ETV Bharat / state

Controversy of Garukhuti Project: 35 জনী খিৰতী গায়ে 122 লিটাৰকৈ দিছে গাখীৰ; গৰুখুঁটিৰ ধন কোনেও খোৱা নাই; পদ্ম হাজৰিকা

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 12:58 PM IST

Controversy of Garukhuti Project
আৰ টি আই কৰ্মী দিলীপ নাথক অপেন চেলেঞ্জ বিধায়ক পদ্ম হাজৰিকাৰ

আৰ টি আই কৰ্মী দিলীপ নাথৰ অভিযোগক খণ্ডন বিধায়ক পদ্ম হাজৰিকাৰ ৷ ষড়যন্ত্ৰ আখ্যাৰে গৰুখুঁটিক বদনাম কৰিব বিচাৰিছে বুলি মন্তব্য কৰে বিধায়ক হাজৰিকাই ৷

আৰ টি আই কৰ্মী দিলীপ নাথক অপেন চেলেঞ্জ বিধায়ক পদ্ম হাজৰিকাৰ

দৰং, 24 ছেপ্টেম্বৰ : কিছুদিনৰ পূৰ্বে গৰুখুঁটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ বিৰুদ্ধে ধন আত্মসাতৰ দৰে বিস্ফোৰক অভিযোগ আনিছিল আৰ টি আই কৰ্মী দিলীপ নাথে ৷ এই অভিযোগৰ পাচতে আৰ টি আই কৰ্মী দিলীপ নাথৰ বিৰুদ্ধে সৰৱ হ’ল বিধায়ক তথা প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা ৷ দেওবাৰে সংবাদমেল পাতি দিলীপ নাথে অনা অভিযোগ খণ্ডন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

ভিত্তিহীন, মনে সজা কথাৰে গৰুখুঁটিক বদনাম কৰিব বিচাৰিছে বুলি আখ্যা দি বিধায়ক পদ্ম হাজৰিকাই কয়, ‘‘আৰ টি আই কৰ্মী দিলীপ নাথে অনা অভিযোগ ভিত্তিহীন ৷ আৰ টি আই কৰ্মী গৰাকীয়ে সংবাদ মাধ্যক ভুল তথ্য প্ৰদান কৰিছে ৷ মিছা অভিযোগেৰে আমাৰ মনত কষ্ট দিছে ৷ তেওঁ কোৱাৰ দৰে আমাৰ গৰু 300 জনী নহয় 318 জনী গৰু আছে ৷ তাৰে কিছু পোৱালি, কিছু গাভিনী গৰু আৰু দুটাকৈ বলধ গৰু আছে ৷ কিন্তু গাভিনী বা পোৱালী গৰু জনীৰ গাখীৰ ক’ৰ পৰা ওলাব ! তেওঁ এই খিনি নূন্যতম জ্ঞান থাকিব লাগিছিল ৷’’

হাজৰিকাই লগতে কয়, ‘‘তেওঁ কোৱাৰ ধৰণে আমি কোনো তথ্যটো দিয়া নাই ৷ তেওঁ কৰবাত থাকি কথা ক’লে নহ’ব নহয় ৷ তেওঁ গৰুখুঁটিলৈ আহক আৰু চাই যাওক ৷ এনে দৰে মিছা কথাৰে ৰাইজৰ আগত মোৰ বদনাম বা মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্পলৈ আঙুলি নুঠাব ৷ যিদিনা তেওঁক তথ্যটো দিয়া হৈছিল সেইটো সেই দিনাৰ হিচাপ আছিল ।‌ সেই দিনা 16 জনী খিৰতি গৰুৰ গাখীৰ ওলাইছিল 68 লিটাৰ । আজিৰ দিনটোত গাই আছে 35 জনী আৰু গাখীৰ ওলাইছে 122 লিটাৰ । গতিকে দিলীপ নাথে কোৱা দৰে দিনত এজনী গৰুৰ পৰা 50 গ্ৰাম গাখীৰ ওলোৱা কথাটো মনে সজা ৷’’

আনহাতে ধন আত্মসাতৰ সন্দৰ্ভত অনা অভিযোগৰ সন্দৰ্ভত তেওঁ কয়, ‘‘প্ৰকল্পৰ লাভ বা লোকচানৰ খতিয়ান আমি যোৱা 21 জুলাই 2023 তাৰিখৰ প্ৰতিষ্ঠা দিৱসৰ দিনা সংবাদ মাধ্যমক অৱগত কৰিছিলোঁ ৷’’

লগতে পঢ়ক:Micro Finance Scam: অবিবাহিত মহিলাক বিবাহিত সজাই ঋণ প্ৰদান মাইক্ৰ' ফাইনেন্স কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.