ETV Bharat / state

পিতৃৰ হাতত প্ৰাণ গ'ল 6 বছৰীয়া পুত্ৰৰ

author img

By

Published : Jun 1, 2021, 6:03 PM IST

Updated : Jun 1, 2021, 10:52 PM IST

পিতৃৰ হাতত প্ৰাণ গ'ল 6 বছৰীয়া পুত্ৰ
পিতৃৰ হাতত প্ৰাণ গ'ল 6 বছৰীয়া পুত্ৰ

পিতৃৰ হাতত প্ৰাণ হেৰুৱালে 6 বছৰীয়া পুত্ৰই ৷ বকোৰ ছয়গাঁৱত সংঘটিত হৈছে ঘটনা ৷ অতি সংকটজনক অৱস্থাত 6 বছৰীয়া শিশুটিক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে ৷

বকো, 1 জুন : পিতৃৰ হাতত মৃত্যুক সাৱটিলে বকোৰ ছয়গাঁৱৰ এটি 6 বছৰীয়া শিশুৱে ৷ বকোৰ ছয়গাঁৱত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডত পিতৃৰ হাতত 6 বছৰীয়া শিশুটিয়ে প্ৰাণ হেৰুৱাবলগীয়া হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি ময়নাল হক নামৰ লোকজনে চোকা অস্ত্ৰৰে ঘপিয়াই নিজ পুত্ৰক হত্যা কৰে ৷ স্থানীয় লোকে সদৰি কৰা মতে, ময়নাল হক নামৰ লোকজনে মনিৰুল হক নামৰ নিজৰ 6 বছৰীয়া পুত্ৰক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ।

পিতৃৰ হাতত প্ৰাণ গ'ল 6 বছৰীয়া পুত্ৰৰ

জানিব পৰা মতে, অতি সংকটজনক অৱস্থাত 6 বছৰীয়া শিশুটিক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে ৷ ইফালে, অভিযুক্ত হত্যাকাৰী পিতৃ ময়নাল হক মানসিকভাৱে অসুস্থ বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে হত্যাকাৰী পিতৃ ময়নাল হকক গৰৈমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক: কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্ৰৰ

Last Updated :Jun 1, 2021, 10:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.