ETV Bharat / state

Nature destruction by Rangia municipality: ৰঙিয়া পৌৰসভাই চলাইছে প্ৰকৃতিৰ ধ্বংসযজ্ঞ !

author img

By

Published : Mar 2, 2023, 1:57 PM IST

Deforestation of Rangia Municipality
ৰঙিয়াত উন্নয়নৰ নামত গছ-গছনি কাটি তহিলং

বন ধ্বংসযজ্ঞত নামিছে ৰঙিয়া পৌৰসভা (Nature destruction by Rangia municipality)। ৰাইজৰ আহ্বানক আওকান কৰি এফালৰ পৰা কাটি গৈছে গছ । পথ বহল কৰাৰ গইনা লৈ ধ্বংসযজ্ঞ চলাই থকাত ৰাইজে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (Cutting down trees to widen roads)।

ৰঙিয়াত উন্নয়নৰ নামত গছ-গছনি কাটি তহিলং

ৰঙিয়া, ২ মাৰ্চ: উন্নয়নৰ নামত গছ-গছনি কাটি তহিলং কৰাটো কিমান দুৰ সমীচিন হৈছে এয়া সাম্প্ৰতিক সময়ত প্ৰতিজন শিক্ষিত তথা উন্নয়নকামী ব‍্যক্তিৰ মনত খেলোৱা এক কোটিটকীয়া প্ৰশ্ন । বিজ্ঞানে গোলকীয় উষ্ণতা ,জলবায়ু পৰিৱৰ্তন, বৰষুণৰ অভাৱ আদিৰ দৰে প্ৰত‍্যাহ্বানৰ মুখামুখি হ'বলৈ নৱ প্ৰজন্মক দিয়া সমাধানৰ সূত্ৰ হৈছে পৃথিৱীৰ বৃক্ষসমূহ । সেয়েহে আজি পৃথিৱীৰ প্ৰতিখন দেশৰ চৰকাৰে তথা বহুলোকে ব‍্যক্তিগতভাবে চেষ্টা চলাইছে বৃক্ষ ৰোপণৰ । কিন্তু সময়ৰ আহ্বানক সম্পূৰ্ণৰূপে নস‍্যাৎ কৰি ৰঙিয়া পৌৰসভাই ৰঙিয়াত চলাইছে প্ৰকৃতিৰ ধ্বংসযজ্ঞ (Deforestation of Rangia Municipality)। পৌৰসভাৰ এই অবিবেচকী কাণ্ডই ৰাইজৰ চকু কঁপালত তুলিছে ।

ৰঙিয়াৰ নগৰ এলেকাৰ বহু পুৰণি সমস্যাসমূহ সমাধানত গুৰুত্ব প্ৰদান কৰাতকৈ বৰ্তমান নগৰখনত থকা বহুকেইডাল পুৰণি তথা আপুৰুগীয়া বৃহৎ বৃক্ষ কাটি খাষ্টাং কৰিছে পৌৰসভাখনে (Allegations of destruction of nature by Rangia municipality) । ৰাস্তা বহল কৰাৰ গইনা লৈ চলাইছে ধ্বংসযজ্ঞ । ৰঙিয়া নগৰ এলেকাৰ গান্ধী মণ্ডপৰ কাষতে থকা অৰ্ধ শতিকা পুৰণি বট গছজোপাই হওঁক বা ৰঙিয়াৰ ৰঙিলি উদ‍্যানৰ ৰাধা চুড়া, কৃষ্ণ চুড়া, শিশুৰ চাৰিটা দশক পুৰণি গছ কেইজোপাই হওঁক, কটাৰ আগতে এবাৰলৈও যেন চিন্তা নকৰিলে ৰঙিয়া পৌৰসভাই । অকল এই কেইজোপা গছেই নহয়, ৰঙিয়া নগৰত পথৰ দাঁতিত থকা লগতে পুৰণি চৰকাৰী কাৰ্যালয়ৰ চৌহদৰ সকলো গছ কাটি ৰঙিয়াখন পৰিস্কাৰ কৰাৰ বাবে পণহে যেন গ্ৰহণ কৰিছে ৰঙিয়া পৌৰসভাই ।

ৰঙিয়াৰ অতিকৈ গুৰুত্বপূৰ্ণ অঞ্চলত থকা এই গছবোৰে নগৰখনৰ পৰিবেশ বিশুদ্ধ কৰি ৰখাৰ লগতে বাটৰুৱাক এখন্তেক জিৰণি ল'বলৈ ছাঁ দিছিল । ইতিমধ্যে 20 ডালতকৈও অধিক গছৰ লগতে সৰু-বৰ বহু কেইডাল গছ কাটি পেলাইছে পৌৰসভাই । এনেদৰে নগৰখনৰ সৌন্দৰ্য্য বৰ্ধন কৰাৰ লগতে ৰঙিয়াবাসীৰ আবেগৰ লগত সাঙোৰ খাই থকা গছবোৰ কাটি পেলোৱাৰ বাবে সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Public react on deforestation of Rangia Municipality)।

যিখন অসমত অৰণ্য় মানৱ যাদৱ পায়েঙৰ দৰে এজন বৰেণ্য ব‍্যক্তিয়ে নিজৰ একক প্ৰচেষ্টাত একোখন বৃহৎ বনাঞ্চল গঢ়িবলৈ অহৰহ চেষ্টা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ,সেইখন ৰাজ‍্যতেই আকৌ এখন পৌৰসভাই উন্নয়নৰ নামত চৌদিশে গছ কটাতো কিমানদূৰ গ্ৰহণযোগ্য তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে (Forest Man Yadav Payeng)।

লগতে পঢ়ক:British Foreign Secretary in India : সকলোৱে ভাৰতৰ আইন মানি চলিব লাগিব, বিবিচি প্ৰসংগত বিদেশ মন্ত্ৰী জয়শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.