ETV Bharat / state

নৱবৰ্ষৰ পহিলা দিনটোত পদপথৰ লোকসকলক এমুঠি অন্ন যোগান সাৰথি শান্তি নিৱাসৰ

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 9:27 PM IST

Food to homeless people
নিঃসহায় লোকসকলক যোগান ধৰিলে খাদ্য

Food to homeless people : ৰঙিয়াৰ সাৰথি শান্তি নিৱাসে ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ ৷ পদপথত বসবাস কৰি থকা নিঃসহায় লোকসকলক অনুষ্ঠানটোৱে যোগান ধৰিলে খাদ্য ৷

সাৰথি শান্তি নিৱাসৰ ব্যতিক্ৰমী পদক্ষেপ

ৰঙিয়া, 1 জানুৱাৰী : ইংৰাজী নৱবৰ্ষত দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো উছৱমুখৰ পৰিৱেশ ৷ নৱবৰ্ষৰ প্ৰথমটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনভোজস্থলীকে ধৰি বিভিন্ন ঠাইত আনন্দত মতলীয়া হৈ পৰিছে বিভিন্নজন ৷ পুৰণি বছৰটোক বিদায় দি ইংৰাজী নৱবৰ্ষ উপলক্ষে আত্মীয়, বন্ধু-বান্ধৱ সকলোৱে লগে-ভাগে মিলি মাছে-মঙহে এসাঁজ জুতি লগাই খাইছে ৷ কিন্তু নৱবৰ্ষৰ এই উলাহে চুব পৰা নাই পদপথৰ লোকসকলক ৷ শীতৰ নিশা কিবাকৈ নিজলৈ বুলি মাত্ৰ অন্নমুঠি যোগাৰ কৰিছে এওঁলোকে ৷

ইয়াৰ মাজতে ৰঙিয়াৰ এক সামাজিক অনুষ্ঠানে গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ ৷ এই সকল লোকৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্য আগত ৰাখি সাৰথি শান্তি নিৱাসে ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ ৷ সাৰথি শান্তি নিৱাস নামৰ অনুষ্ঠানটোৱে পদপথত বসবাস কৰি থকা নিঃসহায় লোকসকলক যোগান ধৰিলে খাদ্য ৷ ৰঙিয়াৰ বুকুত 2023 বৰ্ষত গঢ় লৈ উঠা সাৰথি শান্তি নিৱাস নামৰ অনুষ্ঠানটোৱে পদপথত বসবাস কৰা লোকসকলৰ সাৰথি হিচাপে থিয় দিছে ৷

সাৰথি শান্তি নিৱাস নামৰ অনুষ্ঠানটোৱে এই নিঃসহায় লোকসকলে যাতে আজিৰ দিনটোত এমুঠি আনন্দেৰে খাব পাৰে সেই উদ্দেশ্য আগত ৰাখি ৰঙিয়া নগৰৰ পদপথত বাসবাস কৰি থকা কেইবাগৰাকীমান নিঃসহায় লোকক এমুঠি অন্ন যোগান ধৰে ৷ এই কাৰ্যসূচীত উপস্থিত থাকে সাৰথি শান্তি নিৱাসৰ সঞ্চালক বিপুল কলিতা, পৰিচালক ৰাহুল বৰ্মন আৰু চৈয়দ চফিকুল আহমেদ ৷ অনুষ্ঠানটোৰ সঞ্চালক বিপুল কলিতাই আগন্তুক দিনবোৰতো আৰু অধিক আগ্ৰেহেৰে গৰাকীবিহীন লোকসকলৰ সহায়ৰ বাবে কাম কৰি যাব বুলি কয় ৷ লগতে এই কাৰ্যসূচীত তেখেত সকলক সহায়ৰ হাত আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : নৱবৰ্ষৰ প্ৰথমটো দিনত মাজুলীৰ সত্ৰ-নামঘৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.