ETV Bharat / state

ৰাজপথৰ পৰা দুৰ্বৃত্তই লুটি নিলে 35 লাখ টকা

author img

By

Published : Aug 17, 2020, 10:31 PM IST

Huge amount of money loot at North Guwahati
উত্তৰ গুৱাহাটীত দুৰ্বৃত্তৰ বৃহৎ পৰিমাণৰ ধন লুট

উত্তৰ গুৱাহাটীৰ কলবাৰীত চাঞ্চল্যকৰ ডকাইটি কাণ্ড ৷ গ্ৰীণভেলী ৰাইচ মিলৰ সমীপত জি এন আৰ চি হাস্পতালৰ পৰা অভয়পুৰস্থিত বেংকলৈ নি থকা অৱস্থাতে এজন হাস্পতাল কৰ্তৃপক্ষৰ হাতৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে 35 লাখ টকা ৷ ঘটনা সন্দৰ্ভত কামৰূপ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

বাইহাটা, 17 আগষ্ট: উত্তৰ গুৱাহাটীৰ কলবাৰীত সোমবাৰে সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইটি কাণ্ড ৷ মাৰণাস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই লুটি নিয়ে 35 লাখ টকা ৷

প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ গুৱাহাটী গ্ৰীণভেলী ৰাইচ মিলৰ সমীপত জি এন আৰ চি হাস্পতালৰ পৰা অভয়পুৰস্থিত বেংকলৈ নি থকা অৱস্থাতে হাস্পতাল কৰ্তৃপক্ষৰ এজন লোকৰ হাতৰ পৰা দুৰ্বৃত্তই লুট কৰে বৃহৎ পৰিমাণৰ ধনখিনি ৷ ক’লা ৰঙৰ এখন এল্ট’ গাড়ীত আহিছিল এই অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটো ৷

উত্তৰ গুৱাহাটীত দুৰ্বৃত্তৰ বৃহৎ পৰিমাণৰ ধন লুট

আনহাতে, নিৰাপত্তাৰক্ষী অবিহনে হাস্পতাল কৰ্তৃপক্ষই বৃহৎ পৰিমাণৰ ধনৰাশি সৰবৰাহ কৰাক লৈ সচেতন মহলৰ মাজত সৃষ্টি হৈছে ৰহস্যৰ ৷ নিৰাপত্তাৰক্ষী নোহোৱাকৈ কিয় হাস্পতাল কৰ্তৃপক্ষই বৃহৎ পৰিমাণৰ ধন সৰবৰাহ কৰিছিল তাক লৈ ভিন্ন প্ৰশ্ন উত্থাপন হৈছে ৷

ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ পৰা আঁতৰি আছে হাস্পতাল কৰ্তৃপক্ষ ৷ ঘটনাস্থলীত কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ দুৰ্বৃত্তক বিচাৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: ৰাজনৈতিক সমীকৰণত ব্যস্ত ৰাজ্যৰ সংখ্যালঘূসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.