ETV Bharat / state

Srimanta Sankardeva Sangha: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিবেশনৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 8:20 PM IST

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন ৰঙিয়াত আয়োজন কৰা হৈছে । এই অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'লে কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

Minister Jayantamalla Baruah in Rangia
ৰঙিয়াত কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

ৰঙিয়াত কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

ৰঙিয়া, ২৪ ছেপ্টেম্বৰ: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'বলৈ দেওবাৰে ৰঙিয়াত উপস্থিত হ'ল কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা । মন্ত্ৰীগৰাকীয়ে ৰঙিয়া জিলাৰ নামঘৰত আদৰণি সমিতি আৰু বিভিন্ন বিভাগৰ মুৰব্বী সকলৰ সৈতে আগন্তুক ৰঙিয়া অধিৱেশনৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কে আলোচনাত মিলিত হয় ।

লগতে পঢ়ক:575th Birth anniversary of Sankardev: বেলতলাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱ উদযাপন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখনি সৰ্বাংগসুন্দৰ কৰি তোলাৰ লগতে সকলো দিশ চোৱা চিতা কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক দায়িত্ব অৰ্পণ কৰা হৈছে । সেয়েহে মন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনত অসমৰ প্ৰতিটো কোনৰ পৰা ৰঙিয়াত উপস্থিত হ'বলগীয়া ভক্ত সকলক কেনেদৰে আপ‍্যায়ন কৰা হ'ব এই বিষয়ে সবিস্তাৰে আলোচনা কৰে । বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৰ্বৰ অধিৱেশন সমূহৰ দৰে এই বেলিও অসম চৰকাৰৰ বিভিন্ন বিভাগে অধিৱেশনখন চলাই নিবলৈ নিজৰ নিজৰ দায়িত্ব পালন কৰিব ।

লগতে পঢ়ক:Controversy of Garukhuti Project: 35 জনী খিৰতী গায়ে 122 লিটাৰকৈ দিছে গাখীৰ; গৰুখুঁটিৰ ধন কোনেও খোৱা নাই; পদ্ম হাজৰিকা

বিশেষকৈ ভক্তপ্ৰাণ ৰাইজৰ খাদ্য,পানী, স্নান, বিশ্ৰামৰস্থলৰ লগতে যাতায়তৰ বাবে ৰাস্তাৰ লগতে আন আন সুবিধা সমুহৰ সুচল ব‍্যৱস্থা কৰিবলৈ দেওবাৰৰ সভাখনত প্ৰতিটো চৰকাৰী বিভাগক দায়িত্বসমূহ অৰ্পণ কৰা হয় ।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি সভাখনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, মহকুমাধিপতি দীপন বৰ্মন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাসহ চিকিৎসা, শক্তি, লোকনিৰ্মাণ বিভাগৰ মুৰব্বী সকল উপস্থিত থাকে । সভাৰ অন্তত অধিৱেশনখনত সকলো ধৰণৰ সহায় সহযোগ কৰিবলৈ বদ্ধপৰিকৰ বুলি কয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

লগতে পঢ়ক :Mobile theatre: নতুন নাট্যবৰ্ষৰ বাবে সাজু হৈছে ভ্ৰাম্যমাণ গোষ্ঠী, ছবছৰৰ পিচত ভ্ৰাম্যমাণ থিয়েটাৰত দেখা যাব যতীন বৰাকো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.