ETV Bharat / state

বাৰাংহাটীত মূৰ্তিসহ গভাইত চোৰ আটক

author img

By

Published : Nov 7, 2021, 12:27 PM IST

কঞা আৰক্ষীৰ কবলত মূৰ্তি চোৰ ৷ চোৰৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটাকৈ মূৰ্তি ৷ মূৰ্তি দুটা বৰভাগৰ ননৈ গাঁৱৰ হৰেকৃষ্ণ মন্দিৰৰ ৷

বাৰাংহাটীত মূৰ্তিসহ গভাইত চোৰ আটক
বাৰাংহাটীত মূৰ্তিসহ গভাইত চোৰ আটক

ৰঙিয়া/নলবাৰী, 7 নৱেম্বৰ : সন্ধিয়া হ’লেই যেন চলে চোৰৰ ৰাজত্ব ৷ সাধাৰণ লোকৰ ঘৰতো বাদেই, ধৰ্মীয় উপাসনা থলীসমূহো বাছি নাযায় চোৰৰ কবলৰ পৰা ৷ তেনে এক মূৰ্তি চোৰক অলপতে কৰায়ত্ত কৰে ৰঙিয়া মহকুমাৰ অন্তৰ্গত কঞা আৰক্ষীয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, এটা চোৰে কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত বৰভাগ অঞ্চলৰ ননৈ গাঁৱৰ হৰেকৃষ্ণ মন্দিৰৰ চুৰি কৰি আনিছিল দুটাকৈ মূৰ্তি ৷ পৰৱৰ্তী সময়ত চোৰটোৱে বাৰাংহাটী চকীৰবৰি অঞ্চলত সন্দেহজনকভাৱে ঘূৰা-ফুৰা কৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ চোৰটোৰ চাল-চলনত সন্দেহ ওপজা ৰাইজে ততালিকে খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চোৰটোক কৰায়ত্ত কৰি লগত থকা মোনাতোত তালাচী চলোৱাত দুটাকৈ মূৰ্তি উদ্ধাৰ হয় ৷

বাৰাংহাটীত মূৰ্তিসহ গভাইত চোৰ আটক

ধৃত চোৰটো নলবাৰীৰ সন্ধা গাঁৱৰ ৰিজু কলিতা বুলি চিনাক্ত কৰা হৈছে ৷ চোৰটোৱে এই কাৰ্যত অন্য পাঁচজন সহযোগী জড়িত থকা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷

লগতে চাওক: ক'ভিড 19 ৰ বাবে বহুকেইটা গুৰুত্বপূর্ণ গোচৰৰ তদন্তত স্থবিৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.