ETV Bharat / state

সোণাৰিত অস্ত্ৰসহ তিনি নগা উগ্ৰপন্থী আটক

author img

By

Published : Jul 23, 2021, 10:32 AM IST

3-naga-extrimist-were-caught-on-a-combined-mission-of-assam-police-and-red-shield-division-of-assam-rifles-in-sonari
মাজনিশা সোণাৰিত অসম ৰাইফলছ আৰু আৰক্ষীৰ অভিযানত তিনি নগা উগ্ৰপন্থী আটক

চৰাইদেউ জিলাৰ সোণাৰিত চৰাইদেউ জিলা আৰক্ষী আৰু ১২ নং আছাম ৰাইফলচ(red shield division)ৰ যুটীয়া অভিযানত মাৰণাস্ত্ৰসহ‌ বৃহস্পতিবাৰে নিশা আটক হ’ল তিনি নগা উগ্ৰপন্থী সদস্য । আটকাধীন নগা উগ্ৰপন্থী সদস্য কেইজন এনএছছিএনৰ ইশ্বাক মুইভা গোট(NSCN(IM))ৰ সদস্য বুলি জানিব পৰা গৈছে ৷

শিৱসাগৰ, 23 জুলাই : বৃহস্পতিবাৰে নিশা চৰাইদেউ জিলাৰ সোণাৰিত মাৰণাস্ত্ৰসহ‌ আটক হ’ল তিনি নগা উগ্ৰপন্থী সদস্য । সোণাৰিৰ বালিজান চাহ বাগিচাত চলা এক অভিযানত আটক এনএছছিএনৰ ইশ্বাক মুইভা গোট(NSCN(IM))ৰ এই তিনি সদস্য । চৰাইদেউ জিলা আৰক্ষী আৰু ১২ আছাম ৰাইফলচ (red shield division)ৰ যুটীয়া অভিযানত আটক নগা উগ্ৰপন্থী সদস্যকেইজন ।

3-naga-extrimist-were-caught-on-a-combined-mission-of-assam-police-and-red-shield-division-of-assam-rifles-in-sonari
সোণাৰিত অস্ত্ৰসহ তিনি নগা উগ্ৰপন্থী আটক
আটকাধীন নগা উগ্ৰপন্থী সদস্য কেইজনৰ নাম টিংলু কন্যাক(২৫), নকেয়ং কন্যাক (২৫) আৰু য়ানু কন্যাক (২৪) বুলি জানিব পৰা গৈছে । এনএছচিএন ইশ্বাক মুইভা গোটৰ সদস্যকেইজনৰ ঘৰ নগালেণ্ডৰ মন জিলাৰ লখুন বস্তিত । আটকাধীন নগা উগ্ৰপন্থী সদস্যকেইজনৰপৰা তিনিটা পিষ্টল, তিনিটা মেগজিন, তিনি ৰাউণ্ড সজীৱ গুলী আৰু তিনিটা মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে ।উগ্ৰপন্থী সদস্য কেইজনৰ বিৰূদ্ধে সোণাৰি আৰক্ষী থানাত 144/21 নম্বৰৰ গোচৰত ভাৰতীয় দণ্ডবিধি আইন(IPC)ৰ 25(1-A) 35 arms act ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।
মাজনিশা সোণাৰিত অসম ৰাইফলছ আৰু আৰক্ষীৰ অভিযানত তিনি নগা উগ্ৰপন্থী আটক

স্মৰ্তব্য যে, বুধবাৰে অৰুণাচল প্ৰদেশৰ লংডিঙত নেচনেল চ’চিলিষ্ট কাউন্সিল অৱ নাগালেণ্ড(কে)(National Socialist Council of Nagaland(K) আৰু NSCN-K (YA) & NSCN K-2 গোটৰ দুজন দুৰ্ধৰ্ষ সদস্যই আত্মসমৰ্পণ কৰিছিল । আছাম ৰাইফলছ(Assam rifles)ৰ লংডিঙৰ সেনাৰ ওচৰত এই দুই গোটৰ সদস্যই আত্মসমৰ্পণ কৰিছিল ৷ আনহাতে, গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ মতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য অসম, নাগালেণ্ড আৰু মণিপুৰৰ উপৰিও অৰুণাচল প্ৰদেশৰ তিনিখন জিলাত পুনৰ ৬ মাহৰ বাবে আৰ্মড ফ’ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট(AFSPA) প্ৰৱৰ্তন কৰা হৈছে ।

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ লংডিঙত দুজন NSCN সদস্যৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.