ETV Bharat / state

পুনৰ আৰক্ষীৰ জালত চুপাৰি চিণ্ডিকেটৰ কিংপিন নয়ন ঘোষ

author img

By

Published : Jul 6, 2022, 9:19 AM IST

সৰুপথাৰ আৰক্ষীয়ে আটক কৰে চুপাৰি চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড নয়ন ঘোষক (Supari syndicate kingpin Nayan Ghosh) ৷ মঙলবাৰে নিশা সৰুপথাৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা নয়নসহ টনি কুমাৰ আৰু দীপক কুমাৰক আটক কৰি সৰুপথাৰলৈ লৈ যায় (kingpin Nayan Ghosh arrested again)৷

supari-syndicate-kingpin-nayan-ghosh-arrested-again
supari-syndicate-kingpin-nayan-ghosh-arrested-again

নিউজ ডেস্ক, 6 জুলাই: চৰকাৰৰ কঠোৰ স্থিতিৰ মাজতো ৰাজ্যত চলি আছে বাৰ্মিজ চুপাৰিৰ চোৰাং বেহা । নিতৌ অসমৰ মাজেৰে পাৰ হৈছে কোটি টকাৰ বাৰ্মিজ চুপাৰি ৷ এইবাৰ পুনৰ সৰুপথাৰ আৰক্ষীয়ে আটক কৰিছে চুপাৰি চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড নয়ন ঘোষক (Supari syndicate kingpin Nayan Ghosh) ৷ মঙলবাৰে নিশা সৰুপথাৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা নয়নসহ টনি কুমাৰ আৰু দীপক কুমাৰক আটক কৰি সৰুপথাৰলৈ লৈ যায় (kingpin Nayan Ghosh arrested again)৷

যোৱা 22 জুনত সৰুপথাৰত আৰক্ষীয়ে দুখন বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰিছিল ৷ ইয়াৰ পিছতে সৰুপথাৰ আৰক্ষীয়ে (Sorupathar police)চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছিল ৷ জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় কোটি টকা ৷ উক্ত দুয়োখন ট্ৰাকৰ আৰঁত থকা লোকজনেই হৈছে নয়ন ঘোষ ৷

ইয়াৰ পূৰ্বে 2021 চনৰ 17 ডিচেম্বৰত বাৰ্মিজ চুপাৰিৰ চোৰাং বেহাৰ অভিযোগত উলুবাৰীৰ এখন হোটেলৰ পৰা পল্টন বজাৰ আৰক্ষীয়ে আটক কৰিছিল নয়নক ৷ আটক কৰাৰ পিছতেই পল্টন বজাৰ আৰক্ষীয়ে নয়নক কাছাৰ আৰক্ষীক গতাই দিছিল ৷ অবৈধভাৱে মিজোৰামৰ মাজেৰে লায়লাপুৰ হৈ বাৰ্মিজ চুপাৰিৰ ট্ৰাক অসমলৈ অনা হৈছিল ৷

উল্লেখ্য যে বৰাক উপত্যকাৰ চুপাৰি কিংখ্যাত নয়নে দীৰ্ঘদিনৰ পৰা বাৰ্মাৰ পৰা ত্ৰিপুৰা, কাছাৰ হৈ অসমলৈ কৰ ফাকি দি অবৈধভাৱে বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ চলাই আহিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰ্মিজ চুপাৰিৰ আমদানি বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো ৰে'ল যোগে চুপাৰিৰ চিণ্ডিকেট অব্যাহত ৰাখিছিল নয়নে ৷ বহুসময়ত শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কৰ লগত হাত থকাৰ কথা কৈ আইনৰ হাতৰ পৰাও নিজকে ৰক্ষা কৰি আহিছিল মাষ্টাৰমাইণ্ডটোৱে ৷ মন কৰিবলগীয়া যে মুম্বাইৰ বাসিন্দা ধৃত দীপক কুমাৰ গুটখাৰ বজাৰৰ এক অন্যতন নাম ৷

লগতে পঢ়ক : মহানগৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.