ETV Bharat / state

সমষ্টিবাসীক দিয়া প্ৰতিশ্ৰুতি পাহৰিলে বিধায়ক ভৱেশ কলিতাই

author img

By

Published : Aug 7, 2021, 12:27 PM IST

কেইবা শতিকা পুৰণি আৰিমত্ত গড়ৰ সোঁ মাজেৰে জলসিঞ্চন বিভাগে 1970 চনত সাজিছিল এখন পানী উত্তোলক আঁচনি ৷ প্ৰায় ডেৰমাহ পূৰ্বে আৰিমত্ত গড়টো কাটি একাংশ লোকে প্ৰায় সত্তৰ মিটাৰ দীঘল আৰু ছয় ফুট বহল এটি পথ সাজি উলিয়াইছিল । এই খবৰ সংবাদ মাধ্যমত প্ৰকাশৰ পাছত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই ঘটনাস্থলীত উপস্থিত হৈ স্বৰজমিন তদন্তৰূৰ নিৰ্দেশ দিছিল । কিন্তু বিধায়কগৰাকীয়ে এতিয়া সম্পূৰ্ণৰূপে পাহৰিলে এই কথা ৷ এই অভিযোগ সমষ্টিবাসীৰ ৷

BJP State president Bhabesh kalita has failed to fulfill his promises alleged locals of Rangia
প্ৰতিশ্ৰুতি দি ৰাখিব নোৱাৰিলে ৰঙিয়াৰ বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই

ৰঙিয়া, 7 আগষ্ট : পুনৰ প্ৰতিশ্ৰুতি দি পূৰণ কৰিব নোৱাৰিলে ৰঙিয়াৰ বিধায়ক তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা(BJP State president Bhabesh kalita)ই । কলিতাই প্ৰতিশ্ৰুতি দিছিল, অসমৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়(Arimatta Garh) বেদখল কৰাসকলক এসপ্তাহৰ ভিতৰতেই উচ্ছেদ কৰা হ’ব । কিন্তু কাৰ্যক্ষেত্ৰত তেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ।

উল্লেখ্য যে, কোনো ধৰণৰ চৰকাৰী অনুমতি অবিহনে ডেৰমাহ পূৰ্বে আৰিমত্ত গড়(Arimatta Garh)টো কাটি একাংশ লোকে উলিয়াই লৈছিল প্ৰায় সত্তৰ মিটাৰ দীঘল আৰু ছয় ফুট বহল এটি পথ । এই বিষয়ে সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত । তাৰ পিছতে মহকুমা প্ৰশাসনৰ সৈতে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই উপস্থিত হৈ স্বৰজমিন তদন্ত কৰাৰ নিৰ্দেশ দিছিল ।

বিধায়কগৰাকীয়ে উপস্থিত ৰাইজক আৰু সংবাদ মাধ্যমৰ আগত এসপ্তাহৰ ভিতৰত বিষয়টো সন্দৰ্ভত তদন্ত কৰি ঐতিহাসিক আৰিমত্ত গড়ত খনন চলোৱা লোকক জেল হাজোতলৈ প্ৰেৰণ কৰা হ’ব প্ৰতিশ্ৰুতি দিছিল । এই সন্দৰ্ভত তুলসীবাৰী আৰক্ষী চকীত এক গোচৰ তৰিছিল স্থানীয় গাওঁবুঢ়াই । কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ ৰ'ল । এই ঘোষণাৰ ডেৰমাহ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।

সমষ্টিবাসীক দিয়া প্ৰতিশ্ৰুতি পাহৰিলে বিধায়ক ভৱেশ কলিতাই

বহু সময়ত গড়টোত থকা আপুৰুগীয়া গছ-গছনি কাটি তহিলং কৰাৰ লগতে ঘৰৰ ভেটি বনাবলৈ বহুলোকে গড়ৰ মাটি কাটি লৈ যায় বুলিও সততে অভিযোগ উত্থাপিত হৈ আহিছে । কিন্তু অঞ্চলটোৰ লগতে অসমৰ ঐতিহাসিক কীৰ্তিচিহ্ন এই গড়টো সংৰক্ষণৰ বাবে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, সেয়া হোৱা নাই বুলি ক্ষোভ উজাৰে ৰাইজে । ইফালে আৰিমত্ত গড় কাটি নিৰ্মাণ কৰিছে জলসিঞ্চন বিভাগৰ পানী উত্তোলক আঁচনি ।

ৰজা বৈদ্য আৰু ৰজা আৰিমত্তই কেইবাশ বছৰ পূৰ্বে নিজৰ ৰাজ্যৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা আৰিমত্ত গড়টো এনেদৰে ধ্বংস কৰিছে জলসিঞ্চন বিভাগে(Water Resources Department) । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী তথা বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ সেয়া পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত গড় কাটি নিৰ্মাণ কৰিছিল সেই জলসিঞ্চন আঁচনি । এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাই সোনকালে ব্যৱস্থা গ্ৰহণৰ লগতে আৰিমত্ত গড়ৰ ওপৰত থকা জলসিঞ্চন বিভাগৰ পানী উত্তোলক আঁচনি ভাঙি পেলোৱা হ’ব মন্তব্য কৰিছিল । কিন্তু কাৰ্যত সেয়া হৈ নুঠিল ৷

লগতে পঢ়ক : চৰম সংকটত ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.