ETV Bharat / state

গাভৰু নৈৰ গৰাখহনীয়াত জাহ গ'ল ৰঙাপৰাৰ বহু বিঘা কৃষিভূমি

author img

By

Published : Sep 1, 2019, 1:29 PM IST

ৰঙাপৰাত গাভৰু নৈৰ গৰাখহনীয়াত জাহ গ'ল বহু বিঘা কৃষিভূমি

ৰঙাপৰাত গাভৰু নৈৰ ভয়ংকৰ গৰাখহনীয়া ৷ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ ফলত নৈত জাহ গল কৃষক ৰাইজৰ কৃষি ভূমি ৷ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিচতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী ৰাইজ ৷

ৰঙাপৰা, 1 ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টিৰ কাষেৰে বৈ যোৱা গাভৰু নৈৰ প্ৰবল গৰাখহনীয়াই সৃষ্টি কৰিছে আতংক । নৈৰ বুকুত জাহ গ’ল দুখীয়া কৃষক ৰাইজৰ শ শ কৃষিভূমি। ৰঙাপৰাৰ ভেলোৱাটাৰ গাঁৱত গাভৰু নৈয়ে প্ৰত্যেক বছৰে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰি অহাত চিন্তিত হৈ পৰিছে কৃষক ৰাইজ । আনহাতে খহনীয়া প্ৰতিৰোধ নোহোৱাৰ বাবেই জাহ গ’ল কৃষক ৰাইজৰ কৃষি ভূমি।

ৰঙাপৰাত গাভৰু নৈৰ গৰাখহনীয়াত জাহ গ'ল বহু বিঘা কৃষিভূমি

অনাগত দিনত বিভাগীয় কৰ্তৃপক্ষই প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কৃষি ভূমি নদীৰ বুকুত জাহ যোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে । ইফালে, দীৰ্ঘদিনৰে পৰা স্থানীয় ৰাইজে জলসম্পদ বিভাগক গৰাখনহীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই অহাৰ পাচতো এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী ৰাইজ ৷

Intro:ৰঙাপৰাত গাভৰু নৈৰ ভয়ংকৰ গৰাখহনীয়াঃ নৈত জাহ গল কৃষক ৰাইজৰ কৃষি ভূমিBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টিৰ কাষেৰে বৈ যোৱা গাভৰু নৈখনে তীব্ৰ গৰাখহীয়া সৃষ্টি কৰি আহিছে। নৈখনৰ বুকুত জাহ গ’ল দুখীয়া কৃষকৰ ৰাইজৰ শ শ কৃষিভুমি। ৰঙাপৰাৰ ভেলোৱাটাৰ গাঁৱত নৈখনে প্ৰত্যেক বছৰে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰি অহাত কৃষক ৰাইজ বাৰুকৈয়ে চিন্তিত হৈ পৰিছে। নৈখনত খহনীয়া প্ৰতিৰোধ নোহোৱাৰ বাবেই জাহ গ’ল কেইবাগৰাকী কৃষক ৰাইজৰ কৃষি ভূমি। অনাগত দিনত নদীখনত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগ বা গাঁও পঞ্চায়তে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহলে কেইবাজনো কৃষক ৰাইজৰ কৃষি ভূমি নদীৰ বুকুত জাহ যোৱাটো এক প্ৰকাৰৰ নিশ্চিত। ইফালে, দীৰ্ঘদিনৰে স্থানীয় ৰাইজে জলসম্পদ বিভাগক গৰাখনহীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ভুক্তভোগী ৰাইজ ক্ষোভিত হৈ পৰিছে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.