ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Jan 25, 2021, 11:34 AM IST

11 বজাৰ শীৰ্ষ দহটা খবৰ

11 AM TOP TEN NEWS
11 বজাৰ শীৰ্ষ দহটা খবৰ

কেৰালাৰ উপকূলত 6 বছৰীয়া শিশুৰ সাঁতোৰ প্ৰশিক্ষণ

কেৰালাৰ কান্নুৰৰ দাৰিয়চ প্ৰভু নামৰ 6 বছৰীয়া এটি শিশুয়ে সাঁতোৰ প্ৰশিক্ষণৰ দ্ধাৰা সকলোকে দিছে জীৱন ৰক্ষাৰ এক বাৰ্তা ৷ পায়ামবাল্লাম সাগৰত 20 মিনিটত 1 কিলোমিটাৰ সাঁতুৰি কণমানিটিয়ে বহু শিক্ষাৰ্থীক বিগত কিছু দিন ধৰি দি আহিছে প্ৰশিক্ষণ ৷

কেমেৰাত বন্দী ঢেকীয়াপটীয়া বাঘৰ দৃশ্য

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰেঞ্জত ঢেকীয়াপটীয়া বাঘৰ বিচৰণৰ বিৰল দৃশ্য বন্দী হ'ল বন বিভাগৰ কেমেৰাত ৷ সাধাৰণতে ঢেকীয়াপটীয়া বাঘ ঘন অৰণ্যত থাকে যদিও কাজিৰঙাত ঢেকীয়াপটীয়া বাঘক কেমেৰাত আৱদ্ধ কৰাটো ইমান সহজ নাছিল ইয়াৰ পূৰ্বে ৷ কিন্তু এইবাৰ কেমেৰাৰ সন্মুখত নিজে ধৰা দিলে এটা ঢেকীয়াপটীয়া বাঘে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা এই ভিডিঅ'টোৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

ভাৰতীয় জনতা পাৰ্টী এটা মিছলীয়া পাৰ্টী:বিকাশ উপাধ্যায়

ডুমডুমাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক মত-বিনিময় অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টী এতিয়া ভাৰতীয় মিছলীয়া পাৰ্টী হিচাপে সমগ্ৰ ভাৰততেই জনাজাত হৈছে বুলি মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়ে ৷

২৭ জানুৱাৰীত আমগুৰিত অগপৰ জাতীয় ঐক্য সমাৰোহ

30 হাজাৰৰো অধিক কৰ্মীৰ উপস্থিতিৰে আমগুৰিত অনুষ্ঠিত হ'ব অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ ৷ দেওবাৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে ৷

ওড়িশাত এগৰাকী মহিলা মাওবাদীৰ আত্নসমৰ্পণ

ওড়িশাৰ মালকাংগিৰি আৰক্ষী অধীক্ষক ঋষিকেষ খিলাৰী আৰু সীমান্ত নিৰাপত্তা বাহিনীৰ হাতত আত্মসমৰ্পণ আল্ট্ৰা লাচ্চি খাৰা ওৰফে গীতা নামৰ এগৰাকী মহিলা মাওবাদীৰ ৷ লাচ্চিয়ে এবছৰ পূৰ্বে চিপিআই (মাওবাদী) সংগঠনটোত যোগদান কৰিছিল ৷

আমগুৰিত ভিগেন ইণ্ডিয়াৰ শাখা মুকলি

আমগুৰিত মেচাৰ্চ আইৰিন হেল্থ কেয়াৰ' নামেৰে মুকলি কৰা হয় এটা আন্তৰাষ্ট্ৰীয় থেৰাপি প্ৰতিষ্ঠান ৷ 'ভিগেন ইণ্ডিয়া'ৰ দ্ধাৰা মুকলি কৰা হয় এই শাখাটো ৷ শাখাটো মুকলি কৰে ভিগেন ইণ্ডিয়াৰ বিষয়া ৰেৱ বৰুৱাই ৷

কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান পালন

কোকৰাঝাৰৰ বডোফা নগৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান পালন ৷ উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহু কেইগৰাকী বিশিষ্ট লোক ৷

মধ্যমালিৰ দুটাকৈ সেনা চাউনিত আক্ৰমণ: নিহত ছয়জনকৈ মালিয়ান সেনা

মধ্য মালিৰ দুটা ব'লকেচি আৰু মণ্ডোৰোৰ দুটাকৈ এফএএমএ সেনাৰ চকীত কোনো দুস্কৃতিকাৰীয়ে কৰা আক্ৰমণত নিহত হয় ছয়জনকৈ মালিয়ান সেনা ৷ মালিয়ান সশস্ত্ৰ বাহিনী চমুকৈ এফএমএ তেওঁলোকৰ আনুষ্ঠানিক ৱেবছাইটত প্ৰকাশ কৰে এই তথ্য ৷

প্ৰধানমন্ত্ৰী অলিক দলৰ পৰা বহিষ্কাৰ

নেপাল কমিউনিষ্ট দলৰ পৰা বহিষ্কাৰ কৰা হ'ল নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক ৷ দলৰ সাধাৰণ সদস্য পদৰ পৰাও বহিষ্কাৰ অলিক ৷ একপক্ষীয়ভাৱে সংসদ ভংগৰ সিদ্ধান্ত লোৱাৰ পাছতে দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত অলিক দলৰ পৰা বহিষ্কাৰ ৷ দেওবাৰে অনুষ্ঠিত স্থায়ী সমিতিৰ এক বৈঠকত অলিৰ বিৰুদ্ধে উক্ত সিদ্ধান্ত লোৱা হয় ৷

ছিৰিয়াত সন্ত্ৰাসবাদীৰ আক্ৰমণ: নিহত 3 সেনা জোৱান

সেনী বাহিনীৰ এখন বাহনক লক্ষ্য কৰি ছিৰিয়াৰ পালমাইৰা আৰু ডেইৰ ইজ জো সংযোগী পথত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ ৷ আক্ৰমণত ছিৰিয়া সেনা বাহিনীৰ 3 জন জোৱান নিহত হোৱাৰ লগতে 10 জন জোৱান গুৰুতৰ ভাৱে আহত হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.