ETV Bharat / bharat

Bhopal Ujjain train blast case: ভূপাল-উজ্জয়িনী ৰে’ল বিস্ফোৰণৰ ৭ অভিযুক্তক মৃত্যুদণ্ডৰ ৰায়দান

author img

By

Published : Mar 1, 2023, 5:08 PM IST

সুদীৰ্ঘ 6 বছৰৰ মূৰত ৰায়দান ভূপাল-উজ্জয়িনী যাত্ৰীবাহী ৰে’ল বিস্ফোৰণ ঘটনাৰ গোচৰৰ ৷ নিয়াৰ বিশেষ আদালতে ৰে’ল বিস্ফোৰণ গোচৰৰ ৮ দোষীৰ ভিতৰত ৭ দোষীক মৃত্যুদণ্ডৰ ৰায়দান দিয়ে (NIA court awards death penalty)৷ অন্য এটা দোষীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে (life imprisonment awards convict)৷

Bhopal-Ujjain train blast case: NIA court awards death penalty to 7 of 8 convicts
7 দোষীক মৃত্যুদণ্ডৰ ৰায়দান নিয়াৰ

নেশ্যনেল ডেস্ক, ১ মাৰ্চ: দেশ কঁপোৱা ভূপাল-উজ্জয়িনী যাত্ৰীবাহী ৰে’ল বিস্ফোৰণ ঘটনাৰ কথা আপোনাৰ মনত আছেনে (Bhopal Ujjain train blast case)? সূদীৰ্ঘ 6 বছৰৰ মূৰত ন্যায় পালে ভূপাল-উজ্জয়িনী যাত্ৰীবাহী ৰে’ল বিস্ফোৰণ ঘটনাৰ ভুক্তভোগীয়ে ৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) (National Investigation Agency) ৰ বিশেষ আদালতে ২০১৭ চনত সংঘটিত হোৱা ৰে’ল বিস্ফোৰণ গোচৰৰ ৮ দোষীৰ ভিতৰত ৭ দোষীক মৃত্যুদণ্ডৰ ৰায়দান দিয়ে (NIA court awards death penalty)৷ ইয়াৰে এটা দোষীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে (life imprisonment awards convict)৷

নিয়া আদালতে মহম্মদ ফৈজল, গৌছ মহম্মদ খান, আজহাৰ, আতিফ মুজাফ্ফৰ, ডেনিছ, মীৰ হুছেইন, আচিফ ইকবালক মৃত্যুদণ্ড বিহাৰ লগতে আৰু আতিফ ইৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিয়ে (Death penalty to 7 of 8 convicts)। আদালতে অভিযুক্তকেইটাক ভাৰতীৰ দণ্ডবিধিৰ ১২১, ১২১এ, ১২২, ১২৩ ধাৰা, বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৭, ১৮, ১৮বি, ২৩, ৩৮ আৰু অস্ত্ৰ আইনৰ ৩/২৫/৩৫ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰিছিল ।

উল্লেখ্য যে ২০১৭ চনৰ ৭ মাৰ্চত ভূপালৰ পৰা উজ্জয়িনী অভিমুখে আহি থকা যাত্ৰীবাহী এখন ৰে’লত বোমা বিস্ফোৰণ হৈছিল (Passenger train bomb blast) ৷ মধ্য প্ৰদেশৰ শাজাপুৰ জিলাৰ জাবৰি ৰে’ল ষ্টেচনত পুৱা ৯.৩০ বজাৰ পৰা ১০ বজাৰ ভিতৰত ৰে’লখনৰ এটা সাধাৰণ শ্ৰেণীৰ ডবাত বিস্ফোৰণটো সংঘটিত হৈছিল । চকুৰ পচাৰতে দাও দাওকৈ জ্বলি উঠিছিল ৰে’লখনৰ ডবাটো ৷ এই বোমা বিস্ফোৰণত ১০ গৰাকী যাত্ৰী আহত হয়।

ইছলামিক ৰাষ্ট্ৰৰ দ্বাৰা ভাৰতত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা এইটো প্ৰথমটো ঘটনা বুলি কোৱা হয় ৷ বোমা বিস্ফোৰণৰ পিচতে আৰক্ষীয়ে লক্ষ্ণৌৰ এক সংঘৰ্ষত এটা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিছিল ৷ আৰক্ষীৰ তদন্তত এই ঘটনাটো মৌলবাদী সংগঠনে সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছিল ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) তদন্তৰ এক প্ৰতিবেদনত কোৱা হৈছে যে আই এছ আই এছৰ দ্বাৰা অনুপ্ৰেৰিত হৈ এই জঘন্য ঘটনা সংঘটিত কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে ৷

ন্যায়াধীশ ভি এছ ত্ৰিপাঠীয়ে এই গোচৰটোক অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি দোষীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ কথা ঘোষণা কৰিছিল ৷ এনে ঘটনা ভাৰতত তেনেই বিৰল ৷ ইতিমধ্যে ৫ বছৰ ধৰি কালৰাবাস খাটি থকা দোষীকেইটাই আদালতক শাস্তি লাঘৱ কৰিবলৈ আবেদন জনাইছিল যদিও আদালতে এই আবেদন খাৰিজ কৰে ৷ দোষীয়ে দেশ বিৰোধী ঘটনা সংঘটিত কৰিছিল সেইবাবে সিহঁত কোনোপধ্যেই ক্ষমাৰ যোগ্য নহয় বুলি আদালতে দাবী কৰিছিল ৷

অনহাতে এই ঘটনাৰ পিচত এটিএছে তথ্য লাভ কৰিছিল যে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছৰ সদস্যই দেশৰ বিভিন্ন স্থানত বিস্ফোৰণৰ ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ৷ এটিএছৰ কানপুৰ গোটে প্ৰথমে মহম্মদ ফৈজলক গ্ৰেপ্তাৰ কৰিছিল ৷

তাৰ পিচত ক্ৰমান্বয়ে আন অভিযুক্তকেইটাক গ্ৰেপ্তাৰ কৰিছিল ৷ অভিযুক্তকেইটাই প্ৰাৰম্ভিক পৰ্যায়ত উন্নাওৰ গংগা ঘাটত এটা পৰীক্ষামূলক বিস্ফোৰণ চলাইছিল । কেৱল এয়াই নহয় অভিযুক্তকেইটাই দশেৰাৰ সময়ত বিভিন্ন ঠাইত বোমা বিস্ফোৰণ কৰাৰ পৰিকল্পনা কৰিছিল ।

লগতে পঢ়ক: Kalindi Kunj rape case: দিল্লীৰ কালিন্দী কুঞ্জত ধৰ্ষিতা হ’ল ম্যানমাৰৰ এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.