ETV Bharat / state

অসম আৰক্ষীক কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 2, 2021, 7:45 AM IST

Updated : Aug 2, 2021, 10:09 AM IST

Assam CM directs police to withdraw FIR against Mizoram MP K Vanlalvena as goodwill gesture
অসম আৰক্ষীক কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু গোচৰ উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

সোমবাৰে মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ (K Vanlalvena) বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লোৱাৰ বাবে অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অসম আৰক্ষীক গুলিয়াই মাৰৰ মুকলি ভাবুকি দিয়াৰ লগতে লাইলাপুৰ কাণ্ডত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে নিজাবববীয়াকৈ গোচৰ ৰুজু কৰিছিল সাংসদগৰাকীৰ বিৰুদ্ধে ৷

নিউজ ডেস্ক, 2 আগষ্ট: ৰাজ্যসভাৰ সাংসদ কে. ভানলালভেনাৰ (K Vanlalvena) বিৰুদ্ধে ৰুজু কৰা FIR উঠাই লোৱাৰ বাবে অসম আৰক্ষীৰ (Assam Police) নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অসম-মিজোৰামৰ মাজত হোৱা সীমা সংঘাতৰ পিছত সদিচ্ছাৰ নিদৰ্শন হিচাপে এই সিদ্ধান্ত লোৱা বুলি সোমবাৰে জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বিপৰীতে অন্য আৰক্ষীৰ লোকসকলৰ ওপৰত ৰুজু গোচৰ অব্যাহত থাকিব বুলি কয় ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

"মই সংবাদমাধ্যম যোগে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই সীমান্ত বিবাদ নিস্পত্তি কৰাৰ বাবে আগ্ৰহী বুলি বিবৃতি লাভ কৰিছো ৷ অসমে সদায় উত্তৰ পূৱৰ সম্প্ৰিতি জীয়াই ৰাখিব বিচাৰে ৷ আমি আমাৰ সীমান্তসমূহতো শান্তি বজাই ৰাখিব বিচাৰো ৷" টুইটযোগে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷

  • 1/1
    I have noted statements in media by Honble CM @ZoramthangaCM wherein he has expressed his desire to settle the border dispute amicably. Assam always wants to keep the spirit of North East alive. We are also committed to ensuring peace along our borders.

    — Himanta Biswa Sarma (@himantabiswa) August 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

আন এক টুইটযোগে মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এই সদিচ্ছাৰ নিদৰ্শনক আগুৱাই নিবলৈ মই অসম আৰক্ষীক মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে. ভানলালভেনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছো ৷ ইয়াৰ বিপৰীতে অন্য আৰক্ষী বিষয়াৰ ওপৰত ৰুজু গোচৰ অব্যাহত থাকিব ৷"

  • 1/2
    To take this goodwill gesture ahead, I have directed @assampolice to withdraw FIR against K. Vanlalvena , Honble MP, Rajya Sabha from Mizoram. However cases against other accused police officers will be pursued.

    — Himanta Biswa Sarma (@himantabiswa) August 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক-মিজোৰ আতংকত ঘৰ-বাৰী এৰিছে সীমান্তবাসীয়ে

উল্লেখ্য যে, কাছৰৰ লাইলাপুৰত (Lailapur) সংঘটিত সীমা সংঘাতত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে মিজোৰামৰ সাংসদগৰাকীৰ ওপৰত নিজাজবীয়াকৈ এক গোচৰ ৰুজু কৰিছিল ৷ দেওবাবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে উত্তৰ পূৱৰ সম্প্ৰিতি জীয়াই ৰখাটোৱাই মূল উদ্দেশ্য ৷

দেওবাৰে মুখ্যমন্ত্ৰী শৰ্মাই টুইটত কৈছিল, "অসম-মিজোৰাম সীমান্তত (Assam Mizoram Border) সংঘটিত ঘটনা দুয়ো ৰাজ্যৰ জনসাধাৰণৰ বাবে অগ্ৰহণযোগ্য ৷ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই তেওঁৰ কোৱাৰেন্টাইন শেষ হ’লেই মোক সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ কেৱল আলোচনাৰ মাধ্যমেৰেহে সীমা বিবাদৰ সমাধান হ’ব পাৰে ৷" পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এই টুইটটো ৰিটুইট কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই (Mizoram CM Zoramthanga) ৷

যোৱা 26 জুলাই অসম-মিজোৰামৰ মাজত সীমা সংঘাতে চূড়ান্ত ৰূপ লয় যেতিয়া মিজোৰাম আৰক্ষীৰ গুলিত 6 জনকৈ অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে এজন সাধাৰণ লোক নিহত হয় ৷ ইয়াৰ উপৰিও এই ঘটনাত প্ৰায় 50 জনৰো অধিক লোক আহত হয় ৷

এই সন্দৰ্ভত মিজোৰামৰ ডেপুটি মন্ত্ৰী টাউনলুইয়াৰ আধ্যক্ষতাত গঠিত মিজোৰাম সীমান্ত কমিটীয়ে প্ৰতিবেদন প্ৰকাশ কৰে ৷ কমিটীখনে এই প্ৰতিবেদনৰ জৰিয়তে 26 জুলাইৰ দিনা অসম আৰক্ষীয়ে জোৰকৈ ভিৰেংগেটত থকা মিজোৰামৰ আৰক্ষী পোষ্ট বেদখল কৰাৰ লগতে মিজো আৰক্ষীক লক্ষ্য কৰি গুলিচলনা কৰা কাৰ্যত তীব্ৰ গৰিহণা দিয়ে ৷

লগতে পঢ়ক-মিজোৰামৰ ওপৰত অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে নেকি অসমে ?

Last Updated :Aug 2, 2021, 10:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.