ETV Bharat / state

Murder in Guwahati: গুৱাহাটীত পুনৰ হত্যাকাণ্ড; চোকা অস্ত্ৰৰে যুৱকক হত্যা দুৰ্বৃত্তৰ

author img

By

Published : Feb 20, 2023, 10:55 PM IST

Murder in Guwahati
গুৱাহাটীত পুনৰ হত্যাকাণ্ড; চোকা অস্ত্ৰৰে যুৱকক হত্যা দুৰ্বৃত্তৰ

গুৱাহাটীত আকৌ সংঘটিত হ’ল আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ গৌতম গোহাঁই নামৰ এজন যুৱকক হত্যা দুৰ্বৃত্তৰ ৷ হত্যা কৰি মৃতদেহ পেলাই থৈ গ’ল ঘৰৰ চৌহদত (Murder in Guwahati) ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ৷

গুৱাহাটী, 20 ফেব্ৰুৱাৰী: প্ৰকৃততে কি হৈছে গুৱাহাটী মহানগৰীত ৷ এটাৰ পাচত আনটো চাঞ্চল্যকৰ আৰু লোমহৰ্ষক হত্যাকাণ্ডই জোঁকাৰি আছে সমগ্ৰ গুৱাহাটীক ৷ বন্দনা কলিতা নামৰ মহিলাগৰাকীয়ে কৰা হত্যাকাণ্ডৰ ৰহস্য ভেদ হোৱাৰ পাচতেই পুনৰ পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা আন এটা হত্যাকাণ্ড (Youth Killed in Guwahati) ৷

এইবাৰ গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত ভৱাণীপুৰৰ পূৱ গণেশপুৰৰ বাথৌঘূলী অঞ্চলত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ সোমবাৰে বিয়লি ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহটো ৷ মৃত যুৱকজন 37 বছৰীয়া গৌতম গোহাঁই বুলি চিনাক্ত কৰা হৈছে ৷ নিজৰৰ ঘৰৰ চৌহদতে ৰহস্যজনকভাৱে উদ্ধাৰ হয় গৌতম গোহাঁইৰ মৃতদেহ ৷ চৌহদৰ বাৰীত আঁঠুকাঢ়ি থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো (Gautam Gohain murder in Guwahati) ৷

উল্লেখ্য যে, 17 ফেব্ৰুৱাৰী অৰ্থাৎ শুকুৰবাৰে বিয়লি ভাগৰ পৰা গৌতম গোহাঁই নামৰ যুৱকজন নিৰুদ্দেশ হৈ আছিল ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে নুনমাটি থানাত দাখিল কৰিছিল সন্ধানহীন হোৱাৰ এজাহাৰ ৷ কিন্তু নিজৰ চৌহদতে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বিষয়টো অধিক ৰহস্যঘন কৰি তুলিছে (Dead body found in Noonmati) ৷

পৰিয়ালৰ লোকে মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাচতেই খবৰ দিয়ে আৰক্ষীক ৷ পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো আৰু প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷ প্ৰত্যক্ষদৰ্শীৰ ভষ্য অনুসিৰ মৃতদেহটোৰ মূৰৰ পিচফালে আছে চোকা অস্ত্ৰৰে আঘাৰ কৰাৰ চিন ৷ মূৰত থকা আঘাৰত পৰাই স্পষ্ট হৈছে যে, কোনো লোকে হত্যা কৰি ঘৰৰ চৌহদতেই পেলাই থৈ গ’ল গৌতম গোহাঁইৰ মৃতদেহ (Brutal murder in Guwahati) ৷

গৌতম গোহাঁই সন্ধানহীন হোৱা সন্দৰ্ভত এজাহাৰ দাখিল কৰা পাচতেই অভিযান আৰম্ভ কৰিছিল নুনমাটি আৰক্ষীয়ে ৷ যুৱকজনৰ ম’বাইল ফোনৰ অন্তিম অৱস্থিতি নিৰীক্ষণ কৰিও আৰক্ষীয়ে আগবঢ়াইছিল তদন্ত প্ৰক্ৰিয়া ৷ উল্লেখ্য যে, চন্দ্ৰপুৰ দিশে আৰক্ষীয়ে লাভ কৰিছিল ম’বাইল ফোনৰ অন্তিম অৱস্থিতি ৷ কিন্তু আৰক্ষীয়ে লাভ কৰা নাছিল কোন সন্ধান (Guwahati Gautam Gohain murder case) ৷

অৱশেষত ভবানীপুৰৰ পূব গণেশপুৰৰ বাথৌঘূলীৰ নিজ ঘৰৰ চৌহদতে উদ্ধাৰ হয় গৌতম গোহাঁইৰ মৃতদেহ ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ কোনো লোকৰ সৈতে গৌতমৰ শত্ৰুতা আছিল নেকি সেই সন্দৰ্ভটো অনুসন্ধান অব্য়াহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Narengi murder case : বন্দনাই কেনেকৈ স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.