ETV Bharat / state

Rangia Model hospital: মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা ছমাহ হ’ল; খোল নাখালে ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ আই চি ইউ কক্ষৰ দুৱাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 12:51 PM IST

Rangia Model hospital
মুখ্যমন্ত্ৰীয়ে মুকলি কৰা ছমাহৰ পাচতো কাৰ্যকক্ষম হৈ নুঠিল ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ আ চি ইউ

মুখ্যমন্ত্ৰীয়ে মুকলি কৰাৰ পাচতো ৰোগীৰ বাবে কাৰ্যক্ষম হৈ নুঠিল ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ আই চি ইউ ৷ ছয়মাহে পৰি ৰৈছে অত্যাধুনিৰ আই চি ইউ কক্ষক ৷

মুখ্যমন্ত্ৰীয়ে মুকলি কৰা ছমাহৰ পাচতো কাৰ্যকক্ষম হৈ নুঠিল ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ আ চি ইউ

ৰঙিয়া,14 ছেপ্টেম্বৰ : ‘‘আছে গৰু নাবায় হাল, থকাতকৈ নথকৈ ভাল ৷’’ উক্ত বাক্য শাৰী যেন প্ৰযোজ্য হৈছে ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ৰ ক্ষেত্ৰত ৷ কিয়নো মুকলি কৰা প্ৰায় ছয় মাহ সম্পূৰ্ণ হোৱাৰ পিচতো আজি পৰ্যন্ত ৰঙিয়া আদৰ্শ চিকিৎসালয়ত থকা 47 খন বিচনাযুক্ত আই চি ইউ কক্ষটো সৰ্বসাধাৰণ লোকৰ বাবে মুকলি নহ’ল ৷ প্ৰায় 4 কোটি 52 লাখ টকা ব‍্যয় সাপেক্ষে ৰঙিয়া আদৰ্শ চিকিৎসালয়ত আই চি ইউটোৰ নিৰ্মাণৰ কাম ছয়মাহৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈছিল । নিৰ্মাণৰত অৱস্থাত স্থানীয় বিধায়ক ভবেশ কলিতাৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰিছিল ৷

কিন্তু কেইবাগৰাকী মন্ত্ৰী আৰু বিধায়কৰ পদধূলায়ো আই চি ইউটো আজি পৰ্যন্ত কাৰ্যক্ষম কৰি তুলিব নোৱাৰিলে । প্ৰতি গৰাকী জনপ্ৰতিনিধিয়েই প্ৰত‍্যেকবাৰেই মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি গ'ল ৰাইজক । মহামাৰী ক’ভিডৰ সময়ৰ পৰা নিৰ্মণৰত 47 খন বিচনাযুক্ত আই চি ইউটো নিৰ্মাণ সম্পূৰ্ণ হ’ল ঠিকে ৷ কিন্তু মুখ‍্যমন্ত্ৰীয়ে 2023 চনৰ 26 মাৰ্চৰ দিনা নিজ হাতে মুকলি কৰি যোৱাৰ প্ৰায় ছয় মাহ অতিক্ৰম কৰাৰ পিচতো কাৰ্যক্ষম নহ’ল ৰঙিয়া আদৰ্শ চিকিৎসালয়খনৰ আই চি ইউটো ।

বিষয়টোৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই কয় যে, অত দিনে বিভাগটো মুকলি নোহোৱা বাবে ৰঙিয়াৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ যথেষ্ট ক্ষতি হৈছে । বিশেষকৈ জৰুৰীকালীন স্বাস্থ্য সেৱা কেন্দ্ৰটোত ইতিমধ্যে নিযুক্তি দিয়া চাৰিগৰাকী টেকনিচিয়ানৰ এগৰাকী মইনাখোৰোং আৰু আন এগৰাকী শিঙিমাৰীৰ চিকিৎসালয়ত কৰ্মৰত হৈ আছে । ইফালে কেন্দ্ৰটোৰ সজ্ঞাহাৰক চিকিৎসক গৰাকীও আন এটা কেন্দ্ৰত কৰ্মৰত হৈ আছে । চৰকাৰে কেৱল আঁচনি বনালেই নহ’ব, সময়মতে আঁচনি সম্পূৰ্ণ কৰি তাক ৰূপায়ণ কৰিলে ৰাইজৰ উপকৃত হ’ব ।

ইফালে কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা হেমন্ত দাসে বিষয়টোৰ সন্দৰ্ভত চৰকাৰ তথা প্ৰশাসনক সমালোচনা কৰি কয় যে, কেইবা কোটি টকা খৰচ কৰি ৰাইজৰ সেৱাৰ বাবে নিৰ্মাণ কৰা এই আই চি ইউটো বৰ্তমান ভূত বাংলালৈ ৰূপান্তৰিত হৈছে । ৰাইজৰ ধনেৰে ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা কেন্দ্ৰটোত মুখ‍্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পিচতো ৰাইজে চিকিৎসা সেৱা গ্ৰহণ কৰিব নোৱাৰাটো সচাকৈয়ে দুৰ্ভাগ্যজনক ।

লগতে পঢ়ক:Bharat Jodo Yatra: ৰঙিয়াত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি আয়োজন; বিজেপিক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.