ETV Bharat / state

দক্ষিণ কামৰূপৰ কমলা টেঙাৰ বাগান আৰু খেতিয়কৰ দুৰৱস্থা

author img

By

Published : Dec 22, 2019, 1:29 PM IST

Updated : Dec 22, 2019, 4:51 PM IST

ক্ৰমাৎ কম হৈ আহিছে দক্ষিণ কামৰূপৰ উকীয়াম শান্তিপুৰ, কম্পাতলী, হাহিম, আমৰেংকোনা, আঠিয়াবাৰী আদি অঞ্চলসমূহৰ কমলা উৎপাদনৰ হাৰ ৷ কমলা বাগানত এতিয়া দেখা দিছে অচিন ৰোগে ৷ কৃষি বিভাগৰ গাফিলতিৰ বাবে সমস্যাত পৰিছে কমলা খেতিয়ক ৷

Pathetic condition of Orange Garden and cultivators in Kamrup
দক্ষিণ কামৰূপৰ কমলা টেঙাৰ বাগান আৰু খেতিয়কৰ দুৰৱস্থা

বকো, 22 ডিচেম্বৰ: এইয়া কমলা টেঙাৰ বতৰ ৷ শীতৰ সেমেকা বতৰৰ কোমল ৰ'দত বহি কমলাৰ সোৱাদ লোৱাৰ আমেজেই সুকীয়া ৷ থলুৱা আৰু আমদানিকৃত কমলাটেঙাই এতিয়া ভৰি পৰিছে ৰাজ্যৰ বজাৰসমূহ ৷ বজাৰত এতিয়া প্ৰতিটো কমলাৰে দাম ৭ টকাৰ পৰা দহ টকা পৰ্যন্ত ৷ কিন্তু ৰাজ্যত কমলা উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো চাহিদা অনুযায়ী উৎপাদন পৰা বঞ্চিত হৈছে কমলাৰ খেতিয়কসকল ৷ কমলা বাগানত এতিয়া দেখা দিছে অচিন ৰোগে ৷ সেয়েহে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনা কমলাৰে ভৰি পৰিছে বজাৰসমূহ ৷

দক্ষিণ কামৰূপৰ কমলা টেঙাৰ বাগান আৰু খেতিয়কৰ দুৰৱস্থা

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কমলাৰ পৰিৱৰ্তে দক্ষিণ কামৰূপৰ কমলাৰ সুৱাদেই এক সুকীয়া ৷ দক্ষিণ কামৰূপৰ উকীয়াম শান্তিপুৰ, কম্পাতলী, হাহিম, আমৰেংকোনা, আঠিয়াবাৰী আদি অঞ্চলসমূহত কমলা খেতিৰ বাবে উল্লেখনীয় ঠাই। কিন্তু ক্ৰমান্বয়ে দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী এলেকাসমূহত কমলাৰ উৎপাদন দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে ৷ অভিযোগ অনুসৰি কমলা খেতিয়কে চৰকাৰ প্ৰশাসন কিম্বা কৃষি বিভাগৰ পৰা নাপায় কোনো বিশেষ সা-সুবিধা । কৃষি বিভাগৰ উদ্যান শস্য নামৰ এটা বিয়াগোম বিভাগ আছে যদিও তাৰ পৰা প্ৰকৃতাৰ্থত কোনো ধৰণে উপকৃত হোৱা নাই কৃষক সকল ৷

এতিয়া প্ৰশ্ন হয় কৃষি দপ্তৰৰ উদ্যান শস্য বিভাগৰ পৰা এনে কমলাৰ খেতিয়কে কিবা সাহাৰ্য্য পাবলৈ সক্ষম হ'ব নে ? চৰকাৰৰ কৃষি বিভাগৰ অৱহেলাৰ বাবেই দক্ষিণ কামৰূপৰ সুস্বাদু কমলা টেঙাৰ ব্যৱসায় চিৰ দিনৰ বাবে নিশেষ হ'ব নেকি!

Intro:Body:বকো:: এয়া কমলা টেঙাৰ বতৰ। সেমেকা বতৰত কোমল ৰ'দত বহি কমলাৰ সুৱাদ লোৱাৰ আমেজেই সুকীয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কমলাৰ পৰিৱৰ্তে দক্ষিণ কামৰূপৰ কমলাৰ সুৱাদেই এক সুকীয়া।

GFX (1) শীতৰ বতৰৰ ফল কমলা।
GFX (2) দক্ষিণ কামৰূপৰ কমলা টেঙা বৰ্হিৰাজ্যতো
আছে এক বিশেষ সমাদৰ।
GFX (3) কৃষি বিভাগৰ গাফিলতিৰ বাবে সমস্যাত
পৰিছে কমলা খেতিয়কে।
GFX (4) কমলা বাগানত এতিয়া দেখা দিছে অচিন
ৰোগে।
GFX (5) যাৰ বাবে কমলা চাহিদা হ্ৰাস পাবলৈ ধৰিছে।
GFX (6)চৰকাৰৰ নাই কোনো তৎপৰতা।
  
হয়, শীতৰ ফল কমলা। ৰাজ্যৰ বজাৰসমূহত ভৰি পৰিছে থলুৱা আৰু আমদানিকৃত কমলাটেঙা। বজাৰত এতিয়া প্ৰতিটো কমলাৰে দাম ৭ টকাৰ পৰা দহ টকা পৰ্যন্ত। ৰাজ্যত কমলা উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো চাহিদা অনুযায়ী উৎপাদন পৰা বঞ্চিত হৈছে কমলাৰ খেতিয়কসকলে। সেয়েহে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনা কমলাৰে ভৰি পৰিছে বজাৰসমূহত। দক্ষিণ কামৰূপৰ উকীয়াম শান্তিপুৰ, কম্পাতলী, হাহিম, আমৰেংকোনা, আঠিয়াবাৰী আদি অঞ্চলসমূহত কমলা খেতিৰ বাবে উল্লেখনীয় ঠাই। কিন্তু ক্ৰমান্বয়ে দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্ত্তী এলেকাসমূহত কমলাৰ উৎপাদন দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে। কমলা খেতিয়কে চৰকাৰ প্ৰশাসন কিম্বা কৃষি বিভাগৰ পৰা নাপায় কোনো সা সুবিধা। কৃষি বিভাগৰ উদ্যান শস্য নামৰ এটা বিয়াগোম বিভাগ আছে যদিও তাৰে পৰা প্ৰকৃতাৰ্থত কোনো উপকৃত নহয় কৃষকে।

      Byte :- বৈকুণ্ঠ ৰাভা, আমৰেংকোনা, কমলাৰ খেতিয়ক।

এতিয়া প্ৰশ্ন হল কৃষি দপ্তৰৰ উদ্যান শস্য বিভাগৰ পৰা এনে কমলাৰ খেতিয়কে কিবা সাহাৰ্য্য পাবলৈ সক্ষম হব নে? চৰকাৰ কৃষি বিভাগৰ অৱহেলাৰ বাবেই দক্ষিণ কামৰূপৰ সুস্বাদু কমলা টেঙা দিনক দিনে নিশেষ হব নেকি! সেয়া এক এক প্ৰশ্নৰ বিষয় হৈ পৰিছে।Conclusion:
Last Updated :Dec 22, 2019, 4:51 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.