ETV Bharat / state

ৰঙিয়াত বিজেপি যুৱ মৰ্চাৰ দুদিনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সামৰণি

author img

By

Published : Aug 19, 2022, 7:01 AM IST

দুদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াত অনুষ্ঠিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ অন্ত পৰে । কাৰ্যনিৰ্বাহক সভাখনত গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ উপস্থিত থাকে বিজেপিৰ বহুকেইজন জ্যেষ্ঠ নেতা ৷

Haradutta Biradutta Bhavan Rangia
যুৱ মৰ্চাৰ দুদিনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি

ৰঙিয়া, 19 আগষ্ট: ৰঙিয়াত বৃহস্পতিবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ দুদিনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ অন্ত পৰে (BJYM Assam state executive meeting at Rangia)। ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত(Haradutta Biradutta Bhavan Rangia) আয়োজিত কাৰ্যনিৰ্বাহক সভাখনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ আদৰণি ভাষণ আগবঢ়ায় মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই ।

যুৱ মৰ্চাৰ দুদিনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি

যুৱ মৰ্চাৰ ৪০ খন সাংগঠনিক জিলাৰ চাৰি শতাধিক সভাপতি, সম্পাদক আৰু প্ৰতিনিধি উপস্থিত থকা কাৰ্যনিৰ্বাহক সভাখনত মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি অভিনৱ প্ৰকাশ(BJYM National Vice President), ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা(BJP Assam state president), ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়া, ৰাজ্যিক সাধাৰণ সম্পাদক তথা যুৱ মৰ্চাৰ প্ৰভাৰী দিপ্লু ৰঞ্জন শৰ্মা, মন্ত্ৰী বিমল বৰা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী উপস্থিত থাকে ।

সভাখনত সংগঠনটোৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই অহা তিনিমাহৰ ভিতৰত যুৱ মৰ্চাই দুই লাখ যুৱক-যুৱতীক সংগঠনটোত অন্তৰ্ভুক্ত কৰিব বুলি ঘোষণা কৰে । উক্ত সভাত এক ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমাজহিতৈষী কাৰ্য আৰু যুৱ প্ৰজন্মৰ হকে লোৱা পদক্ষেপৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চাই ধন্যবাদ জ্ঞাপন কৰে । উক্ত সভাত মৰ্চাৰ সাংগঠনিক দিশটো শক্তিশালী কৰা সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ বাবে মৰ্চাই প্ৰতিখন জিলাত বুথ বাহিনী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ‌।

বুথ বাহিনীৰ জৰিয়তে মহাবিদ্যালয় পৰ্যায়ৰ পৰা মৰ্চাৰ সাংগঠনিক দিশটো শক্তিশালী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । সভাখনত মুলতঃ আগন্তুক সময়ত সাংগঠনিক দিশ কেনেদৰে শক্তিশালী কৰিব তাৰ লগতে পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে আগন্তুক তিনিমাহত সংগঠনটোৱে গ্ৰহণ কৰিবলগীয়া কাৰ্যপন্থাৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয় । ইয়াৰ উপৰিও বিগত সময়চোৱাত সংগঠনটোৱে গ্ৰহণ কৰা কাৰ্যসূচী আৰু কাম-কাজৰ প্ৰভাৱ কেনেদৰে ৰাইজৰ ওপৰত পৰা পৰিলক্ষিত হৈছে সেই বিষয়েও সভাখনত বিভিন্নজনে বক্তব্য ৰাখে ।

বিজেপিৰ সাধাৰণ সম্পাদক তথা মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই(MP Dilip Saikia) ভাষণ প্ৰসংগত কয় যে ত্যাগ, বলিদান আৰু সংঘৰ্ষৰ মাজেৰে আহি ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমানৰ অৱস্থা পাইছেহি । ত্যাগৰ বিনিময়ত বটবৃক্ষৰ গঢ় লোৱা বিজেপিক নতুন প্ৰজন্মই দুগুণ গতিৰে আগুৱাই নিব লাগিব । ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শর্মা আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি প্ৰতিগৰাকী জেষ্ঠ নেতাই যুৱ মৰ্চাৰ কার্যকর্তাসকলক সংগঠনটোৰ হকে কাম কৰিবলৈ আহ্বান জনায় ৷

সভাৰ শেষত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিজেপিৰ গৌৰৱময় ইতিহাসৰ কথা উল্লেখ কৰাৰ লগতে আগন্তুক সময়ত যুৱ মৰ্চাৰ কৰণীয় সম্পৰ্কে উল্লেখ কৰি কয় যে যুৱ মৰ্চাই অসমৰ যুৱ প্ৰজন্মৰ মাজত এক নতুন ধাৰা সৃষ্টি কৰিব লাগিব । লগতে ৰঙিয়াৰ বিধায়কগৰাকীয়ে যুৱ মৰ্চাই অসমত কর্ম সংস্কৃতিৰ বাতাবৰণ গঢ়ি তোলাৰ লগতে অসূয়া-অপ্ৰীতিৰ বিপৰীতে শৃংখলিত আৰু অনুশাসিত হৈ আগবাঢ়িব লাগিব বুলি কয় ।

লগতে পঢ়ক: জ্যেষ্ঠ IAS বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক APSC ৰ নতুন অধ্যক্ষ নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.