ETV Bharat / state

চৰকাৰে প্ৰদান কৰা স্কুটীত উদ্ধাৰ ড্ৰাগছ

author img

By

Published : Jul 6, 2022, 10:56 AM IST

Rangia Police seized huge cache of drug
এইবাৰ চৰকাৰে মেধাৱী ছাত্ৰীক প্ৰদান কৰা স্কুটিত উদ্ধাৰ ড্ৰাগছ

ৰঙিয়াত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান(Assam police anti Drug Campaign) ৷ ৰঙিয়া আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই প্ৰায় আঢ়ৈ কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ(Rangia Police seized huge cache of drugs) কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰে ৷

ৰঙিয়া, 6 জুলাই : ৰঙিয়া আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই প্ৰায় 310 গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে । চৰকাৰে মেধাৱী ছাত্ৰীসকলক প্ৰদান কৰা এখন ৰঙা স্কুটীৰ পৰা আৰক্ষীৰ দলটোৱে জব্দ কৰে ড্ৰাগছখিনি ৷ সৰবৰাহকাৰীয়ে প্ৰায় 18 টা চাবোনৰ বাকচৰ ভিতৰত ভৰাই আনিছিল ড্ৰাগছখিনি । ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকা বুলি জানিব পৰা হৈছে ৷

এইবাৰ চৰকাৰে মেধাৱী ছাত্ৰীক প্ৰদান কৰা স্কুটিত উদ্ধাৰ ড্ৰাগছ

ড্ৰাগছ সৰবৰাহকাৰীটোৱে স্কুটীখনত ড্ৰাগছখিনি লৈ যোৱাৰ সময়তে ৰঙিয়া নগৰৰ জি কে কে পেট্ৰ’ল পাম্পৰ সমীপত আৰক্ষীয়ে হাতে-লোটে আটক কৰে । দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উঠিছে ড্ৰাগছ সৰবৰাহকাৰীটোৰ বিৰুদ্ধে । আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে(Drug smuggler arrested at Rangia) ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো ৰঙিয়াৰ টেটেলিগুৰিৰ ছফিকুল আলী বুলি জানিব পৰা হৈছে ।

ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীৰ দলটোৱে চৰকাৰে মেধাৱী ছাত্ৰীসকলক প্ৰদান কৰা AS 13 N 5828 নম্বৰৰ ৰঙা স্কুটীখনো জব্দ কৰে ৷ উল্লেখ্য যে, বিগত কেইদিনমানত কামৰূপ আৰক্ষীৰ জালত পৰিছে কেইবাজনো ড্ৰাগছ বিক্ৰেতাৰ লগতে সৰবৰাহকাৰী । এই অভিযানৰ সময়ছোৱাত আৰক্ষীয়ে প্ৰায় কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : পুনৰ আৰক্ষীৰ জালত চুপাৰি চিণ্ডিকেটৰ কিংপিন নয়ন ঘোষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.