ETV Bharat / state

ৰঙিয়াত চেনেহৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Mar 26, 2021, 9:20 PM IST

rangali-bihu-preparation-at-rangia
ৰঙিয়াত চেনেহৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

এতিয়া ৰাজ্যৰ চাৰিওফালে নিগৰিছে ঢোল-পেঁপাৰ মাত ৷ ৰৈ থাকিব পৰা নাই ৰঙিয়াৰ নাচনী সকলো ৷ ৰঙালী বিহুক আদৰাৰ মানসেৰে ৰঙিয়াৰ লোক কৃষ্টি কলা কেন্দ্ৰৰ উদ্যোগত আৰম্ভ হৈছে বিহুনাচ কৰ্মশালা ৷

কামৰূপ,26 মাৰ্চ: নিৰ্বাচনী গৰম বতাহৰ মাজতে পদুলিমুখ পালেহি বাপতি সাহোন ৰঙালী বিহু ৷ ৰাজ্যৰ আনসমুহ প্ৰান্তৰ সমান্তৰালকৈ ৰঙিয়াতো চলিছে চেনেহৰ ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ঢোল, পেঁপাৰ লহৰত জাকে-জাকে নাচনীয়ে ভাঙিছে খামুচীয়া কঁকাল ৷ কি গাঁও কি চহৰ ! এতিয়া ৰাজ্যৰ চাৰিওফালে নিগৰিছে ঢোল-পেঁপাৰ মাত ৷ ৰৈ থাকিব পৰা নাই ৰঙিয়াৰ নাচনী সকলো ৷

ৰঙিয়াত চেনেহৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

ৰঙালী বিহুক আদৰাৰ মানসেৰে ৰঙিয়াৰ লোক কৃষ্টি কলা কেন্দ্ৰৰ উদ্যোগত আৰম্ভ হৈছে বিহুনাচ কৰ্মশালা ৷ ৰঙিয়া নগৰৰ বৰলীয়া নৈৰ পাৰত অনুষ্ঠিত হোৱা কৰ্মশালাত বিহুনাচৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকশিল্পী বৰ বিহুৱা দেৱজিৎ ৰাজবংশী, বিহুৱা ৰূপম ডেকা আৰু বিহুৰাণী হিৰণময়ী কলিতাই ৷ কৰ্মশালাত অংশগ্ৰহণ কৰিছে শতাধিক নাচনী প্ৰশিক্ষাৰ্থীয়ে ৷ ঢোল-পেঁপাৰ মাতত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰঙিয়াৰ লোক কৃষ্টি কলা কেন্দ্ৰৰ বাকৰি ৷

উল্লেখ্য যে,বিগত সময়চোৱাত ৰঙিয়াৰ লোক কৃষ্টি কলা কেন্দ্ৰত প্ৰশিক্ষণ লৈ ছত্তিশগড় আৰু ছিমলাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল প্ৰশিক্ষাৰ্থীসকলে ৷ লোক কৃষ্টি কলা কেন্দ্ৰৰ হৈ সৰ্ব-ভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিহু দলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰশিক্ষাৰ্থীসকলে ৷ এইবাৰো বিহুৰ সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰত প্ৰশিক্ষাৰ্থীসকলক লৈ যথেষ্ট আশাবাদী ৰঙিয়াৰ ৰাইজ ৷

লগতে পঢ়ক: নিৰ্বাচনী ব্যস্ততাৰ মাজতে ডিগবৈৰ বালিজানত ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.