ETV Bharat / state

Human traffickers ৰ কৱলৰ পৰা ২ কিশোৰ সহ ৭ জনক উদ্ধাৰ কৰিলে SSB য়ে

author img

By

Published : Nov 13, 2021, 7:24 PM IST

ssb-rescued-7-including-minors-from-human-traffickers
Human traffickers ৰ কবলৰ পৰা ২ কিশোৰ সহ ৭ জনক উদ্ধাৰ কৰিলে SSB য়ে

ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ২ কিশোৰ সহ মুঠ ৭ জন যুৱক উদ্ধাৰ কৰিলে SSB য়ে । সৰবৰাহকাৰীৰ কৱলৰ পৰা এগৰাকী কিশোৰে পলাই গৈ যোগাযোগ কৰে SSB ৰ সৈতে ।

ৰঙিয়া, 13 নবেম্বৰ : ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ২ কিশোৰ সহ মুঠ ৭ জন যুৱক উদ্ধাৰ । ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ তেতেলীগুৰিৰ জাভেদ আখতাৰৰ গৃহৰ পৰা এছ এছ বিয়ে উদ্ধাৰ কৰিলে ২ কিশোৰ সহ মুঠ ৭ জন যুৱকক । জানিব পৰা মতে, সৰবৰাহকাৰীৰ কৱলৰ পৰা গহপুৰৰ এগৰাকী কিশোৰে পলাই গৈ যোগাযোগ কৰে SSB ৰ সৈতে । ইয়াৰ পিছতে SSB ৰ এটি দলে তেতেলীগুৰিৰ জাভেদ আখতাৰৰ গৃহত অভিযান চলায় । অভিযানকাৰী বাহিনীটোৱে উদ্ধাৰ কৰে এগৰাকী কিশোৰ সহ ৬ যুৱকক ।

অসমৰ বিভিন্ন ঠাইৰ পৰা ২ কিশোৰ সহ ৭ যুৱকক সংস্থাপনৰ প্ৰলোভনেৰে আনি তেতেলীগুৰিত আৱদ্ধ কৰি ৰখা হৈছিল বুলি জানিবলৈ দিয়ে এছ এছ বিয়ে । মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হোৱা যুৱক কেইজনে জানিবলৈ দিয়া মতে দৰিদ্ৰ পৰিয়ালৰ যুৱক কেইজনক জম্মু-কাশ্মীৰত কাম দিয়াৰ প্ৰলোভনেৰে লৈ অহা হৈছিল । এটা গৃহত তেওঁলোকক জম্মু-কাশ্মীৰত কৰ্ম সংস্থাপনৰ বাবে প্ৰেৰণ কৰিব বুলি কৈ আৱদ্ধ কৰি ৰাখে ।

Human traffickers ৰ কবলৰ পৰা ২ কিশোৰ সহ ৭ জনক উদ্ধাৰ কৰিলে SSB য়ে

পিছত বহু কাবৌ-মিনতি কৰি এজন কিশোৰে কোনোমতে কৌশলেৰে পলায়ন কৰি এছ এছ বিৰ সৈতে যোগাযোগ কৰে । সমগ্ৰ ঘটনা সন্দৰ্ভত এছ এছ বিক বিৱৰি কয় ভুক্তভোগী যুৱককেইজনে । এছ এছ বিয়ে আৱদ্ধ হৈ থকা বাকী এগৰাকী কিশোৰ সহ ৬ যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ইফালে, এছ এছ বিৰ অভিযানৰ উমান পাই পলায়ন কৰে মানব সৰবৰাহকাৰী জাভেদ আখতাৰে । কিন্তু উদ্ধাৰকাৰী বাহিনীটোৱে জাভেদ আখতাৰৰ পিতৃ মহচেন আলীক আটক কৰে । ইতিমধ্যে, ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক অৱগত কৰিছে এছ এছ বিয়ে । আনহাতে, মানৱ সৰবৰাহকাৰী চক্ৰটোৱে চাকৰিৰ প্ৰলোভন দি লৈ অহা যুৱককসকলক ভুৱা পৰিচয় পত্ৰ, ভুৱা পান কাৰ্ড, ভুৱা আধাৰ কাৰ্ড যোগান ধৰি এনেদৰে যুৱক-যুৱতীক সৰবৰাহ কৰে বুলি জানিবলৈ দিছে এছ এছ বিয়ে ।

লগতে পঢ়ক : Illegal encroachment: বেদখলকাৰীৰ কৱলত গাওঁ পঞ্চায়তৰ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.