ETV Bharat / state

CM reactions on Badaruddin comment : আজমলক আঁঠুৱাৰ তলৰ মহ আখ্যা মুখ্যমন্ত্ৰীৰ

author img

By

Published : Dec 5, 2022, 9:20 PM IST

Updated : Dec 5, 2022, 10:45 PM IST

এ আই ইউ ডি এফ দলৰ নেতা বদৰুদ্দিন আজমলে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা হিন্দু ধৰ্মাৱলম্বী পুৰুষ সন্দৰ্ভত আগবঢ়াইছিল অশালীন মন্তব্য(Assam CM reactions on Badaruddin comment) ৷ বঙাইগাঁৱত বিশাল জনসভাত অংশ লৈ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক আঠুঁৱা তলৰ মহ বুলি কয় ৷ তেওঁ আঠুঁৱা মানে আইনক বুজায় ৷

Assam CM reactions on Badaruddin comment
CM reactions on Badaruddin comment : প্ৰয়োজন হ’লে গ্ৰেপ্তাৰ কৰা হ’ব এ আই ইউ ডি এফ দলৰ নেতা বদৰুদ্দিন আজমলক:অসমৰ মুখ্যমন্ত্ৰী

বঙাইগাঁও, 5 ডিচেম্বৰ: ’বদৰুদ্দিন আঠুঁৱা তলৰ মহ’- বঙাইগাঁৱত আজি বিশাল জনসভাত অংশ লৈ বদৰুদ্দিন আজমলৰ শেহতীয়া বিতৰ্কিত বক্তব্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এনেদৰে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM reactions on Badaruddin comment) ৷ এ আই ইউ ডি এফ দলৰ নেতা বদৰুদ্দিন আজমলৰ শেহতীয়া বিতৰ্কিত বক্তব্যৰ বাবে সাংসদজনৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব সন্দৰ্ভত বুলি সাংবাদিক সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আঠুঁৱা মানে আইন আৰু মহ মানে মানুহ ৷ গতিকে সকলো আইনৰ গণ্ডীৰ ভিতৰতে আছে ৷

তেওঁ লগতে কয় যে, আঁঠুৱাৰ তলতে আছে যেতিয়াই মন যাব, তেতিয়াই ধৰিব পাৰিম ৷ তাক লৈ ইমান আলোচনা কৰিব নালাগে । আইনৰ গণ্ডীৰ ভিতৰত যেতিয়া যি ব্যৱস্থা ল‘ব লাগে লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷ উল্লেখ্য যে, বঙাইগাঁৱত আজি বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে 6 টা প্ৰকল্পৰ শিলান্যাস আৰু দুটা প্ৰকল্পৰ উদ্বোধন কৰে ৷ ’বিকাশৰ দিশে এটা পষেক’ শীৰ্ষক কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীয়ে ডিজিটেল মাধ্যমেৰে শিলান্যাস আৰু দুটা প্ৰকল্পৰ উদ্বোধন কৰে ৷ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি/ প্ৰকল্পৰ শিল্যান্যাস আৰু শুভ উদ্বোধন কৰাৰ পাছত এক বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে(Assam CM in Bongaigaon) ৷

বিকাশৰ বাবে এটা পষেকৰ আজি প্ৰথম দিনত বঙাইগাঁও জিলাখনত চিকিৎসা সেৱাৰ বাবে ৬১০৬৭.৪১ লাখ টকা ব্যয় সাপেক্ষে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ একেদৰে ৬২৫.৬৭ লাখ টকা ব্যয় সাপেক্ষ বঙাইগাঁও ৱাকিং জ'নৰ সম্পূৰ্ণ নিৰ্মাণ আৰু ৱাকিং জ'নতে অসমৰ ভূমিপুত্ৰ কোঁচ-ৰাজবংশী সকলৰ গৌৰৱময় ধ্বজা বহনকাৰী মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন ডিজিটেল মাধ্যমৰে কৰা হয় ৷

আজমলক আঁঠুৱাৰ তলৰ মহ আখ্যা মুখ্যমন্ত্ৰীৰ

তদুপৰি বিভিন্ন বিভাগৰ কাৰ্যালয়, উপায়ুক্ত কাৰ্যালয়ৰ লগতে একেটা চৌহদতে জেলকাঝাৰত নিৰ্মাণ কৰিবলৈ লোৱা ৪৯৭৮.৭৮ লাখ টকা ব্যয় সাপেক্ষ সংহত উপায়ুক্ত কাৰ্যালয়ৰ আধাৰশিলাও মুখ্যমন্ত্ৰীয়ে ডিজিটেল মাধ্যমেৰে স্থাপন কৰে ৷ একেদৰে ৫০৩.৬৪ লাখ(৫কোটি ৩লাখ চৌষষ্ঠি হাজাৰ)টকা ব্যয় সাপেক্ষ বঙাইগাঁও পলিটেকনিক আৰু বঙাইগাঁও উদ্যোগিক প্ৰতিষ্ঠানৰ( ITI) কৰ্মশালা তথা কাৰিকৰী গৱেষণাগাৰ উন্নীতকৰণৰ আধাৰশিলা মুখ্যমন্ত্ৰীয়ে স্থাপন কৰে ৷

বঙাইগাঁৱত প্ৰস্তাৱিত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, বঙাইগাঁৱৰ বাবে সভাকক্ষ তথা সন্মিলন ভৱনৰ আধাৰশিলা স্থাপন আদি কাৰ্যসূচীও সম্পন্ন কৰে মুখ্য মন্ত্ৰীগৰাকীয়ে । জিলাখনৰ সৃজনগ্ৰামত ৪৩৯.৫৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা আদৰ্শ চিকিৎসালয়, সৃজনগ্ৰাম আৰু ৫০ লাখ টকা ব্যয় সাপেক্ষে অভয়াপুৰীৰ লালমাটি দুৰামাৰীস্থিত ঐতিহাসিক গণেশ মন্দিৰ চৌহদত ভোগ গৃহ আৰু অতিথিশালা উদ্বোধন কৰে ৷ আবেলি জিলাখনৰ যোগীযোপাৰ কাবাইটাৰীৰ মাদ্ৰাছা পৰিদৰ্শন কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ লগতে সৃজনগ্ৰামত ৰঘুনাথ বিগ্ৰৰ সত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: Gujarat Assembly Polls: গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি

Last Updated : Dec 5, 2022, 10:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.