ETV Bharat / state

শিক্ষামন্ত্ৰীৰ ঘোষণা: ২৫ জুনৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানত গৰমৰ বন্ধ

author img

By

Published : Jun 23, 2022, 12:57 PM IST

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ গৰমৰ বন্ধ ঘোষণা কৰা হৈছে (Summer Vacation declared in Assam) । পূৰ্বতকৈ আগুৱাই দিয়া হৈছে গৰমৰ বন্ধ । ২৫ জুনৰ পৰা ২৫ জুলাইলৈকে এমাহ গৰমৰ বন্ধ পাব ছাত্ৰ-ছাত্ৰীসকলে ।

Ranoj Pegu
Ranoj Pegu

গুৱাহাটী,২৩ জুন : ৰাজ্যত চলি আছে বানৰ বিভীষিকা (Assam flood 2022) । বছৰৰ দ্বিতীয়টো বানত আক্ৰান্ত হৈছে ৩২খন জিলাৰ ৫০ লক্ষাধিক লোক (more than 50 lacs people effected in flood of Assam) । যাৰ বাবে বাধাগ্ৰস্ত হৈছে স্বাভাৱিক জীৱন যাত্ৰা । ক্ষতিগ্ৰস্ত হৈছে ঘৰ-দুৱাৰ, সা-সম্পত্তি, যোগাযোগ ব্যৱস্থা । বহু ঠাইৰ হাজাৰ হাজাৰ বানাক্ৰান্তৰ এতিয়া ঠিকনা হৈ পৰিছে আশ্ৰয় শিবিৰ । বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়তো অস্থায়ীভাৱে স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰ ।

সমান্তৰালভাৱে সাময়িকভাৱে বন্ধ আছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ (educational institute closed for flood) । কিয়নো বহু শিক্ষানুষ্ঠান বৰ্তমানো পানীৰ তলত । আনহাতে, কেতবোৰ শিক্ষানুষ্ঠানলৈ যাব পৰা পৰিবেশ নাই পথ যোগাযোগ ব্যাহত হোৱাৰ বাবে। সেয়ে ৰাজ্যত শিক্ষানুষ্ঠানসমূহৰ গৰম বন্ধ পূৰ্বতকৈ আগুৱাই অনাৰ সিদ্ধান্ত ল'লে শিক্ষা বিভাগে (Assam education department)। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে বৃহস্পতিবাৰে এই ঘোষণা কৰে (education minister declared summer vacation)।

ৰাজ্যৰ শিক্ষানুষ্ঠানখনসমূহৰ গৰমৰ বন্ধ ঘোষণা কৰা হৈছে (summer vacation) । পূৰ্বতকৈ আগুৱাই দিয়া হৈছে গৰমৰ বন্ধ । ২৫ জুনৰ পৰা ২৫ জুলাইলৈকে এমাহ গৰমৰ বন্ধ পাব ছাত্ৰ-ছাত্ৰীসকলে । বানপানীৰ বাবে বহু শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ বাবেই এইবাৰ কিছু আগুৱাই দিয়া হৈছে গৰমৰ বন্ধ । বৃহস্পতিবাৰে জনতা ভৱনত (Ranoj Pegu press meet at Janata Bhaban) এই কথা সদৰী কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ।

উল্লেখ্য, সাধাৰণতে জুলাই মাহত গৰমৰ বন্ধ দিয়াৰ পৰম্পৰা চলি আহিছে । এইবাৰ ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি শিক্ষামন্ত্রীয়ে জানিবলৈ দিয়ে । চৰকাৰী বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহকো এই নিৰ্দেশনা মানিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্রীগৰাকীয়ে । আনহাতে, যিসমূহ বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হৈ আছে সেইসমূহ বিদ্যালয়ক ২৫ জুনৰ ভিতৰত পৰীক্ষা শেষ কৰি গৰমৰ বন্ধ দিবলৈও নিৰ্দেশ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :বান বিভীষিকাৰ মাজত নগাঁও চহৰত হাতীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.