ETV Bharat / state

ৰঙিয়াত বানাক্ৰান্তৰ সহযোগত আছুৰ মানৱ শৃংখল

author img

By

Published : Aug 4, 2020, 3:14 PM IST

Human chain by AASU at Rangia
ৰঙিয়াত বানাক্ৰান্তৰ সহযোগত আছুৰ মানৱ শৃংখল

জল সম্পদ বিভাগ তথা জিলা প্ৰশাসনে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে মঙলবাৰে বানপীড়িত ৰাইজৰ সহযোগত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়া আছুৱে ৷

ৰঙিয়া, 4 আগষ্ট: পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে মথাউৰি ভাঙি প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰা 24 দিন পাৰ হ'ল ৷ বৰ্তমানো মথাউৰিটোৰ উক্ত ভগা অংশৰে তীব্ৰ সোঁতেৰে পানী বৈ থকাত শ শ গাঁৱত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ মাজত ৷ কিন্তু ইয়াৰ পাছতো জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে মঙলবাৰে বানপীড়িত ৰাইজৰ সহযোগত ভগ্ন মাথাউৰিৰ ওপৰত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়া আছুৱে ৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

ৰঙিয়াত বানাক্ৰান্তৰ সহযোগত আছুৰ মানৱ শৃংখল

উল্লেখ্য যে, বানাক্ৰান্ত ৰাইজক প্ৰশাসনে কেৱল দুদিনৰ বান সাহাৰ্য প্ৰদান কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ গতিকে মথাউৰিৰ ভগ্ন অংশ নিৰ্মাণ কৰাৰ লগতে বন্যাৰ্তক উপযুক্ত ক্ষতিপূৰণ আৰু পৰ্যাপ্ত বান সাহাৰ্য প্ৰদান কৰাৰ দাবী জনাই ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷

লগতে পঢ়কঃ কি হ'ব কা-আন্দোলনৰ ভৱিষ্যত ? কি কলে সংগীত শিল্পী মানস ৰবীনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.