Micro Finance Scam: অবিবাহিত মহিলাক বিবাহিত সজাই ঋণ প্ৰদান মাইক্ৰ' ফাইনেন্স কৰ্মচাৰীৰ

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 3:18 PM IST

thumbnail

দৰং, ১৮ ছেপ্টেম্বৰ: মঙলদৈত মাইক্ৰ' ফাইনেন্সৰ আজব কাণ্ড । মাইক্ৰ' ফাইনেন্সৰ কৰ্মচাৰীয়ে ঋণ প্ৰদানৰ বাবে অবিবাহিত মহিলাকো সজালে বিবাহিতা । অবিবাহিত মহিলাক বিবাহিত সজাই প্ৰদান কৰিলে ঋণ । অকল ঋণ প্ৰদানেই নহয় ৩৫ হাজাৰ টকাত ১০ হাজাৰকৈ ল'লে কমিছনো । মঙলদৈৰ এটা মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে সংঘটিত কৰিলে এই কাণ্ড।

মঙলদৈ ভেবাৰঘাটস্থিত SATYA MICROCAPITAL LTD. নামৰ এটা ফাইনেন্স কোম্পনীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ । এই সন্দৰ্ভত মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিলে জলজলিৰ গৰীয়াপাৰা গাঁৱৰ একাংশ মহিলাই ।

উত্থাপিত অভিযোগ মতে, একাংশ সহজ সৰল অশিক্ষিত মহিলাক ব্যৱহাৰ কৰি ফাইনেন্স কোম্পানীটোৰ কৰ্মচাৰীয়ে ধন লুণ্ঠন কৰি আহিছে । অৱশেষত মহিলাসকলৰ ঘৰলৈ যেতিয়া ঋণ পৰিশোধৰ বাবে জাননী প্ৰেৰণ কৰিলে তেতিয়াহে পোহৰলৈ আহিল সমগ্ৰ কাণ্ড । অবিবাহিত মহিলা সকলেও অন্য পুৰুষৰ সৈতে কাগজে কলমেৰে বিবাহ হোৱাৰ কথা জানিব পাৰিলে । এনে কাণ্ড দেখি হাহাকাৰ লাগিল প্ৰকৃত দম্পত্তিৰ মাজত । 

লগতে পঢ়ক:Jal Jeevan Mission Scheme: ডুমডুমাত জল জীৱন মিছনৰ উন্মুক্ত পাইপে লগাইছে হাহাকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.