ETV Bharat / state

Black Joha Rice Exportation : ৰঙিয়াৰ পৰা হাজাৰ হাজাৰ কুইণ্টল ক’লা জহা ৰপ্তানি হ’ব বিদেশলৈ

author img

By

Published : Jan 10, 2023, 5:26 PM IST

ৰঙিয়াৰ পৰা দুই হাজাৰ কুইণ্টলৰো অধিক ক’লা জহা চাউল ৰপ্তানি হ’ব বিদেশলৈ (Black Joha Rice Exportation from Rangia)৷ বিহুৰ পিছতেই চাউলখিনি ৰপ্তানি হ’ব ৰাছিয়া আৰু কানাডালৈ ৷ এই খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰঙিয়াৰ লগতে সমগ্ৰ ৰাজ্যৰ কৃষকলৈ ৷

Black Joha Rice Exportation
ক’লা জহা ৰপ্তানি হ’ব বিদেশলৈ

ৰঙিয়াৰ পৰা হাজাৰ হাজাৰ কুইণ্টল ক’লা জহা ৰপ্তানি হ’ব বিদেশলৈ

ৰঙিয়া, 10 জানুৱাৰী : ৰঙিয়াৰ কৃষকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে এইবাৰৰ মাঘ বিহুৱে ৷ মাঘ বিহুৰ উৰুকা পালনৰ পিছতেই ৰঙিয়াৰ দুই হাজাৰৰো অধিক কৃষকে উৎপাদন কৰা থলুৱা ধানৰ অন্যতম উৎকৃষ্ট জাত ক’লা জহা বিদেশী বজাৰলৈ ৰপ্তানি কৰা হ’ব (Black Joha Rice Exportation from Rangia)৷ প্ৰথম অৱস্থাত প্ৰায় দুশ মেট্ৰিকটন জহা চাউল ৰাছিয়া আৰু কানাডালৈ ৰপ্তানিৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷

ৰঙিয়াৰ কনিহাৰ উত্তৰণ কৃষি উৎপাদক কোম্পানী লিমিটেডৰ(Uttaran Krishi Producer Company Rangia) তৰফৰ পৰা ৰপ্তানিৰ বাবে সম্পূৰ্ণ আগভাগ গ্ৰহণ কৰা হৈছে ৷ বৰ্তমান ৩৫০ গৰাকী মহিলা আৰু ১৮৫০ জন পুৰুষ কৃষক জড়িত হৈ থকা উত্তৰণ নামৰ এফ পি চিটোৰ বিষয়ববীয়াসকলে ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে অসমৰ পৰা ক’লা জহা ধানৰ চাউল প্ৰথমে ৰাছিয়া আৰু তাৰপিছত কানাডালৈ ৰপ্তানি কৰিব ৷

উল্লেখ্য যে, যোৱাটো বৰ্ষৰ প্ৰথমাৱস্থাত ৰপ্তানিৰ বাবে জহা চাউলৰ কিছু নমুনা পঠিওৱা হৈছিল আৰু ক্ৰেতাসকলে চাউলবিধ পচন্দ কৰিছিল ৷ কিন্তু তাৰ পিছত বিভিন্ন কাৰণত বিশেষকৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ(Russia Ukraine War) বাবে সমগ্ৰ প্ৰক্ৰিয়াটো তল পৰি ৰয় ৷ কিন্তু বৰ্তমান পুনৰ যোগাযোগ স্থাপন কৰি উত্তৰণৰ তৰফৰ পৰা আগভাগ লোৱাৰ পিছত ৰপ্তানিৰ সমগ্ৰ প্ৰক্ৰিয়া দ্ৰুত গতিত আগবাঢ়িবলৈ ধৰিছে ৷ ইতিমধ্যে কোম্পানীটোৱে কৃষকৰ পৰা ধান ক্ৰয় কৰি মজুত কৰি ৰাখিছে বুলি জানিবলৈ দিছে ৷

মন কৰিবলগীয়া যে, চাউলবিধে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান দখল কৰিবলৈ সক্ষম হ’লে আগন্তুক সময়ত স্থানীয় কৃষকসকল যথেষ্ট পৰিমাণে লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰিব পাৰি ৷ উল্লেখযোগ্য যে কনিহা অঞ্চলৰ স্থানীয় যুৱক অমল ভড়ালী আৰু পৰেশ শৰ্মাৰ উদ্যোগত প্ৰথমে ‘সেউজী যুটীয়া কৃষি সমবায় সমিতি' ৰ নামেৰে এটি সংস্থা গঠন কৰা হৈছিল ৷

একোটা বছৰত একেডৰা মাটিতে দ্বিতীয়বাৰ খেতি আৰম্ভ কৰি কামৰূপৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ(Kamrup agriculture Department) সৈতে যোগাযোগ কৰে ৷ ৰঙিয়াৰ কৃষি বিভাগ, কে ভি কে আদিৰ পৰা উপযুক্ত সঁহাৰি লাভ কৰাৰ পিছত ২০১৯ চনত কৃষি সংস্থাটো এফ পি অ'লৈ উন্নীত হয় ৷ ইতমিধ্যে কৃষি সংস্থাটোৱে 'কাছটম হিয়াৰিং চেঙাৰ'ৰ জৰিয়তে ধান ৰোৱা, কটা, বনা আৰু চাউল খুন্দা যন্ত্ৰ বিভাগীয়ভাৱে লাভ কৰিবলৈ সক্ষম হৈছে ।

ইয়াৰোপৰি বিশ্ববেংক, নাবার্ড, এপার্ট আদিৰ সৈতেও যোগাযোগ স্থাপন হৈছে ৷ ইতিমধ্যে কনিহা গাঁৱৰ দুই বিঘা ভূমি পঁচিশ বছৰৰ বাবে লীজত লৈ ‘এপার্ট’ৰ অৰ্থ সাহায্যত উত্তৰণ কৃষি কোম্পানীৰ কাৰ্যালয় গৃহ আৰু ধান বনা কল স্থাপন কৰা হৈছে ৷ ভাৰত চৰকাৰৰ কৃষি ৰাজ্যমন্ত্ৰী কৈলাশ চৌধুৰীয়ে কেইবালাখ টকীয়া কাৰ্যালয় আৰু ধান বনা কল তথা কৃষি উৎপাদনকাৰী কোম্পানীয়ে প্ৰস্তুত কৰা চাউলৰ ব্ৰেণ্ড মুকলি কৰিছে ।

আনাগত সময়ত চাউলৰ পৰা নুডলছ প্ৰস্তুত(Noodles from rice) কৰাৰো পৰিকল্পনা গ্ৰহণ কৰিছে উত্তৰণ কৃষি উৎপাদক কোম্পানীয়ে ।

লগতে পঢ়ক: Fish poisoning in Bihali: এইবাৰ মাঘ বিহুত ম্লান পৰিল ৩ খনকৈ গাঁৱৰ মাছ মৰাৰ আনন্দ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.