ETV Bharat / state

Congress Protest at Rangia : ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Mar 10, 2023, 10:08 PM IST

Rangia
Rangia

ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ (congress protest against rangia municipality) । ৰঙিয়া পৌৰসভাই জধেমধে গছকটাৰ বিৰোধিতা কংগ্ৰেছৰ । ৰঙিয়া পৌৰসভাৰ এই কাৰ্যৰ উচিত বিচাৰৰ দাবী ।

ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদ

ৰঙিয়া, ১০ মাৰ্চ : শেহতীয়াভাৱে ৰঙিয়া পৌৰসভাৰ কেতবোৰ কাম-কাজে ক্ষুব্ধ কৰি তুলিছে স্থানীয় ৰাইজক (protest against Rangia Municipality Board) । যাৰ বাবে সময়ে সময়ে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে ৰঙিয়া পৌৰসভা তথা ইয়াৰ বিষয়া-কৰ্মচাৰীসকল । তাৰেই প্ৰতিবাদত এইবাৰ ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে (agitation against Rangia Municipality) ।

ৰঙিয়া নগৰত ৰঙিয়া পৌৰসভাই জধেমধে গছ-গছনি কাটি তহিলং কৰাৰ বিৰুদ্ধে কংগ্ৰেছে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী । বন বিভাগৰ অনুমতি অবিহনে ৰঙিয়া পৌৰসভাই নিজ মইমতালিৰে গছ ধ্বংস কাৰ্য চলোৱাক লৈ ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক প্ৰতিবাদকাৰীয়ে (deforestation allegation against rangia municipality) । ৰঙিয়া ৰাজীৱ ভৱনৰ চৌহদত পৌৰসভা হায় হায়, পৌৰপতি অমৰেন্দ্ৰ লহকৰ মুৰ্দাবাদ, নিজ মইমতালিৰে বন ধ্বংসযজ্ঞ চলোৱা নচলিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে বন বিভাগৰ অনুমতি অবিহনে ৰঙিয়া পৌৰসভাই নিজ ইচ্ছামতে ৰঙিয়া নগৰত বৃহৎ বৃহৎ গছ-গছনি কাটি ধ্বংসযজ্ঞ চলাইছিল । আনহাতে ৰঙিয়া পৌৰসভাৰ এই অবিবেচক কাণ্ডক লৈ তুমুল প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল । ৰঙিয়াবাসীৰ চিৰ পৰিচিত পুৰণি তথা আপুৰুগীয়া বৃক্ষবোৰ কাটি তহিলং কৰিছিল ৰঙিয়া পৌৰসভাই (congress protest against rangia municipality)।

আনহাতে, বন বিভাগৰ পৰা কোনো অনুমতি নোলোৱাকৈ নিজ মইমতালিৰে ৰঙিয়া পৌৰসভাই এই ধ্বংসযজ্ঞ চলোৱাৰ অভিযোগত ইতিমধ্যে ৰঙিয়া বন বিভাগে জৰিমনা বিহাৰ লগতে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে । এই কাৰ্যৰ তীব্ৰ বিৰোধিতাৰে কংগ্ৰেছকৰ্মীসকলে প্ৰশাসনক দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ৰঙিয়া পৌৰসভাক এনেধৰণৰ হঠকাৰী কামত নাকী লগাব লাগে বুলিও দাবী উত্থাপন কৰে । উল্লেখ্য যে ৰঙিয়া পৌৰসভাই শেহতীয়াভাৱে নগৰখনৰ উন্নয়নৰ নামত বহু পুৰণি আৰু ডাঙৰ ডাঙৰ বহুতো গছ কাটিছে । ফলত এই কাৰ্যত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন । আনহাতে, ৰঙিয়া পৌৰসভাৰ এই কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদো সাব্যস্ত কৰিছে ।

লগতে পঢ়ক :Protest at Nalbari Barbhag college : প্ৰতিবাদমুখৰ নলবাৰীৰ বৰভাগ মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.