ETV Bharat / bharat

British Foreign Secretary in India : সকলোৱে ভাৰতৰ আইন মানি চলিব লাগিব, বিবিচি প্ৰসংগত বিদেশ মন্ত্ৰী জয়শংকৰ

author img

By

Published : Mar 1, 2023, 8:46 PM IST

Jayshankar
Jayshankar

সূত্ৰ অনুসৰি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে ব্ৰিটেইনৰ নেতাগৰাকীক কয় যে ভাৰতত কাম কৰি থকা সকলো সংস্থাই প্ৰাসংগিক আইন আৰু নিয়মাৱলী সম্পূৰ্ণৰূপে পালন কৰিব লাগিব । জয়শংকৰে ক্লেভাৰলীৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় । তাত অন্যান্য বিষয়ৰ উপৰি দুয়োগৰাকীয়ে যুৱ পেছাদাৰী আঁচনিৰ আৰম্ভণিৰ বিষয়ে আলোচনা কৰে । লগতে গোলকীয় পৰিস্থিতিৰ লগতে জি-২০ কাৰ্যসূচীৰ ওপৰতো মত বিনিময় কৰে (S Jaishankar talks with British Foreign Secretary) ।

নিউজ ডেস্ক, ১ মাৰ্চ : ব্ৰিটিছ বৈদেশিক সচিব জেমছ ক্লেভাৰলীয়ে (British Foreign Secretary James Cleverly) বুধবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ (External Affairs Minister S Jaishankar) সৈতে ভাৰতস্থিত বিবিচিত শেহতীয়া কৰা অনুসন্ধানৰ বিষয়টো আলোচনা কৰে । তাত ভাৰতে দৃঢ়তাৰে কয় যে দেশত কাম কৰি থকা সকলো সংস্থাই দেশৰ সংশ্লিষ্ট আইন মানি চলিব লাগিব (S Jaishankar talks with British Foreign Secretary) । উল্লেখ্য যে বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া জি-২০ বৈদেশিক মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ক্লেভাৰলী ভাৰতত আছে ।

চৰকাৰী সূত্ৰ অনুসৰি, বৈদেশিক মন্ত্ৰী জয়শংকৰে ব্ৰিটেইনৰ নেতাগৰাকীক কয় যে ভাৰতত কাম কৰি থকা সকলো সংস্থাই প্ৰাসংগিক আইন আৰু নিয়মাৱলী সম্পূৰ্ণৰূপে পালন কৰিব লাগিব (James Cleverly India visit) । জয়শংকৰে ক্লেভাৰলীৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়, য'ত অন্যান্য বিষয়ৰ উপৰি দুয়োজনে যুৱ পেছাদাৰী আঁচনিৰ আৰম্ভণিৰ বিষয়ে চিন্তা-চৰ্চা কৰে আৰু লগতে গোলকীয় পৰিস্থিতিৰ লগতে জি-২০ কাৰ্যসূচীৰ ওপৰত মত বিনিময় কৰে (G20 summit India) ।

"পুৱাটো ব্ৰিটেইনৰ বৈদেশিক সচিব জেমছ ক্লেভাৰলীৰ সৈতে দ্বিপাক্ষিক বৈঠকেৰে আৰম্ভ হয় । আমাৰ শেহতীয়া আলোচনাৰ পৰা আমাৰ সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰা হয় । বিশেষকৈ যুৱ পেছাদাৰী আঁচনিৰ আৰম্ভণিৰ কথা উল্লেখ কৰা হয় । লগতে গোলকীয় পৰিস্থিতিৰ লগতে জি-২০ কাৰ্যসূচীৰ ওপৰতো মত বিনিময় কৰে ।" জয়শংকৰে এনেদৰে টুইট কৰে (S Jayshankar on BBC row) ।

উল্লেখ্য, যোৱা মাহত ব্ৰিটিছ সম্প্ৰচাৰক বিবিচিয়ে দিল্লী আৰু মুম্বাইত মিডিয়া সংগঠনৰ কাৰ্যালয়ত কৰ 'জৰীপ' আৰম্ভ কৰাৰ লগতে আয়কৰ বিভাগৰ চৰকাৰী ৰঙাচকুৰ সন্মুখীন হৈছিল । এই জৰীপ কেইবাদিনো ধৰি চলিছিল আৰু কৰ্মচাৰীসকলক ঘৰৰ পৰায়ে কাম কৰিবলৈ কোৱা হৈছিল ।

২০০২ চনত পশ্চিমীয়া ৰাজ্য গুজৰাটত সংঘটিত সংঘৰ্ষৰ সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশ্ন কৰা বিবিচিৰ তথ্যচিত্ৰৰ পিছত এই পদক্ষেপ লোৱা হয় । আয়কৰ বিভাগৰ বিষয়াসকলে প্ৰথমে ১৪ ফেব্ৰুৱাৰীত বিবিচিৰ কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু তাৰ পিছত পৰৱৰ্তী ৬০ ঘণ্টাতকৈও অধিক সময় তেওঁলোকৰ 'জৰীপ' অব্যাহত ৰাখে । এই জৰীপত তেওঁলোকে ব্ৰিটিছ সম্প্ৰচাৰৰ প্ৰিণ্ট আৰু ডিজিটেল নথিপত্ৰবোৰ পৰীক্ষা কৰে ।

লগতে পঢ়ক :Bhopal Ujjain train blast case: ভূপাল-উজ্জয়িনী ৰে’ল বিস্ফোৰণৰ ৭ অভিযুক্তক মৃত্যুদণ্ডৰ ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.