ETV Bharat / state

গুজৰাটৰ পৰা পুনৰ অসমলৈ অনা হ’ল ৩০১ জনী গিৰ গাই

author img

By

Published : Apr 3, 2022, 6:59 PM IST

gir gai coming from gujrat to rangia
গুজৰাটৰ পৰা অসমলৈ পুনৰ ৩০১ গিৰ গাই

প্ৰগতিৰ দিশে গৰুখুটি বহুমুখী কৃষি প্ৰকল্প । পুনৰ গুজৰাটৰ পৰা অসমলৈ অনা হ'ল ৩০১ জনী গিৰ গাই (Gir gai brought from Gujrat to Garukhuti ) । দেওবাৰে পুৱাতেই ৰঙিয়া জংচন পালেহি গিৰ গাই ।

ৰঙিয়া,০৩ মাৰ্চ: গুজৰাটৰ পৰা অসমলৈ পুনৰ অনা হ'ল ৩০১ জনী গিৰ গাই । ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা ৩০১ টা গিৰ গাই কঢ়িয়াই অনা মালবাহী ৰেল দেওবাৰে ৰঙিয়া ৰঙিয়া জংচনত উপস্থিত হয় । মুখ্যমন্ত্ৰীৰ সপোনৰ কৃষি প্ৰকল্পক বাস্তৱ ৰূপ দিয়াৰ বাবেই এই প্ৰস্তুতি ।

গুজৰাটৰ পৰা অসমলৈ পুনৰ ৩০১ গিৰ গাই

গৰুখুটি বহুমূখী প্ৰকল্পত উৎপাদন হ'ব দুগ্ধ উৎপাদন প্ৰকল্প । এই দুগ্ধ উৎপাদনৰ বাবে গুজৰাটৰ পৰা উন্নতজাতৰ ৩০১ জনী গিৰ গাই অনা হৈছে । ৰঙিয়া ষ্টেচনৰ পৰা ট্ৰাক যোগে লৈ যোৱা হয় গৰুখুটি বহুমুখী প্ৰকল্পলৈ (Garukhuti Multipurpose Agriculture Project) ।

গুজৰাটৰ পৰা অহা ট্ৰেইন খনত ২০ টা পোৱালী গৰু সহ ৩০০ গাই অনা হৈছে প্ৰকল্পটোলৈ । গুজৰাটৰ পৰা ট্ৰেইন যোগে আহি থকাৰ সময়ত এটি পোৱালী জন্ম পোৱাৰ পিছত সংখ্যা বৃদ্ধি হয়গৈ ৩০১ টা লৈ ।

গিৰ গাইবোৰ সম্পূৰ্ণ সুস্থ বুলি বুলি প্ৰকাশ কৰে পশু চিকিৎসকৰ দলে । ৰঙিয়া জংচনৰ পৰা গিৰ গাই নিবলৈ আহে গৰু খুটিৰ প্ৰশিক্ষণপ্ৰাপ্ত ৬০ জনীয়া এটা দল । একোটা গিৰগাই য়ে দৈনিক ১৪ ৰ পৰা ১৬ লিটাৰ গাখীৰ দিব বুলি প্ৰকল্পটোৰ লগত জড়িত বিষয়াই জানিবলৈ দিয়ে । গাখীৰৰ চাহিদা কিছু পৰিমাণে হলেও পূৰণ কৰাৰ লগতে বহু সংখ্যাক নিবনুৱাক সংস্থাপিত কৰাৰ উদ্দেশ্যে এই দুগ্ধ প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: দুষ্টচক্ৰৰ মূৰৰ কামোৰণি হৈ পৰিছে মৈৰাবাৰী আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.