ETV Bharat / state

NULM Assam: নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত অসম আৰ্হিক সৰ্বভাৰতীয় স্বীকৃতি

author img

By

Published : Dec 6, 2022, 9:01 AM IST

NULM Assam
নগৰীয়া দৰিদ্ৰতা নিৰ্মূল অসম আৰ্হিক সৰ্বভাৰতীয় স্বীকৃতি

নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ অসম আৰ্হিয়ে সমগ্ৰ ভাৰতে লাভ কৰিছে স্বীকৃতি (Assam model of urban poverty eradication) ৷ অতি সম্প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কৰিছে এই দাবী(CM Himanta Biswa Sarma) ৷ নগৰীয়া দৰিদ্ৰতা দূৰ কৰা আৰু নগৰাঞ্চলৰ অৰ্থনৈতিকভাৱে পিছ পৰা লোকসকলক আৰ্থ-সামাজিকভাৱে শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছন (এনইউএলএম), অসমৰ শেহতীয়া পদক্ষেপসমূহে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰিছে উচ্চ প্ৰশংসা (Pan India recognition) ৷

নিউজ ডেস্ক, 6 ডিচেম্বৰ: নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ অসম আৰ্হিয়ে সমগ্ৰ ভাৰতে লাভ কৰিছে স্বীকৃতি (Assam model of urban poverty eradication) ৷ অতি সম্প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কৰিছে এই দাবী (CM Himanta Biswa Sarma) ৷ নগৰীয়া দৰিদ্ৰতা দূৰ কৰা আৰু নগৰাঞ্চলৰ অৰ্থনৈতিকভাৱে পিছ পৰা লোকসকলক আৰ্থ-সামাজিকভাৱে শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছন (এনইউএলএম), অসমৰ শেহতীয়া পদক্ষেপসমূহে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰিছে উচ্চ প্ৰশংসা(Pan India recognition) ৷ অসম চৰকাৰৰ শীৰ্ষ বিষয়াই সংবাদমাধ্যমৰ আগত সদৰি কৰিছে এই কথা(official of Assam govt) ৷

উল্লেখ্য যে, শেহতীয়াকৈ ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশত নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ অসম আৰ্হি অধ্যয়ন কৰিবলৈ অসমলৈ আহিছিল তামিলনাডু চৰকাৰৰ এটা দল(NULM Tamilnadu) ৷ তামিলনাডুৰ NULMৰ যুটীয়া সঞ্চালক, ৰাজ্যিক মিছন মেনেজাৰ, MIS বিশ্লেষক আৰু যুৱ উদ্যোগীসকলক লৈ গঠিত দলটোৱে ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছন, অসমৰ পদক্ষেপসমূহ অধ্যয়ন কৰাৰ লগতে NULM অসমৰ বিষয়াসকলৰ লগতে আত্ম সহায় গোট সমূহৰ সৈতে মিলিত হৈছিল বাৰ্তালাপত(Assam self-help group) ৷

এই দলটোৱে পৰিদৰ্শন কৰিছিল অসমৰ নগৰাঞ্চলত মহিলা আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত বয়ন শিল্প, আচাৰ উদ্যোগ তথা থলুৱা খাদ্য উদ্যোগ সমূহ(National Urban Livelihood Mission) ৷ আত্ম সহায় গোট সমূহে উৎপাদ কৰা গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা সামগ্ৰী বিক্ৰী কেন্দ্ৰ সমূহো পৰ্যৱেক্ষণ কৰিছিল এই দলটোৱে ৷ ইয়াৰ উপৰিও দলটোৰ সদস্যসকলে গীতানগৰস্থিত নগৰৰ গৃহহীনসকলৰ বাবে আশ্ৰয়স্থলো পৰিদৰ্শন কৰিছিল ৷

তামিলনাডু চৰকাৰৰ প্ৰতিনিধি দলটোৱে অসম ভ্ৰমণৰ সময়ত লাভ কৰা অভিজ্ঞতাত লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে, ‘‘এই অভিজ্ঞতা তামিলনাডুৰ এনইউএলএমৰ কামত যথেষ্ট সহায়ক হ'ব’’।

ইফালে, ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াই সদৰি কৰা তথ্য অনুসৰি অসমৰ নগৰ দৰিদ্ৰতা নিৰ্মূল আৰ্হি পৰিদৰ্শন কৰিবলৈ আহিব মিজোৰাম চৰকাৰৰ দলো ৷ মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত এতিয়া অসম ভাৰতৰ বাবে আদৰ্শ হৈ পৰা বুলি মন্তব্য অসম চৰাকৰৰ NULM ৰ শীৰ্ষ বিষয়া গৰাকীৰ (Minister Ashok Singhal) ৷

লগতে পঢ়ক: আজমলক আঁঠুৱাৰ তলৰ মহ আখ্যা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.