ETV Bharat / state

মহানগৰীৰ ৰাজপথত ৫০-৬০ দশকৰ পুৰণি ভিনটেজ কাৰ

author img

By

Published : Sep 27, 2021, 9:01 PM IST

old-vintage-car-rally-in-guwahati-on-the-occasion-of-world-tourism-day
মহানগৰীৰ ৰাজপথত ৫০-৬০ দশকৰ পুৰণি ভিনটেজ কাৰ

1980 চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে 27 চেপ্তেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে ৷ এইবছৰো সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস ৷ বিশ্ব পৰ্যটন দিৱসৰ লগত সংঘটিত ৰাখি মঙলবাৰে গুৱাহাটীৰ ৰাজপথত দেখা গ'ল 50-60 দশকৰ বহুকেইখন ভিনটেজ কাৰৰ ৰেলী ৷

গুৱাহাটী,27 ছেপ্টেম্বৰ : বিশ্ব পর্যটন দিৱসৰ দিনটোত গুৱাহাটীৰ ৰাজপথত চলিল 50-60 দশকৰ বহু কেইখনো পুৰণি বিলাসী গাড়ীসহ বহু কেইখন দামী বুলেট ৷ বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি চান্দমাৰী খেলপথাৰত ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংস্থা ব্যতিক্ৰম আৰু ইনষ্টিটিউট অফ এডভান্স মেনেজমেণ্টৰ সহযোগত অযোজন কৰা হৈছিল বিশ্ব পৰ্যটন দিৱস ৷ এই কাৰ্যসূচীৰ অংশস্বৰূপে আয়োজন কৰা হয় এক বাইক ৰেলী আৰু ভিনটেজ কাৰ ৰেলী ৷

মহানগৰীৰ ৰাজপথত ৫০-৬০ দশকৰ পুৰণি ভিনটেজ কাৰ

সোমবাৰে পুৱাৰ ভাগত অনুষ্ঠিত হোৱা এই বাইক ৰেলী আৰু ভিনটেজ কাৰ ৰেলীৰ ফ্লেগ অফ কৰে উত্তৰ-পূৱৰ পৰ্যটন বিভাগৰ উত্তৰ পূৱৰ মহা প্ৰবন্ধক শংকৰ শুভ্ৰ দেৱবাৰ্মাই ৷ এই ৰেলীত 35 খন মটৰ চাইকেল আৰু 10 খন ভিনটেজ বাহন অংশগ্ৰহণ কৰে ৷ চান্দমাৰী খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই ৰেলী দীঘলীপুখুৰী- জালুকবাৰী-খানাপাৰা-উলুবাৰী-গুৱাহাটী ক্লাব হৈ পুনৰ চান্দমাৰী খেলপথাৰত সামৰণি পৰে ৷

মহানগৰীৰ ৰাজপথত স্বাধীনোত্তৰ কালৰে অতি পুৰণি গাড়ী সমূহ চলাচল কৰা প্ৰত্যক্ষ কৰা দেখি স্বাভাৱিকতে বহু লোকে আনন্দত আত্মহাৰা হৈ পৰে ৷ উল্লেখ্য যে, প্ৰতি বছৰৰ দৰে এই বছৰো 27 চেপ্তেম্বৰ দিনটোত সমগ্ৰ বিশ্বতে পালন কৰা হয় হয় বিশ্ব পৰ্যটন দিৱস ৷

লগতে পঢ়কঃ বিজুলী ভৱনত ঢেৰেকনি : থৰকাচুটি হেৰাইছে বহুজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.