ETV Bharat / state

Felicitation of 2000 meritorious students : চাংসাৰিত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

author img

By

Published : Dec 4, 2022, 4:13 PM IST

জালুকবাৰী সমষ্টিৰ ২০০০ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ । মুখ্যমন্ত্ৰীৰ ঘোষণা- অহা বছৰ গুৱাহাটীৰ এইমছত চিকিৎসা সেৱা আৰম্ভ হ'ব (Assam CM new announcement)। জাপান চৰকাৰে অসমৰ পৰা ৫ হাজাৰ নাৰ্ছ বিচাৰিছে । গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং অহা বছৰ মুকলি হ'ব ।

Assam CM
চাংসাৰিত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

বাইহাটা,৪ ডিচেম্বৰ : "সকলো ঠিকে থাকিলে অহা বছৰ এইমছ গুৱাহাটীত চিকিসা সেৱা আৰম্ভ হ'ব (AIIMS Guwahati to start next year)। শীঘ্ৰেই বাইহাটা চাৰিআলিলৈ গুৱাহাটী পৌৰ নিগমৰ সীমা সম্প্ৰসাৰিত হ'ব ।" এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমষ্টি বিধায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

চাংসাৰিত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

জালুকবাৰী সমষ্টিৰ চাংসাৰিত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমৰ উন্নয়নৰ কেইবাটাও বিষয় উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ উল্লেখ কৰা মতে সমগ্ৰ অসমৰ লগতে উত্তৰ কামৰূপ অঞ্চলটোত যথেষ্ট উন্নয়ন হৈছে । তেওঁৰ মতে উক্ত অঞ্চলটো শৈক্ষিক হাবলৈ ৰূপান্তৰিত হৈছে । সমষ্টিটোৰ উন্নয়নৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ কামৰূপবাসীৰ এতিয়া তৃতীয় বা চতুৰ্থ বৰ্গৰ চাকৰি বিচৰাৰ সময় উকলি গৈছে । বৃহত্তৰ অঞ্চলবাসীয়ে এতিয়া আনক সংস্থাপন দিয়াৰ কথাহে ভাবিব লাগে ।

ইফালে ৰাজ্যখনৰ শিক্ষাৰ উন্নয়নৰ বিষয়েও ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁ উল্লেখ কৰা মতে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত পূৰ্বতকৈ আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । অহা দিনবোৰত নগাঁও, কোকৰাঝাৰকে ধৰি আন চিকিৎসা মহাবিদ্যালয়সমূহতো আসনৰ সংখ্যা আৰু বৃদ্ধি হ'ব ।

ৰাজ্যখনত নাৰ্ছিং প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি হোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে জাপান চৰকাৰে অসমৰ পৰা ৫ হাজাৰ নাৰ্ছ বিচাৰিছে । মাহে আঢ়ৈ লাখ টকাকৈ দৰমহা পাব সেই নাৰ্ছসকলে ।

ইফালে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং অহা বছৰ মুকলি হ'ব বুলিও তেওঁ ঘোষণা কৰে (North Guwahati connected bridge to start soon) । লগতে অহা তিনি বছৰৰ ভিতৰত কুৰুৱা-নাৰেংগী সংযোগী দলং, শুৱালকুছি-পলাশবাৰী সংযোগী দলং মুকলি হোৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

উল্লেখ্য যে প্ৰতিবছৰৰ দৰে এইবাৰো জালুকবাৰী সমষ্টিৰ বিধায়কৰ উদ্যোগত কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয় (Felicitation program in Changsari)। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰায় ২০০০ কৃতি শিক্ষাৰ্থীক দেওবাৰে আয়োজিত কাৰ্যসূচীত সম্বৰ্ধনা জনোৱা হয় । য'ত স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীৰ লগতে উপস্থিত ৰাইজক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় । সম্বৰ্ধনা অনুষ্ঠানটোত মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও মুখ্যমন্ত্ৰী সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা, শিক্ষা উপদেষ্টা ননীগোপাল মহন্তকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :Press meet by Congress: আজমল অবিহনে বিজেপিয়ে উশাহ লব নোৱাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.