ETV Bharat / state

Farmers appeal: ৰঙিয়াৰ ধুহিবালাত কৃষকৰ আৰ্তনাদ: আমাক জীয়াই থাকিবলৈ কিবা এটা কৰক

author img

By

Published : Jul 18, 2022, 10:37 PM IST

ৰঙিয়াৰ ধুহিবালাত কৃষকৰ হাহাকাৰ ৷ বৰলীয়া নৈৰ বানে ৰঙিয়াৰ ধুহিবালাত সৃষ্টি কৰিছে বিভীষিকাৰ ৷ হাজাৰ হাজাৰ বিঘা কৃষিভূমি নষ্ট কৰি হোৱাৰ ফলত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Floods destroy crops at Rangia) ।

Floods destroy crops at Rangia
‘‘আমাক জীয়াই থাকিবলৈ কিবা এটা কৰক ’’ ৰঙিয়াৰ ধুহিবালাত কৃষকৰ হাহাকাৰ

ৰঙিয়া,18 জুলাই: বানে বিধংসী ৰূপ ধাৰণ কৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ কৃষকসকলৰ মাজত (Flood in Assam) ৷ হাজাৰ হাজাৰ কৃষিভূমি চকুৰ পচাৰতে ক্ষতিগ্ৰস্ত কৰিছে বানে ৷ সমান্তৰালভাৱে ৰঙিয়াৰ ধুহিবালাত কৃষকৰ হাহাকাৰ(Farmers of Dhuhibala in Rangia) । কিছুদিন আগতে হৈ যোৱা বৰলীয়া নৈৰ বানে অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি নষ্ট কৰি পেলাইছে (Floods destroy crops at Rangia) ।

এই পৰ্যন্ত ভালকৈ পানী নুশুকোৱাৰ ফলত আজি পৰ্যন্ত পানীৰ তলত অঞ্চলটোৰ কৃষকসকলৰ সপোনৰ ধাননি পথাৰ ৷ বানত পচি যোৱা ধাননি পথাৰত এতিয়া কেৱল কৃষকৰ হা-হুমুনিয়াহ । বছৰটোৰ দ্বিতীয়টো বানৰ ফলত বৰলীয়া নৈৰ পানী ওফন্দি উঠি কাষৰীয়া প্ৰায়বোৰ ঠায়ে প্লাৱিত কৰে ৷ এই বানে ৰঙিয়াৰ ধুহিবালাৰ বড়ো ধানৰ খেতিসমুহ নষ্ট কৰে ৷ ফলত পচি যোৱা ধান, খেৰ আদি গৰু-ছাগলীক খুৱাবলৈ বাধ্য হৈছে ৷ এতিয়া অঞ্চলটোৰ খাটিখোৱা কৃষকসকলে মূৰে-কপালে হাত দিব লগীয়া পৰিস্থিত হৈছে ৷

‘‘আমাক জীয়াই থাকিবলৈ কিবা এটা কৰক ’’ ৰঙিয়াৰ ধুহিবালাত কৃষকৰ হাহাকাৰ

হাজাৰ হাজাৰ টকা ঋণলৈ কৰা খেতিৰ এই অৱস্থা দেখি কান্দোনত ভাগি পৰিছে ধান অথবা চাউল বিক্ৰী কৰি বছৰটো কোনোমতে চলি থকা এইসকল কৃষক ৷ ইফালে চৰকাৰে এইক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰা বুলি অভিযোগ উত্থাপন কৰি চৰকাৰৰ কৌটি কৌটি টকাৰ কল্যাণকামী অভিলাসী আঁচনি সমূহৰো একো সুবিধা লাভ কৰা নাই বুলি উল্লেখ কৰিলে এই সকল খেতিয়কে ৷

জীৱিকাৰ মুল সম্বল খেতিপথাৰৰ ধানবোৰ নষ্ট হৈ যোৱাত পেটত গামোচা বান্ধি কষ্টকৰ দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে অঞ্চলটোৰ হেজাৰৰো অধিক কৃষকে । ‘‘আমাক জীয়াই থাকিবলৈ কিবা এটা কৰক’’ বুলি উল্লেখ কৰি শীঘ্ৰেই এই সমস্যা সমাধান কৰাৰ বাবে চৰকাৰক কৃষকসকলে আহ্বান জনাইছে ৷

লগতে পঢ়ক: Police heroism against auto driver: বোকাজানত অটো চালকৰ ওপৰত আৰক্ষীৰ বীৰত্ব প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.