ETV Bharat / state

পলাশবাৰী আৰক্ষীৰ জালত ইৰাণী গ্ৰুপৰ 6 সদস্য

author img

By

Published : Jan 22, 2021, 12:37 PM IST

Updated : Jan 22, 2021, 1:03 PM IST

irani_group_thief_caught
পলাশবাৰী আৰক্ষীৰ জালত ইৰাণী গ্ৰুপৰ 6 সদস্য

দীৰ্ঘদিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি অহা ইৰাণী গ্ৰুপৰ 6 সদস্য কামৰূপ আৰক্ষীৰ জালত পৰিল ৷ মোবাইল ট্ৰেকিংৰ জড়িয়তে যোৱা নিশা কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক কল্যান পাঠক আৰু পলাশবাৰী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিং হাজাৰী নেতৃত্বত তথা বাইহাটা আৰু চাংসাৰি আৰক্ষীৰ সহযোগত চিলনী চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় পলাশবাৰী আৰক্ষীয়ে ৷

পলাশবাৰী,22 জানুৱাৰী : পলাশবাৰী আৰক্ষীৰ বৃহৎ সফলতা । কামৰূপ আৰক্ষীৰ জালত পৰিল ইৰাণী গ্ৰুপৰ 6 সদস্য ৷ দীৰ্ঘদিন ধৰি সমগ্ৰ অসমৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ কিন্তু দশা বেয়া আছিল ইৰাণী গ্ৰুপৰ সদস্য কেইটাৰ ৷ বৃহস্পতিবাৰে নিশা কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক কল্যান পাঠক আৰু পলাশবাৰী আৰক্ষীৰ ভাৰ প্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিং হাজাৰী নেতৃত্বত তথা বাইহাটা আৰু চাংসাৰি আৰক্ষীৰ সহযোগত ৬ টা চিলনী চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় পলাশবাৰী আৰক্ষীয়ে ৷

পলাশবাৰী আৰক্ষীৰ জালত ইৰাণী গ্ৰুপৰ 6 সদস্য

দীৰ্ঘদিন ধৰি হিন্দী চিনেমাৰ দৰে চুৰি কাৰ্য সংঘটিত কৰি অহা এই চিলনী চোৰৰ দলটোক ধৰিবলৈ আৰক্ষীয়ে চেষ্টা চলাই আছিল । অনকি দক্ষিণ কামৰূপতে এই চিলনী চোৰৰ দলটোৱে বিভিন্ন ঠাইত টকাৰ বেগ,সোণৰ চেইন কাঢ়ি নিয়াৰ উপৰিও বিভিন্ন লোকক বান্দৰ কেকোৱা আৰু বিভিন্ন ৰাসায়নিক দ্ৰব্য চতিয়াই লুট চলাই আহিছিল ৷ অৱশেষত মোবাইল ট্ৰেকিংৰ জড়িয়তে যোৱা নিশা আৰক্ষীয়ে চাংসাৰিত কৰায়ত্ত কৰিবলৈ সক্ষম হয় এই চোৰ কেইটাক । প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ জালত পৰা এই ৬ জনীয়া দলটিৰ আটাইকেইজনে বিহাৰৰ বুলি জানিব পৰা গৈছে । চোৰ কেইজনৰ নাম ক্ৰমে আয়াণ সিং,আণীং সিং, সতিশ গোৱালা, ৰাহান ৰামান, সতিশ য়াদৱ ৷ চোৰৰ এই দলটিৰ পৰা ১২টা মোবাইল ফোন,৮ ডাল সোণৰ চেইন,নগদ প্ৰায় ৭০হেজাৰ টকা,চুৰিকাৰ্যত ব্যৱহাৰ হোৱা কাটাৰ মাষ্টাৰ কি,বান্দৰ কেকোৱা,জলকীয়াৰ গুৰি আদিৰ লগতে বিভিন্ন সা-সৰঞ্জাম জব্দ কৰিবলৈ সক্ষম হয় পলাশবাৰী আৰক্ষীয়ে ।

ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : জোনবিলত সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা

Last Updated :Jan 22, 2021, 1:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.