ETV Bharat / state

গৌৰীপুৰৰ ভয়াবহ পথ দুৰ্ঘটনাত নিহত সংবাদ কৰ্মী

author img

By

Published : Sep 6, 2019, 11:03 PM IST

গৌৰীপুৰৰ ভয়াবহ পথ দুৰ্ঘটনাত নিহত সংবাদ কৰ্মী

উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ভয়াবহ পথ দুৰ্ঘটনা । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী ট্ৰাকে মহতিয়ালে মটৰচাইকেল ৷ থিতাতে নিহত এজন সংবাদ কৰ্মী ৷

উত্তৰ গুৱাহাটী, 6 ছেপ্তেম্বৰঃ

  • শুক্ৰবাৰে উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা ।
  • গুৱাহাটীৰ পৰা চাংসাৰি অভিমুখী মটৰচাইকেল আৰোহী কিশোৰ শৰ্মা নামৰ এজন ব্যক্তিক পিচফালৰ পৰা মহতিয়াই নিয়ে তীব্ৰ বেগী NL O1 AD 4437 নম্বৰৰ এখন ট্ৰাকে ৷
    গৌৰীপুৰৰ ভয়াবহ পথ দুৰ্ঘটনাত নিহত সংবাদ কৰ্মী
  • ট্ৰাকৰ তীব্ৰ খুন্দাত থিতাতে মৃত্যু হয় ব্যক্তিজনৰ ৷
  • মৃত কিশোৰ শৰ্মা গুৱাহাটীৰেই এটি ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মী আছিল ৷
  • নিষ্ঠাবান সংবাদকৰ্মী গৰাকীৰ মৃত্যুত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বৃহত্তৰ অঞ্চলটোত ৷
Intro:*SLUG= NORTH GHY BIG ACCIDENT ONE DEAD*

SCRIPT= উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ভয়াবহ পথ দুৰ্ঘটনা । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী ট্ৰাকে মহতিয়ালে মটৰচাইকেল। DY 365

Body:সংবাদ কৰ্মী কিশোৰ শৰ্মা থিতাতে নিহত। গুৱাহাটীৰ পৰা চাংসাৰী অভিমুখী মটৰচাইকেল আৰোহী কিশোৰ শৰ্মাক পিচপিনৰ পৰা গৌৰীপুৰ আৰক্ষী থানাৰ সমীপত মহতিয়াই নিয়ে তীব্ৰ বেগী NL O1 AD 4437 ট্ৰাকখনে। তীব্ৰ বেগী ট্ৰাকখনে মটৰচাইকেল খন পিচপিনৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰি প্ৰায় তিনিশ মিটাৰৰো অধিক ঠাই চোচৰাই নিয়ে।Conclusion:ফলত থিতাতে নিহত হয় DY 365 ৰ নিষ্ঠাবান সংবাদ কৰ্মী গৰাকী। তিনিমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হোবা সংবাদ কৰ্মী গৰাকীৰ অকাল মৃত্যুত শোকাকুল পৰিবেশে বিৰাজ কৰিছে বৃহত্তৰ অঞ্চলটোত ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.