ETV Bharat / state

সমাগত নিৰ্বাচনত গাদী এৰিবলৈ সাজু থাকক হাগ্ৰামা মাহিলাৰীঃ এবিএমছু

author img

By

Published : Sep 20, 2019, 7:01 PM IST

এবিএমছুৰ সংবাদ মেল

নৱ শৰণীয়াৰ এটা সম্প্ৰদায়ৰ লগত বিশেষ সম্পৰ্ক থকা বুলি হাগ্ৰামা মহিলাৰীয়ে কটাক্ষ কৰাৰ প্ৰত‍্যুত্তৰত হাগ্ৰামা মহিলাৰীক উভতি ধৰে সদৌ বড়োভূমি সংখ‍্যালঘু ছাত্র সন্থা চমুকৈ এ বিএমছুৱে।

ৰঙিয়া, 20 চেপ্তেম্বৰঃ "জাত পাতৰ ৰাজনীতি কৰি পুনৰ বড়োভূমি উত্তপ্ত কৰি নুতুলিব,সমাগত নিৰ্বাচনত গাদী এৰিবলৈ সাজু থাকক। লগতে মাটিত বহাৰো অভ‍্যাস কৰক" ৰঙিয়াত এবিএমছুৱে আয়োজন কৰা এখন সংবাদ মেলত এবিএমছুৰ নেতৃত্বতই এইদৰে সকীয়নি প্ৰদান কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীক। কিছু দিন পূৰ্বে নৱ শৰণীয়াৰ এটা সম্প্ৰদায়ৰ লগত বিশেষ সম্পৰ্ক থকা বুলি হাগ্ৰামা মহিলাৰীয়ে কটাক্ষ কৰাৰ প্ৰত‍্যুত্তৰত হাগ্ৰামা মহিলাৰীক উভতি ধৰে সদৌ বড়োভূমি সংখ‍্যালঘু ছাত্র সন্থা চমুকৈ এবিএমছুৱে।

সমাগত নিৰ্বাচনত গাদী এৰিবলৈ সাজু থাকক হাগ্ৰামা মাহিলাৰীঃ এবিএমছু

শুকুৰবাৰৰ সংবাদ মেলখনত এবিএমছুৱে বহু কেইটা বিষয়ৰ ওপৰত আলোচনা কৰে ৷ দৰঙৰ বুঢ়া আৰক্ষী চকী কাণ্ডকলৈও মন্তব্য কৰে সংগঠনটোৰ সদস্যই ৷ ইতিমধ্যে সংঘটিত হৈ যোৱা এটা সত্য ঘটনাক সাম্প্ৰদায়িক ৰূপ নিদিবলৈ আহ্বান জনোৱাৰ লগতে কম সময়ৰ ভিতৰ দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী কৰে সংগঠনটোৱে ৷

Intro:বিটিচিত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতিBody:বিটিএডিৰ বিভিন্ন দল সংগঠনে পৰস্পৰে পৰস্পৰক বোকা চটিওৱা খেল আৰম্ভ কৰিছে। হাগ্ৰামা মহিলাৰীয়ে কিছু দিন পূৰ্বে নব শৰণীয়াৰ লগত এটা সম্প্ৰদায়ৰ লগত বিশেষ সম্পৰ্ক থকা বুলি কটাক্ষ কৰাৰ প্ৰত‍্যুত্তৰত হাগ্ৰামা মহিলাৰীক ওভতি ধৰিছে সদৌ বড়োভুমি সংখ‍্যালঘু ছাত্র সন্থা চমুকৈ এবিএমছুৱে। এবিএমছুৰ হাগ্ৰামা মহিলাৰীলৈ স্পষ্ট সকীয়নি, জাত পাতৰ ৰাজনীতি কৰি পুনৰ বড়োভুমি উত্তপ্ত কৰি নুতুলিব। সমাগত নিৰ্বাচনত গাদী এৰিবলৈ সাজু থাকক। লগতে মাটিত বহাৰো অভ‍্যাস কৰক। ৰঙিয়াত আয়োজিত এক সংবাদ মেলত এবিএমছুৰ নেতৃত্বতই এইদৰে সকীয়নি প্ৰদান কৰে বিটিচিৰ মুখ্য কৰ্য্যবাহী হাগ্ৰামা মহিলাৰীক। Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.