিঅ' অলিম্পিক: ভাৰতীয় খেলুৱৈৰ সম্পূৰ্ণ তালিকা আৰু খেলৰ সময়সূচী

টকিঅ' অলিম্পিকত ভাৰতে কি কি খেলত অংশগ্ৰহণ কৰিব ? কোনগৰাকী খেলুৱৈয়ে কোনটো ইভেণ্টত অংশগ্ৰহণ কৰিব ? খেলৰ সময়সূচী কি ? এই সকলোবোৰ সামৰি ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন-

বৰ্ণবৈষম্য: দিল্লীৰ উদণ্ড যুৱকক কাণত ধৰিবলৈ বাধ্য কৰালে উত্তৰ-পূৱৰ যুৱতীয়ে

দিল্লীৰ হোজ খাজত উত্তৰ-পূৱৰ যুৱতীক উৎপীড়নৰ চেষ্টা এদল যুৱকৰ ৷ যুৱতীকেইগৰাকীয়ে ভিডিঅ' ৰেকৰ্ড কৰাৰ পাচত যুৱককেইজনে ক্ষমা বিচৰা দেখা গৈছে ৷ প্ৰশ্ন হয়, বিগত বৰ্ষত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পিছতো কিয় সলনি নহ’ল নিৰাপত্তা ব্যৱস্থা ? পুনৰ উত্তৰ-পূৱৰ যুৱতী কেনেদৰে হ’বলৈ পালে বৰ্ণবৈষম্যৰ বলি ?

বাৰে বাৰে ফোনটো হাতত লৈ সৌম্যাই সোধে "দেউতা কেতিয়া আহিব ?’’

প্ৰতিদিনে ৪-৫ বাৰ পৰ্যন্ত পিতৃক ফোন কৰে এজনী তিনি বছৰীয়া কণমানিয়ে । কিন্তু পিতৃৰ মাতহে শুনিবলৈ নাপায় । তথাপি পুনৰ পিতৃৰ সৈতে কথা পতাৰ আশাত হাতত ফোনটো তুলি লয় কণমানিজনীয়ে । এমাহ অতিক্ৰম কৰিলে, কিন্তু পিতৃৰ সৈতে আজি কথা পাতিব পৰা নাই কণমানিজনীয়ে । কিন্তু কিয় ? চাওঁ আহক আমাৰ এই প্ৰতিবেদনত ।

অনলাইনত কেনেকৈ পাব সুৰা ?

অনলাইন সুৰা বিক্ৰীৰ বাবে আবকাৰী বিভাগে নিৰ্ধাৰ কৰি দিছে কেতবোৰ নিৰ্দেশনা ৷ সুৰাৰ হোম ডেলিভাৰীৰ ক্ষেত্ৰত ক্ৰেতা বিক্ৰেতাই মানিব লাগিব এই চৰ্তসমূহ ৷

৪০ বছৰ পুৰণি এক ঘটনাৰ স্মৃতিত পশ্চিমবংগত পালন কৰা হ'ব খেলা হবে দিৱস

১৬ আগষ্টত পশ্চিমবংগত 'খেলা হবে দিৱস' উদযাপন কৰা হ'ব । প্ৰায় ৪০ বছৰ পূৰ্বে কলকাতাত এখন খেলৰ সময়ত নিহত হোৱা ফুটবল প্ৰেমীসকলৰ স্মৃতিত ৰাজ্য চৰকাৰে এই দিৱস পালন কৰিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

Pegasus কাণ্ড : তালিকাত সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নাম

পেগাচাচ (Pegasus)ৰ ফোন টেপিঙৰ তালিকাত ভাৰতৰ বহু প্ৰখ্যাত সাংবাদিক, মানৱাধিকাৰ কৰ্মী, ৰাজনীতিক তথা বিশিষ্ট ব্যক্তিৰ নাম সন্নিবিষ্ট হৈছে । যাক লৈ ইতিমধ্যে দেশজুৰি বিতৰ্ক অব্যাহত আছে ৷ আশ্চৰ্যজনকভাৱে এই তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে অসমৰ দুজন বিশেষ ব্যক্তিৰ ৷ তেওঁলোক দুজন হ’ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাৰ্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া ৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ ৰাজেন গোহাঁইৰ

জ্য়েষ্ঠ বিজেপি (BJP) নেতা তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই (Rajen Gohain)ক কেবিনেট মৰ্যদা প্ৰদান ৰাজ্য চৰকাৰৰ ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত ‘Assam Food and Civil Supplies Corporation’ৰ অধ্যক্ষ পদত নিযুক্তি দিব প্ৰাক্তন সাংসদগৰাকীক ৷ এই মৰ্যদাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ৰাজেন গোহাঁইয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.